তাৰিখ, মূলঃ-বাংলা,লিখকঃ-তাইমুৰ মাহমুদ শমীক (বাংলাদেশ)

অনুবাদঃ-অমৃত বৰঠাকুৰ।

বাৰ বছৰৰপৰা মই চিকিৎসালয় এখনৰ মৰ্গত চাকৰি কৰি আছোঁ। মৃতদেহৰ পেণ্ট-চাৰ্টৰ পকেটত হাত ভৰাই, মৃতকৰ সৈতে শেষ সময়ত থকা সামগ্ৰী কেইপদ বিচাৰি চোৱা কামটো মোৰ দায়িত্বৰ ভিতৰত পৰে। সেইদিনা, যিটো মৃতদেহৰ পকেটত হাত ভৰাইছিলোঁ, সেইটো পকেটত মোৰ ফ’টো এখন ওলাল। সেই ফ’টোখন, মোৰ কাষত পৰি থকা মৃতদেহটোৰ দৰেই স্থিৰ হৈ আছিল। মোৰহে হাতখন কঁপিছিল।

 

মোৰ নাম ৰমজান আলী। কাগজে কলমে মই চাকৰি কৰি থকা বিষয়-বাবটোৰ নাম মৰ্গ সহকাৰী। মানুহে কয় শৱ-কটা মানুহ। মোৰ চাকৰিটো এটা সংস্থাৰ যোগেদি লাভ কৰা। বাৰ বছৰ হ’লহি এতিয়াও চাকৰিটো স্থায়ী হোৱাগৈ নাই। দৰমহাটো ঠিকাদাৰৰ হাতেৰে আহে। ইহাত-সিহাত হৈ মোৰ হাতত পৰে মানে, মাহটোৰ প্ৰথম চাৰি-পাঁচ দিন পাৰ হৈ যায়। বিয়াৰ সময়ত শহুৰৰ ঘৰত কোৱা হৈছিল যে মই এখন চিকিৎসালয়ত চাকৰি কৰোঁ। কথাটো মিছা নাছিল, মাত্ৰ সম্পূৰ্ণ সত্যটো কোৱা হোৱা নাছিল। সিদিনা অলপতে মোৰ ছোৱালীজনীৰ সৈতে একে শ্ৰেণীতে পঢ়া, কোনোবা এজনীৰ মাকে ক’ৰপৰা জানো মোৰ চাকৰিটোৰ কথা গম পালে, বচ তাৰ পাছত কথাটো সকলোৱে গম পাই গ’ল। ছোৱালীজনীয়ে সেইদিনা স্কুলৰপৰা উভতি অহাৰ পাছত, ভাত নোখোৱাকৈ থাকিল। এই চহৰখনত মানুহে মৃতদেহক ভয় নকৰে। ভয় কৰে মৃতদেহক স্পৰ্শ কৰা মানুহবোৰকহে।

 

মই কৰা কামটোৰ মাত্ৰ এটাই অলিখিত নিয়ম— মৃতদেহৰ মুখলৈ নাচাবা। মৃতদেহৰ মুখলৈ চালেই, তেওঁ তোমাৰ আত্মীয় হৈ যায়। বাৰ বছৰ ধৰি, মই এই নিয়মটো মানি আহিছোঁ। এবাৰো ব্যতিক্ৰম হোৱা নাই। মই মাত্ৰ মৃতদেহটোৰ হাত কেইখন, ভৰি কেইখন, গা-টো, পিন্ধি থকা কাপোৰ সাজতহে চকু ফুৰাওঁ। বিগত এই বাৰ বছৰত, মই ঢেৰ পকেট দেখিছোঁ। মানুহৰ মৃত্যুৰ সময়ত, পকেটত কি থাকে, সেই কথা এই চহৰখনত মোতকৈ কোনেও ভালকৈ নাজানে। বাছৰ টিকট, আধাখিনি শেষ হোৱা টেবলেটৰ এটা ষ্ট্ৰীপ, তিনি বছৰৰ আগৰ এখন ভাঁজ কৰা প্ৰেচক্ৰিপচন, সৰু ল’ৰা-ছোৱালীৰ পাছপোৰ্ট জোখৰ ফ’টো, দোকানৰ উঠনা খোৱা বহীখনৰ পৰা ফালি থোৱা এটা পৃষ্ঠা, কাগজত লিখি থোৱা ম’বাইল ফোনৰ নম্বৰ যাৰ নামৰ ঠাইত মাত্ৰ এটা আখৰ। এবাৰ ৰিক্সাচালক এজনৰ পকেটত পাইছিলোঁ, জীয়েকৰ স্কুলত ভৰ্তি কৰাৰ এখন প্ৰপত্ৰ। প্ৰপত্ৰখন পূৰাই থোৱা আছিল, জমা দিয়াহে নহ’ল। বেছিভাগ পকেটতে কম মূল্যৰ নোটহে পোৱা যায়। হয়তো ডাঙৰ সংখ্যাৰ নোটবোৰ খৰচ হৈ যায় অথবা তেনেকুৱা নোট মানুহে পকেটত লৈ বৰকৈ নুঘূৰে।

