তাই ক’লা নে বগা – ড:গীতালী শইকীয়া

I am six when I made to understand that/I who was proudly showing of my 90% in maths was less than my classmate, /At least I’m fairer than you she says, /Sadly looking down at her own 73%marks…(হেমা গোপীনাথন ছাহ)৷

(ছয় বছৰ বয়সত গণিতত ৯৯ % পোৱা ছোৱালীজনীয়ে বুজিছিল যে ৭৩ % নম্বৰ পোৱা ছোৱালীজনীতকৈ তাই তলৰ, কাৰণ নম্বৰ নহ’লেও সেই ছোৱালীজনী আছিল বগা বৰণৰ৷ )

দুপৰীয়াই বৈভৱীয়ে হোৱাটছ এপত কবিতা এটাৰ এই স্তৱকটো পঠিয়াইছিল৷ একে উশাহতে স্তৱকটো পঢ়ি পেলালোঁ৷ ভাবিলোঁ গধূলি কবিতাটো সম্পূৰ্ণকৈ পঢ়িম৷ বৈভৱীৰ লগতো কথা পাতিম৷ অফিচৰ জমা হৈ থকা কামবোৰত মন দিবলৈ চেষ্টা কৰিলোঁ যদিও বাৰে বাৰে বৈভৱীয়ে পঠিওৱা কবিতাৰ স্তৱকটোৱেই মনলৈ আহি থাকিল৷ এই কবিতাটোৰ কথাবোৰ যেনেদৰে বৈভৱীৰ লগত মিলিছে, তেনেদৰেই মোৰ চিনাকি আন বহু নাৰীৰ লগতেচোন মিল আছে৷ অফিচ ছুটীৰ পিছত সেইদিনাই ৰশ্মিক লগ পালোঁ৷ কাকতালীয় সংযোগ বুলিয়েই ক’ব পাৰি৷ প্ৰসাধন সামগ্ৰীৰ কোনোবা সংস্থা এটাত তাই চাকৰিত সোমাল৷ সাধাৰণতে প্ৰসাধনৰ পৰা দূৰৈতে থকা মইজনী সেইদিনা তাইৰ কথাৰ পাকচক্ৰত পৰিলোঁ অফিচৰ পৰা অহাৰ পথত৷ বৰ আগ্ৰহেৰে চিনাকি চাহৰ দোকানখনলৈ তাই মোক মাতি নিলে৷ চাহৰ টেবুলত বহাৰ পিছতে কেইবাটাও বিভিন্ন নামৰ মুখত ঘঁহা ক্ৰীম উলিয়াই তাই ক’লে- ’বা, এইটো লওক, বগা হোৱা ক্ৰীম৷ ’ ভদ্ৰতাৰ খাতিৰতে ক্ৰীমটো হাতত তুলিলৈ তাইক ঘূৰাই দিলোঁ৷ মোৰ মিঠা বৰণটোক লৈ মই বা মোৰ পৰিয়ালৰ কোনেও হীনমন্যতাত ভোগা নাই, তেন্তে এইৰ বা মোৰ ৰংটোক লৈ ইমান উদ্বিগ্ন হোৱাৰ কি প্ৰয়োজন? নতুন চাকৰিৰ বাবে তাইক শুভেচ্ছা জনাই চাহৰ পইচাও ময়ে দিলোঁ৷ এপদো সামগ্ৰী মোক দিব নোৱৰাত কিছু অভিমানেৰেই তাই মোৰ পৰা বিদায় ল’লে৷ যোৱাৰ সময়ত ক’লে-’আপুনিহে বগা হোৱা ক্ৰীম নলগায়, এই ক্ৰীমটোৰ বহুত গ্ৰাহক৷ ’ মনতে ভাবিলোঁ, হেমা গোপীনাথৰ কবিতাটো বৈভৱীয়ে মোলৈ পঠিওৱাৰ অন্তৰালতো ক’লা ছালৰ অধিকাৰী হোৱা বাবেই তাই সন্মুখীন হোৱা অস্বস্তিকৰ পৰিস্থিতি আৰু তাইৰ অভ্যন্তৰত আন কোনেও নেদেখা ধুমুহাজাকেইতো আছে৷

