তিনিটা প্ৰশ্ন ( ভাস্কৰজ্যোতি বৰুৱা )
অগ্ৰাধিকাৰ৷ হয়, জীৱনত বহু সময়ত কোনোটোতকৈ কোনোবাটোক অগ্ৰাধিকাৰ দিবলগা হয়৷ সিদ্ধান্ত ল’বলগা হয় কোনটো কাম আগত আৰু কোনটো পাচত৷ অৱশ্যে সদায়ে সহজ হৈ নাথাকে এনে সিদ্ধান্ত লোৱাটো৷ তেনেক্ষেত্ৰত কেতিয়াবা আমি মানো হৃদয়ৰ আবেদন আৰু কেতিয়াবা বিবেকৰ বুজনি৷ সৰ্বাত্মক বিত্তীয় পৰিকল্পনা কৰিবলৈ যাওঁতেও প্ৰক্ৰিয়াটোত পৰিকল্পনাকাৰীয়ে সোধা বহু প্ৰশ্নৰ মাজৰ কিছুমান হৈছে ব্যক্তিজনৰ লক্ষ্যকেন্দ্ৰিক৷ সোধা হয় ব্যক্তিজনৰ সেই লক্ষ্যবোৰৰ বিষয়ে যিবোৰক তেখেতে সময়মতে সফলতাৰে পাব বিচাৰে৷ জুখিবলৈ যত্ন কৰা হয় বৰ্তমানৰ টকাৰ মূল্যত সিহঁতৰ ওজন৷ সাধাৰণতে এজন ব্যক্তিৰ যিহেতু এটাই মাত্ৰ বিত্তীয় লক্ষ্য নাথাকে, সেয়ে কোৱা হয় লক্ষ্যবোৰক প্ৰয়োজনীয়তাৰ ভিত্তিত ক্ৰম হিচাপে সজাবলৈ৷ যেতিয়া অৰ্থৰ উৎস প্ৰয়োজনীয় বুলি ভবা সকলো লক্ষ্যক অনুসৰণ কৰিব পৰাকৈ যথেষ্ট নহয়, তেতিয়া বহুতেই লক্ষ্যবোৰক ক্ৰম হিচাপে সজাবলৈ গৈ উজুটি খায়৷ এইখিনিতে জৰ্জ কিণ্ডাৰৰ তিনিটা প্ৰশ্নই আপোনাক সহায় কৰিব পাৰে৷ যি তিনিটা প্ৰশ্নই আপোনাৰ লক্ষ্যবোৰক ঘন চালনী এখনৰ দৰে চালি পেলোৱাৰ সক্ষমতা ৰাখে৷
জৰ্জ কিণ্ডাৰ৷ বিত্তীয় পৰিকল্পনাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হোৱা আমেৰিকাৰ এজন পৰিকল্পনাকাৰী৷ তেখেতে সংখ্যাৰ হিচাপ-নিকাচ অতিক্ৰম কৰি গৈ সম্বোধন কৰিবলৈ চেষ্টা কৰে ব্যক্তিজনৰ মূল্যবোধক, ব্যক্তিজনৰ ভিতৰৰ মানুহজনক৷ কিণ্ডাৰৰ ভাষাত এয়া ‘জীৱন পৰিকল্পনা’৷ য’ত কিণ্ডাৰে ব্যক্তি এজনক তেখেতে পুহি ৰখা সুগভীৰ আৰু তীব্ৰ বাসনাবোৰ আৱিষ্কাৰ কৰিবলৈ সুযোগ দিয়ে৷ অনুপ্ৰাণিত কৰে ব্যক্তিজনক তেখেতৰ সেই উচ্চাকাংক্ষাক অনুসৰণ কৰিবলৈ৷ ভাঙিবলৈ সহায় কৰে বাধাৰ প্ৰাচীৰ৷ আৰু এনেকৈয়ে তৈয়াৰ হৈ উঠে এটা মজবুত বিত্তীয় পৰিকল্পনা৷ আমিও আজি তেখেতৰ সেই তিনিটা বিখ্যাত প্ৰশ্নৰ মুখামুখি হওঁ আহকচোন৷
প্ৰথম প্ৰশ্ন: কল্পনা কৰক আৰ্থিকভাৱে আপুনি সম্পূৰ্ণ নিৰাপদ৷ বৰ্তমান-ভৱিষ্যতটোৰ যতন লব পৰাকৈ আপোনাৰ যথেষ্ট ধন আছে৷ আপুনি কেনেদৰে জীয়াই থাকিব? বৰ্তমানৰ জীৱনধাৰাৰ কিবা পৰিবৰ্তন কৰিব নেকি? আপোনাৰ সপোনবোৰক ধৰি নাৰাখিব৷ এৰি দিয়ক নিজকে সেই সপোন প্ৰবাহত৷ বৰ্ণনা কৰক এটা জীৱন যি অৰ্থৱান আৰু সম্পূৰ্ণ৷
দ্বিতীয় প্ৰশ্ন: এতিয়া কল্পনা কৰক আপুনি ডাক্তৰৰ ওচৰলৈ গৈছে৷ ডাক্তৰে কৈছে যে আপোনাৰ হাতত আৰু মাত্ৰ ৫ – ১০ বছৰমানহে সময় আছে৷ আপুনি কোনো অসুস্থতা অনুভৱ নকৰে৷ কিন্তু আপুনি নাজানিব কেতিয়া মৃত্যুৱে আহি আপোনাৰ দুৱাৰত টুকুৰিয়াব৷ কেনেদৰে আগবঢ়াব আপোনাৰ বাকীছোৱা জীৱন? আপোনাৰ বৰ্তমানৰ জীৱন যাত্ৰাৰ কিবা সলনি কৰিবলৈ বিচাৰিব নেকি আৰু যদি বিচাৰে তেন্তে কেনেদৰে? (লক্ষ্য কৰক এই দ্বিতীয় প্ৰশ্নটোত আপোনাৰ অপৰ্যাপ্ত সম্পদ থকাৰ কথা কিন্তু কোৱা নাই৷ বৰ্তমানৰ সঁচা জীৱনৰ সম্পদখিনিৰহে গৰাকী আপুনি৷ )
তৃতীয় তথা অন্তিম প্ৰশ্ন: শেষত কল্পনা কৰক ডাক্তৰে আপোনাক চক্ খুৱাই এটা দুঃসংবাদ দিলে যে এইটো জীৱনত আপোনাৰ হাতত আৰু মাত্ৰ ২৪ ঘণ্টাহে সময় আছে৷ লক্ষ্য কৰক আপোনাৰ আবেগক৷ অনুভৱ কৰিবলৈ যত্ন কৰক আপুনি সঁচাসঁচিকৈয়ে মৃত্যুৰ সৈতে মুখামুখি হ’বলৈ ওলাইছে৷ নিজকে সোধক আপুনি কি হেৰুৱাবলৈ ওলাইছে? এই জীৱনটোত কি হ’ব আপুনি নোৱাৰিলে? কি কৰা নহ’লগৈ এই জীৱনটোত?