 

ঘটনাটো যোৱা বুধবাৰৰ। ৰাতিপুৱা ন-মান বজাত পুলিচে মৃতদেহটো গাড়ীৰপৰা নমাই, মৰ্গৰ চেঁচা পকী বিছনাখনত শুৱাই দিলেহি। ঘটনাটো শ্যামলী চ’কত পুৱাই ঘটিছিল। বাছ এখনৰ সৈতে, মটৰ চাইকেল এখনৰ খুন্দিয়া-খুন্দি। মানুহজনে মটৰ চাইকেলখনেৰে ৰাইড শ্বেয়াৰীং কৰিছিল। বয়স চল্লিশ বছৰতকৈ কম হ’ব। ফাটি যোৱা হেলমেটটো পুলিচে পলিথিনৰ মোনা এটাত ভৰাই আনিছে। বাওঁ হাতত এটা সস্তীয়া হাতঘড়ী, ঘড়ীটোৰ কাঁচখন চূৰ্ণকৃত। ঘণ্টা আৰু মিনিটৰ কাঁটা কেইডাল ছয় বাজি চল্লিশ মিনিটত স্তব্ধ হৈ আছে।

 

এছ.আই. ছাৰে চুৰত-হাল (যথা স্থিতি) লিখিবলৈ বহিল, “ৰমজান, পকেট খালী কৰা।”

 

সোঁ পকেটত ম’বাইল, স্ক্ৰীনখন ভাঙি গুড়ি হৈ গৈছে। বাঁও পকেটত মানিবেগ। তাৰ ভিতৰত তিনিশ চল্লিশ টকা, এন.আই.ডি. কাৰ্ড (ভাৰতৰ আধাৰ কাৰ্ডৰ সমান), ড্ৰাইভিং লাইচেন্স আৰু টকা ৰখা খাপটোৰ পিছৰ খাপটোত ভাঁজ কৰা এখন ফ’টো। ফ’টোখন কোনোবা কম্পিউটাৰ দোকানত প্ৰিণ্ট কৰা। লেমিনেট কৰিবলৈ টান পাই, স্বচ্ছ চ্যেলুলয়ড টেপেৰে মেৰিয়াই ৰখা যাতে ঘাম বা পানীৰ স্পৰ্শত ফ’টোখন নষ্ট হৈ নাযায়। ফ’টোখনত চাৰিজন মানুহ। আটাইকেইজনে পি.পি.ই. পিন্ধি, এটা কবৰৰ ওচৰত আঁঠু কাঢ়ি বহি আছে। বৰষুণ পৰি আছিল, ফ’টোখনত বৰষুণৰ টোপালবোৰো জিলিকি আছিল। বহি থকা মানুহ চাৰিজনৰ মাজৰ এজনৰ মূৰৰ হুদখন পিছ ফাললৈ ওলমি আছে। একমাত্ৰ তেওঁৰ মুখখনহে চিনিব পৰা হৈ আছে। সেইখন মোৰেই মুখ। ফ’টোখন লুটিয়াই চাই দেখিলোঁ, বল-পইণ্ট কলমেৰে লিখা এটা তাৰিখ। তাৰিখটোৰ তলত চাৰিটা শব্দৰ এটা বাক্য, “এই মানুহজনক বিচাৰি ফুৰিছোঁ।”

 

ওচৰতে ৰৈ থকা সুবলদাই প্ৰশ্ন কৰিলে, “কি হ’ল, গা-টো বেয়া লাগিছে নেকি?”

