তিনিটা অকবিতা-ঋতুৰাজ বৰুৱা
১/ ৰাজনীতি
——————-
যদিও ভোক আৰু ভাতক লৈ
সহজ অংক এটা এতিয়াও
কৰিব পাৰি
ভোকাতুৰ বোৰ কিন্তু আগৰ দৰে
সৰল হৈ ৰোৱা নাই
সেয়ে সুবিধা পালেই ঢপলিয়াই
কেতিয়াবা বাওঁফালে
কেতিয়াবা সোঁফালে
২/ নেতা
————-
তেওঁ ক’লে মোৰ লগে লগে আহি থাকা
আমি আহি আছিলোঁ
এদিন তেওঁ বুদ্ধি দিলে
আমি ভাগ ভাগ হ’লোঁ
কোলাহল আৰু হাই-উৰুমিৰ বাঢ়িলত
হঠাৎ এদিন তেওঁ নোহোৱা হ’ল
তাৰ পাছৰে পৰা আমি দেখিছিলোঁ
চল চাই চাপৰ মাৰি যোৱা ছাঁ এটাক
ভাগ ভাগ হোৱা মানুহবোৰৰ আগে আগে গৈ থকা
৩/ জাতীয়তাবাদ
———————–
মহন্তৰ চিন মাহনিত
বুঢ়া গৰুৰ চিন ঘাঁহনিত
মাহনিও সৰিল
বুঢ়া গৰুও মৰিল
চোৱাও নহ’ল, চিনাও নহ’ল
বেপাৰী মহন্তই বহুৱালে হাট
বুঢ়া গৰুৰে গোহালি ভৰিল■■