২০১২ চনৰ পৰা বৈভৱীৰ লগত মোৰ বন্ধুত্ব৷ গৱেষণা কৰ্মত নামভৰ্তি কৰাৰ পিছতে মেঘালয়ৰ ইউনিভাৰ্ছিটী অৱ ছায়েন্স এণ্ড টেকন্লজিত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় চেমিনাৰ এখনত তাইক লগ পাইছিলোঁ৷ ক্ষন্তেকৰ পৰিচয় পিছলৈ ভাল বন্ধুত্বত পৰিণত হ’ল৷ মোৰ দৃষ্টিত বাহিৰে ভিতৰে অতি ধুনীয়া বৈভৱী৷ দিল্লী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া তাই, অথচ তাইৰ মনত পাকঘূৰণি খাই আছে এটা কথাই-তাই ক’লা৷ তাইৰ স্বভাৱ চৰিত্ৰ আৰু উচ্চ শিক্ষাতকৈ যেতিয়া তাইৰ শৰীৰৰ বৰণটোৱেহে প্ৰাধান্য পায়, তেতিয়াই তাই গুচি যায় অভিজাত পাৰ্লাৰলৈ, খৰচ কৰে কষ্টোপাৰ্জিত বহুত বহু টকা বগা হোৱা ক্ৰীমৰ নামত৷ গধূলী বৈভৱীলৈ ফোন কৰিলোঁ, তাই ক’লে-’কালী’কবিতাটো পঢ়ি চাবাচোন – ফেচবুকত ভাইৰেল হোৱা কবিতাটোৰ ৰচক হেমা এগৰাকী ব্লগাৰ৷ ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে অভিজাত বাতৰিকাকতৰ সাংবাদিকে হেমাৰ সাক্ষাৎকাৰো লৈছে তেওঁ লিখা ’কালী’ নামৰ কবিতাটোৰ বাবেই৷ সমগ্ৰ বিশ্বৰ ভিন্ন ঠাইৰ যুৱক যুৱতীয়ে কথা পাতিছে হেমাৰ লগত কবিতাটোৰ বাবেই৷ ’