 

ক’লো, “নাই লগা।”

 

বাৰ বছৰৰ চাকৰি কালত, এইটোৱেই মই কোৱা আটাইতকৈ ডাঙৰ মিছা কথা।

 

২০২১ চনৰ কথা— হস্পিটেলবোৰত অক্সিজেন নোহোৱা হৈ গৈছিল আৰু কবৰস্থানত কবৰৰ বাবে ঠাইৰ অভাৱ হৈছিল। সেই সময়ত এই চহৰখনৰ আটাইতকৈ প্ৰয়োজনীয় মানুহৰ মাজত আমাৰকেইটাৰ নাম আছিল। যি কেইটা মানুহে বছৰ-বছৰ ধৰি মৃতদেহত হাত ফুৰাইছে, এই কামটো তেওঁলোকৰ কান্ধতে ন্যস্ত হৈছিল। হস্পিটেলৰপৰা আমাক কোৱা হ’ল যে শৱদেহবোৰ আমিয়েই দফন কৰিব লাগিব। দৰমহা কিন্তু এটকাও বঢ়াই দিয়া নাছিল ‌। মাত্ৰ দুটা পি.পি.ই. কিট আৰু এখন মাক্স বেছিকৈ পাইছিলোঁ। সেই দিনটো মোৰ আজিও মনত আছে। আহাৰ মাহ। মানুহজনৰ নাম আছিল ‘আব্দুল ৱাহাব’। বয়স আঠষষ্ঠি বিপত্নীক। ল’ৰা এটা, চৌদি আৰৱত থাকে। চাকৰিৰপৰা ছুটী নোপোৱাৰ বাবে আহিব পৰা নাই। ইফালে সেই সময়ত উৰাজাহাজৰ টিকটৰ দামেও আকাশ স্পৰ্শ কৰিছিল। কোনো এজন চুবুৰীয়াও তেওঁৰ মৃতদেহ সৎকাৰৰ বাবে আগবাঢ়ি নাহিল। সেই সময়ত মানুহে নিজৰ দেউতাককে স্পৰ্শ কৰিবলৈ সাহস নকৰে। গতিকে কাকো দোষ দিব নোৱাৰি। কাৰণ ভয় মানুহৰ স্বাভাবিক প্ৰতিক্ৰিয়া।

 

পুতেকে ‘ভিডিঅ’ কল’ কৰিছিল। নাৰ্চ বাইদেউ গৰাকীয়ে ফোনটো মোৰ হাতত দিছিলহি, “ৰমজান ফোনটো ধৰাচোন।” মই পি.পি.ই. কিটৰ সন্মুখৰ ভাগ দাঙি লৈ, ফোনটোৰ স্ক্ৰীণলৈ চালোঁ। স্ক্ৰীণখনত উকা গা-ৰে এটা ল’ৰা ৰৈ আছিল। তাৰ পিছফালে এখন লো-ৰ খাটিয়া, বোধহয় কোনো এটা মেছৰ এটা কোঠাৰপৰা তেওঁ কথা পাতিছে। ল’ৰাটোৱে চিঞৰ-বাখৰ কৰা নাছিল বা কন্দাও নাছিল। তেওঁ মাত্ৰ কৈছিল, “দাদা, দেউতাক সোঁফালে অকণমান কাতি কৰি শুৱাই দিয়কচোন। দেউতাই গোটেই জীৱনটো সোঁফালে কাতি হৈয়েই শুই আহিছে।” মই মৃতদেহটো সোঁফালে কাতি কৰি দিলোঁ ‌। ল’ৰাজনে বহুপৰ একেথৰে দেউতাকৰ মৃতদেহটোৰফালে চাই থাকিল। তাৰ পাছত সুধিলে, “দাদা, আপোনাৰ নামটো কি বাৰু?”

