তথাপিও তাই নাহে(–নয়নমনি শৰ্মা ৰিকু)

তাইৰ স’তে মোৰ সম্পৰ্ক
তেনেই নতুন নহয়
যোৱাবাৰ সোৱনশিৰি গৰ্ভৱতী হওঁতেই
তাইৰ স’তে মোৰ সম্পৰ্ক গঢ়ি উঠিছিল
বৈধ বা অবৈধ
সৃষ্টি বা ধ্বংস অথবা
কালজয়ী প্রেমৰমালিতাও হ’ব পাৰে
হয়তো হ’ব পাৰে ঘৰ্মাক্ত
শ্রমিকৰ ক্ৰোধৰ পেৰাৰ দৰে

এতিয়া উন্মাদৰ দৰে
বিচাৰি ফুৰো তাইক
অলিয়ে-গলিয়ে
মহাসমৰৰ নিহত সৈনিকৰ কফিনবোৰত
গাঁৱৰ মৰিশালিখনত
আৰু তোমাৰ বুকুত 
তুমি আছা নেকি পথৰুঘাটৰ ৰণক্ষেত্রত
কিম্বা
বিজয়া দশমীৰ সেমেকা চকুহালত
সোৱনশিৰি পুনৰ গৰ্ভৱতী হ’ল
আমাৰ গাঁৱতো মাছৰ দাম কমিল
তোমাৰহে আজৰি নাই সোণ।।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!