বৈভৱীয়ে ইমান প্ৰশংসা কৰাৰ পিছত কবিতাটো নপঢ়াৰ কোনো অজুহাতেই মোৰ নাছিল৷ কবিতাটোৰ প্ৰতিটো স্তৱকতে আছে এজনী ক’লা বৰণৰ ছোৱালীয়ে জন্মৰে পৰা সন্মুখীন হোৱা তিক্ত অভিজ্ঞতাৰ সাৱলীল বৰ্ণনা৷ ক’লা হোৱাৰ বাবেই হেমাক মাতৃয়ে সকলো সময়তে সকীয়াই আছিল ভালদৰে পঢ়াশুনা কৰিবলৈ৷ তাইক কোৱা হৈছিল যে নিজৰ পৰিচয় সৃষ্টি কৰিবলৈ হ’লে তাইৰ বাবে এইটোৱেই পথ খোলা আছে৷ বগা ছোৱালীবোৰে এনেয়েও সমাজৰ পৰা আদৰ পায়৷ হেমাই অনুভৱ কৰিছিল ক’লা ছোৱালীজনীক জন্ম দিয়াৰ বাবে মাকেও যেন অপৰাধবোধত ভোগে৷ বৈভৱীয়েও এদিন কৈছিল, ঘৰৰ সকলো সদস্য উচ্চ শিক্ষিত যদিও, বৈভৱীৰ ছালৰ বৰণৰ বাবেই তাই নিজৰ ঘৰতেই মাজে মাজে অপমানিত হয়৷ ভনীয়েকৰ বগা মুখখনে ঘৰখন পোহৰাই ৰাখে বুলি কোৱা মাকে কোনোদিনে নকয় যে তেওঁক মানুহে অতি মেধাবী বৈভৱীৰ মাক বুলিহে চিনি পায়৷ বৈভৱীক আইতাকেও মৰমতে ’কালী’ বুলি মাতে৷ আমাৰ চিনাকি সৰ্বগুণসম্পন্না ৰূপহী বাইদেউৰ মৰমত মতা নাম ’ক’লী’৷ ঠাই আৰু সমাজ ভিন্ন হ’লেও ক’লা বগাক লৈ চলা এই বৈষম্য প্ৰত্যেক সমাজতে আজিও আছে৷ বৈভৱীৰ মুখতে শুনিলোঁ, তাইৰ উত্তৰ ভাৰতীয় সহপাঠীয়ে দক্ষিণ ভাৰতীয় সহপাঠীক কয়-উত্তৰ ভাৰতৰ মানুহৰ মানুহৰ সৌন্দৰ্য আছে, দক্ষিণ ভাৰতৰ মানুহৰ আছে মগজু৷ অথচ, উচ্চ শিক্ষিতৰ মোহৰ মাৰি ফুৰা এইসকলে নাজানে যে পশ্চিমৰ শ্বেতাংগসকলে কেৱল নিগ্ৰোসকলক ’ব্লেক পিপ’ল ’বুলি নকয়, ভাৰতীয় সকলকো কয়৷ বৈভৱীক বাৰে বাৰে বুজাওঁ মই কওঁ–কেনেদৰে ’বগা’ বৰণটোৰ প্ৰতি মানুহৰ অহেতুক আকুলতাই ফেয়াৰনেছ ক্ৰীমৰ বজাৰখনক ব্যাপক সফলতা দিয়াৰ লগতে সেই ক্ৰীম ব্যৱহাৰকাৰীসকলক উপহাৰ দিছে মাৰাত্মক ৰোগ৷ বৈভৱীৰ সন্মুখত উদাহৰণ হিচাপে দাঙি ধৰোঁ ভিন্ন ক্ষেত্ৰৰ বহু সফল নাৰী পুৰুষৰ নাম- বাৰাক অ’বামা, মিচ্ছেল অ’বামা, নেলছন মেণ্ডেলা, টনী মৰিছন, অভিনেত্ৰী ৰেখা…আৰু সেই তালিকাত নিশ্চয়কৈ থাকে মোৰ প্ৰিয় বৈভৱীৰ নামো৷ বৈভৱীয়ে খিলখিলাই হাঁহে, সৰুকৈ কয়- পাগলী! মোৰ মন ভৰি পৰে৷ তাইলৈ পঠিয়াই দিওঁ ক’লা নাৰী মায়া এঞ্জেল’ৰ কবিতাৰ স্তৱক– ’You may shoot me with your words, /You may cut me with your eyes, /You may kill me with your hatefulness, /But still, like air, I will rise’ (তোমাৰ শব্দৰে মোক গুলীয়াব পাৰা, তোমাৰ দৃষ্টিৰে মোক কাটি পেলাব পাৰা, তোমাৰ ঘৃণাৰে মোক মাৰি পেলাব পাৰা/কিন্তু তথাপি, বতাহৰ দৰেই মই উৰ্ধ্বমুখী হ’ম- Still I rise.)

মোক আচৰিত কৰি কেইদিনমানৰ পিছতে বৈভৱীয়ে পঠিয়াই দিলে The Dark is Beautiful’নামৰ প্ৰচাৰ অভিযানটোৰ ভিন্ন তথ্য৷ নন্দিতা সেনৰ দৰে অভিনেত্ৰীৰ লগতে বহু যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰা প্ৰচাৰ অভিযানটোৱে বগা ছালকহে মৰ্যাদা দিয়াসকলৰ মনলৈ পৰিৱৰ্তন আনিব পাৰিবনে নাই নাজানো, কিন্তু ক’লা ছালৰ গৰাকীৰো হৃদয়ত পোহৰৰ যে সাগৰ ওফন্দি থাকে সেই কথা বৈভৱীৰ পৰা শিকিব পাৰি৷ হোৱাটছ্ এপত তাই পঠিওৱা বস্তি অঞ্চলৰ অনাথ শিশুজাকৰ মাজত তাইৰ ক’লা মুখখন এপাহ সূৰ্যমুখী যেন দেখোঁ৷ কৃপণালী নকৰাকৈ ময়ো কওঁ The Dark is Beautiful’.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!