 

ঠিক সেই সময়তে কোনোবাই পিছফালৰপৰা চিঞৰিলে, “ঐ লাচ গাড়ীত উঠাবৰ হ’ল।” মই ফোনটো নাৰ্চ বাইদেউক ওভতাই দিলোঁ। ল’ৰাজনৰ প্ৰশ্নটোৰ উত্তৰ দিয়া নহ’ল।

 

বিয়লি ৰায়-বজাৰ কবৰস্থানত উপস্থিত হ’লোগৈ। তেতিয়া ধাৰাষাৰ বৰষুণ দি আছিল। ইমাম চাহাবে দূৰৈত ৰৈ থাকিয়েই জানাজা পঢ়িলে। কবৰত মাটি দিয়াৰ সময়ত, ঘাম বৈ আহি চকুত সোমাই, চকু কেইটা পুৰিছিল। সেই কাৰণে পি.পি.ই. কিটৰ হুডটো আঁতৰাই দিছিলোঁ। বাঁহৰ খুঁটা এটাত মাৰ্কাৰ পেনেৰে নামটো লিখিলোঁ, “আব্দুল ৱাহাব।”

 

সেই সময়তে কোনোবা এখন সংবাদপত্ৰৰ ফ’টো সাংবাদিক এজনে, দূৰৰপৰা দুখনমান ফ’টো তুলিছিল।‌ তাৰে এখন পিছদিনাৰ বাতৰি কাকতৰ ভিতৰত পৃষ্ঠাত ছপা হৈ ওলাইছিল। সেই বিশেষ ফ’টোখন ফেচবুকতো কেইদিনমান চলি আছিল। তাতে কোনোবাই-কোনোবাই মন্তব্য কৰিছিল, “এইসকলেই আচল নায়ক।” তিনিদিনৰ পাছত সকলোৱে এইবোৰ কথা পাহৰি গ’ল। পাহৰি যোৱাটোৱেই স্বাভাবিক। এনেয়েও এইবোৰ কথা মনত ৰখাৰ প্ৰয়োজনো নাই।

 

এছ.আই. চাহাবে তেতিয়া মানুহজনৰ এন.আই.ডি. কাৰ্ডখন হাতত লৈ নামটো লিখিছিল, “নামঃ-মঃ চাহজাহান, পিতাঃ-মঃ আব্দুল ৱাহাব।” নামটো একেবাৰে সাধাৰণ কিন্তু সেই মানিবেগৰ ভিতৰত যিখন ফ’টো আছিল, সেইখন সাধাৰণ নাছিল। এই দেশখনত সেই খনেই, সেই বিশেষ মুহূৰ্তটোৰ একমাত্ৰ ফ’টো আছিল।

 

বাৰ বছৰৰ চাকৰি কালত মই কেতিয়াও ভয় খোৱা নাছিলোঁ কিন্তু সেইদিনা গ্ল’ভচৰ ভিতৰত মোৰ হাতৰ আঙুলিবোৰ চেঁচা হৈ, জঠৰ হৈ পৰিছিল। আবেলিলৈ মহিলাগৰাকী আহিল। বয়স প্ৰায় ত্ৰিশৰ ওচৰা-উচৰি। কোলাত এটা কেঁচুৱা, বয়স দুবছৰমান হৈছে। তেওঁ মৃতদেহ চিনাক্ত কৰি কাগজত টিপচহী দিলে। তাৰ পাছত মৃতদেহৰ সৈতে পোৱা সামগ্ৰী কেইপদ তেওঁক চমজাই দিয়াৰ সময়ত, তেওঁ মানিবেগটো খুলিলে। তেতিয়া আকৌ সেই ফ’টোখন ওলাই আহিল। তেওঁ বহুপৰ ফ’টোখন একেথৰে চাই থাকিল। তাৰ পাছত নিজকে কোৱা দি ক’লে, “এই মানুহজনক লগ নোপোৱাকৈয়ে তেওঁ গুচি গ’ল।”

 

মই সুধিলোঁ, “বাইদেউ, এই ফ’টোখন তেখেতে বাৰু কিয় পকেটত ৰাখিছিল?