কিণ্ডাৰৰ মতে প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিয়া সহজ৷ আমি বহুতো কাম কৰিব খোজো, যদিহে টকা প্ৰতিবন্ধক নহয়৷ কিন্তু যেতিয়া আগবাঢ়ি যোৱা হয় দ্বিতীয় প্ৰশ্নটোলৈ, কষ্টকৰ হৈ পৰে উত্তৰ দিয়াটো৷ আপোনাৰ হাতত তাকৰ হৈ আহে উত্তৰ৷ আৰু তৃতীয় প্ৰশ্নটো? তাৰ ভেটিতেই নিৰ্মাণ হয় জীৱন পৰিকল্পনা৷ কিণ্ডাৰৰ মতে মানুহৰ পৰা অহা তৃতীয় প্ৰশ্নটোৰ সেই ‘জীৱনৰ নহ’লগৈ’ৰ উত্তৰবোৰক পাঁচ ভাগত বিভক্ত কৰিব পাৰি৷
(১) পৰিয়াল আৰু আন সম্পৰ্কৰ গুৰুত্ব অনুভৱ৷ যাক যথোচিত মূল্য দিয়া নহ’ল এই জীৱনটোত৷ ৯০ শতাংশ উত্তৰেই বোলে এই ভাগটোতে পৰে৷
(২) বহু উত্তৰে হুমুনিয়াহ কাঢ়ে এটা অৰ্থপূৰ্ণ জীৱন যাপন নকৰাৰ বাবে৷
(৩) সৃষ্টিশীলতা৷ আচৰিতধৰণে বহু উত্তৰে বৰ্ণনা কৰে সৃষ্টিশীল কিবা এটা কৰাৰ অপূৰ্ণ হেঁপাহ৷
(৪) প্ৰতিদান৷ সমাজখনক ঘূৰাই কিবা এটা দিব নোৱৰাৰ বেদনা৷
(৫) কোনোবা এখন ঠাইকেন্দ্ৰিক৷ যেনে কৰোবাত বাস কৰাৰ অপূৰ্ণ বাসনা, প্ৰকৃতিৰ বুকুলৈ গৈ আত্মহাৰা হৈ নুঠাৰ আক্ষেপ ইত্যাদি৷
কিণ্ডাৰে কয় যে কিছুমান মানুহে প্ৰশ্ন কৰে যে টকা-পইচাৰ লগত এইবোৰৰ সম্পৰ্ক কি? সম্পৰ্ক আছে৷ যেতিয়া বুজিবা জীৱনত তুমি কি কৰিব বিচৰা, তেতিয়াহে কৰিব পাৰিবা বিত্তীয় লক্ষ্যৰ সঠিক বাছনি যি তোমাৰ মূল্যবোধক প্ৰতিনিধিত্ব কৰে৷ কিণ্ডাৰৰ উত্তৰ৷ কিণ্ডাৰক শুনাৰ সৌভাগ্য মোৰ হোৱা নাই৷ তেখেতৰ কিতাপ পঢ়িছো৷ লগ পাইছো কিণ্ডাৰৰ কৰ্মশালাত ভাগ লোৱা মানুহক৷ কৰ্মশালাত কিণ্ডাৰে প্ৰতিটো প্ৰশ্ন সোধাৰ পাচত কেইমিনিটমান সময় দিয়ে উত্তৰসমূহ লিখিবলৈ৷ দ্বিতীয় প্ৰশ্নটোৰ পাচত যদি হুমুনিয়াহেৰে কোঠালি ভৰে, তৃতীয় প্ৰশ্নৰ উত্তৰ লিখিবলৈ যাওঁতে বোলে বেছিভাগ মানুহৰে উত্তৰ লিখা কাগজখনত চকুলো সৰে৷ অনুগ্ৰহ কৰি প্ৰশ্ন তিনিটা নিজকে সোধকচোন আৰু উত্তৰ দিবলৈ যত্ন কৰক আপোনাৰ ভিতৰৰ মানুহজনক৷ যি আপোনাৰ একান্ত নিজৰ৷