 

মহিলাগৰাকীয়ে ক’লে, “তেওঁৰ দেউতাক কৰ’ণাত ঢুকাইছিল। তেওঁ তেতিয়া চৌদিত আছিল। ইয়ালৈ উভতি আহি, এই ফ’টোখন প্ৰিণ্ট কৰি মানিবেগত ভৰাই থৈছিল। প্ৰত্যেক বছৰ দেউতাকৰ মৃত্যুৰ দিনটোত তেওঁ হস্পিটেললৈ আহি, গেটৰ মুখত ৰৈ, মানুহক ফ’টোখন দেখুৱাই সুধি ফুৰিছিল, “এই মানুহজনক চিনি পায়নে?” অকণমান ৰৈ তেওঁ আকৌ ক’লে, “যোৱা বছৰ তেওঁ ফেচবুকতো এই ফ’টোখন প’ষ্ট কৰি সুধিছিল, এই দাদাজনক কোনোবাই চিনি পায় নেকি বাৰু?” প’ষ্টটোত দুই হেজাৰ ‘লাইক’ পৰিছিল কিন্তু ফ’টোখনত দেখা পোৱা মানুহজনৰ চিনাকি কোনেও দিয়া নাছিল। হস্পিটেলৰ মানুহেও ফ’টোখন চিনি পোৱা নাছিল। কোনোবাই কৈছিল যে এই মানুহজনৰ চাকৰি এৰি গুচি গৈছে, কোনোবাই কৈছিল, মানুহজনে এতিয়া বেলেগ কোম্পানীত চাকৰি কৰে। তেওঁ কৈছিল, “মানুহজনক মই মাত্ৰ নামটো সুধিছিলোঁ কিন্তু তেওঁ সেইটোও নক’লে! দেউতাক কবৰ দিয়াৰ সময়ত, মই উপস্থিত থাকিব পৰা নাছিলোঁ, আছিল এজন অচিনাকি মানুহ। সেই মানুহজনক আজিও ধন্যবাদ এটা জনাব নোৱাৰিলোঁ।”

 

মই বাৰ বছৰ ধৰি মৌন হৈ থকা এজন মানুহ। মোৰ যিটো চাকৰি, তাত কথা কোৱাৰ প্ৰয়োজন নহয়। মৰা মানুহে প্ৰশ্ন নকৰে। কিন্তু সেইদিনা ডিঙিত কিবা এটা লাগি ধৰা যেন অনুভৱ হৈছিল।

 

মহিলাগৰাকীক ক’লোঁ, “বাইদেউ, এই ফ’টোখনত থকা মানুহজন ময়েই।”

 

মহিলাগৰাকীয়ে যেন প্ৰথমতে মোৰ কথাষাৰ বুজি পোৱা নাছিল। তেওঁ মোৰ মুখলৈ চালে, তাৰ পাছত এবাৰ ফ’টোখনলৈ। পি.পি.ই. কিট পিন্ধি থকা এখন মুখ আৰু এতিয়া মৰ্গৰ সন্মুখত থিয় হৈ থকা মানুহজনৰ মুখৰ মাজত মিলখিনি বিচাৰি পাবলৈ অলপ সময়ৰ প্ৰয়োজন।

 

কেঁচুৱাটোৱে তেতিয়া কান্দিছিল।‌ তেওঁ তাক সাবটি ধৰি পিঠিখন মোহাৰি আছিল, “চাৰি বছৰ, চাৰি বছৰ ধৰি …….…।” তাৰ পিছৰ শব্দকেইটা তেওঁৰ মুখত নুফুটিল।

 

মই ক’লোঁ, “বাইদেউ, চাঙীখন মই ধৰি দিছোঁ।” তেওঁ মূৰ দুপিয়াই নীৰৱে সমৰ্থন জনালে। শৱদেহটো এম্বুলেন্সত তোলাৰ সময়ত, মই সন্মুখৰফালে ধৰিলোঁ। বিগত বাৰ বছৰত, এই কামটো মই কেতিয়াও কৰা নাছিলোঁ। আমি মাত্ৰ শৱদেহটো মৰ্গৰপৰা বাহিৰলৈ উলিয়াই দিওঁ। আমাৰ দায়িত্ব সিমানেই। পিছৰ কামখিনি, শৱদেহ চমজি ল’বলৈ অহা পৰিয়ালবৰ্গৰ।

 

যোৱাৰ সময়ত মহিলাগৰাকীয়ে ফ’টোখন মোৰ হাতত দি ক’লে, “এইখন আপোনাৰ হাততে থাকক। তেওঁতো এইখন দেখুৱায়েই আপোনাক বিচাৰি ফুৰিছিল।”

 

এম্বুলেন্সখন শৱদেহটো লৈ আঁতৰি যোৱাৰ পাছত, মই বহু সময়, গেটখনৰ সন্মুখত, একে ঠাইতে ৰৈ থাকিলোঁ। চাৰি বছৰ ধৰি, সেই মানুহজনে এই গেটখনৰ কাষতে ৰৈ মোক বিচাৰি ফুৰিছিল। মই এই গেটখনেদিয়েই সদায় মৰ্গলৈ সোমাই আহিছিলোঁ, এইখন গেটেৰেই ওলায়ো গৈছিলোঁ। কেতিয়াবা হয়তো তেওঁৰ কাষেদিয়েই। মানুহে বহু সময়ত, বিচাৰি ফুৰা মানুহজনৰ গাত গা ঘঁহায়েই পাৰ হৈ যোৱা হয়। চিনি পাবলৈ নাম এটাৰ প্ৰয়োজন। তেওঁৰ ওচৰত সেইটোৱেই নাছিল।

 

ৰাতি ঘৰলৈ উভতি, ছোৱালীজনীক ওচৰলৈ মাতি আনি ক’লোঁ, “আহ, আজি তোক এখন ফ’টো দেখুৱাওঁ।”

 

তাই বহুপৰ ফ’টোখনলৈ চাই থাকি সুধিলে, “দেউতা, এইজন তুমি?”

 

মই উত্তৰ দিলোঁ, “ওঁ।”

 

তাই ক’লে, “ফ’টোখনত তোমাক হিৰ’ৰ নিচিনা লাগিছে।”

 

বাৰ বছৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে, মোৰ ছোৱালীজনীক মই কৰি থকা চাকৰিটোত দখল কৰি থকা পদবীটোৰ নামটো ক’ব পাৰিলোঁ। বাৰ বছৰে মই এই দুখন হাতেৰে হাজাৰটা পকেট লুৰুকিছোঁ। এই দীৰ্ঘদিনীয়া অভিজ্ঞতাৰপৰা বুজিছোঁ, মানুহে মৃত্যুৰ সময়ত পকেটত টকা নাৰাখে। ৰাখে একোটা অসমাপ্ত কাম। কাৰোবাৰ পকেটত থাকে, প’ষ্ট নকৰা এখন চিঠি, কাৰোবাৰ পকেটত শোধাই নিদিয়া ঋণ। সেই মানুহজনৰ পকেটত আছিল এটা জনাব নোৱৰা ধন্যবাদ।

 

সেই ধন্যবাদটোৰ সৈতে জড়িত হৈ আছিল মোৰ নামটো, যিটো মানুহজনক কোৱা হোৱা নাছিল। চাৰি বছৰ ধৰি মই এজন অচিনাকি মানুহৰ পকেটত সোমাই আছিলোঁ। সেই কথাটো মই একেবাৰে জনা নাছিলোঁ।

 

এতিয়া সেই ফ’টোখন মোৰ পকেটত থাকে। কেতিয়াবা, কোনোবাই হয়তো মোৰ পকেটটোও লুৰুকিব। এইটো আমাৰ চাকৰি। আমাৰ হাত দুখনৰপৰা কোনো মৃতদেহ সাৰি নাযায়। যিজনে মোৰ পকেটত হাত ভৰাই, তেওঁ এই চিঠিখন পাব। তেওঁ দেখিব, শুভ্ৰ পি.পি.ই. কিট পিন্ধি থিয় হৈ থকা চাৰিজন মানুহ, ধাৰাষাৰ বৰষুণ, এটা নতুনকৈ খান্দি থোৱা কবৰ। তেওঁ নুবুজিব, কাহিনীটো কি আছিল।

 

মই জানো, সেইটো এটা চাৰি বছৰ পুৰণি প্ৰশ্নৰ উত্তৰ।

 

“দাদা আপোনাৰ নামটো কি?”

 

“ৰমজান আলি। শৱ-কটা ঘৰত চাকৰি কৰোঁ। আপোনাৰ দেউতাক, ময়েই সোঁফালে কাতি কৰি শুৱাই দিছিলোঁ।”

 

(বিঃদ্ৰঃ-গল্পটোত ইচ্ছাকৃতভাৱে কিছুমান ইংৰাজী শব্দ অনুবাদ নকৰি মাত্ৰ লিপ্যন্তৰ কৰাহে হৈছে।)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments