“তৃতীয় বিশ্বৰ তিনিখন দেশত” – গজেন কলিতা

কোনে জানো কৈছিল, ‘দেশ ফুৰিবলৈ টকা-পইচাৰ সিমান প্ৰয়োজন নাই৷ মন কৰিলে প্ৰতিদিনে এখন দেশ ভ্ৰমণ কৰিব পাৰি৷’ কিন্তু কেনেকৈ? স্বাভাৱিকতে ভ্ৰমণ কাহিনী পঠনৰ যোগেদি৷ প্ৰাকৃতিক সৌন্দৰ্য্য, তথা দেশ-কালভেদে মানুহৰ আৰ্থ-সামাজিক-সাংস্কৃতিক বিচিত্ৰতাই মানুহক দেশ-বিদেশ ভ্ৰমণ কৰিবলৈ সদায়েই উদগনি জগাই আহিছে৷ প্ৰকৃতিক আৰু মানুহক জনাৰ আগ্ৰহেই ভ্ৰমণ কাহিনীৰ প্ৰতিও সৃষ্টি কৰি আহিছে দুৰ্বাৰ আকৰ্ষণ৷ পৃথিৱীৰ প্ৰায় সকলো ভাষাতে সুখপাঠ্য ভ্ৰমণ কাহিনীৰ আদৰ সদায় আছে৷ অসমীয়া ভাষাতো গুণাভিৰাম বৰুৱাৰ ‘সৌমাৰ ভ্ৰমণ’ গ্ৰন্থ খনৰ যোগেদিয়েই আধুনিক ভ্ৰমণ কাহিনীৰ আৰম্ভণি ঘটিছিল বুলি জানিবলৈ পোৱা যায়৷ যদিও স্বাধীনতাৰ পিছৰ সময়চোৱাতহে অসমীয়া ভ্ৰমণ কাহিনীয়ে এটি সম্যক ৰূপ পাবলৈ সমৰ্থ হ’ল৷ অসমীয়া মানুহে ভ্ৰমণ নকৰে বুলিও এটা প্ৰচলিত ধাৰণা আছে৷ বৰ্তমান এই ধাৰণাৰ কিছু পৰিবৰ্তন হৈছে বুলি মই বিশ্বাস কৰোঁ৷

লক ডাউনৰ সময়ছোৱাত আগতেই সংগ্ৰহ কৰি থোৱা কেইবাখনো কিতাপ পঢ়াৰ সুযোগ আৰু সময় পালোঁ৷ তাৰ ভিতৰতে ৰোহিনী কুমাৰ বৰুৱাৰ ”তৃতীয় বিশ্বৰ তিনিখন দেশত” নামৰ গ্ৰন্থখনো পঢ়িলোঁ৷ লেখকে এই গ্ৰন্থ খনিত থাইলেণ্ড, ছিংগাপুৰ, আৰু মালয়েছিয়া ভ্ৰমণৰ বিৱৰণ অন্তৰ্ভুক্ত কৰিছে৷ ভাৰত বৰ্ষৰ এই তিনিওখন প্ৰতিবেশী দেশে আৰ্থ-সামাজিক প্ৰগতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষক বহু ক্ষেত্ৰত চেৰ পেলাই গৈছে৷ লেখকে ভ্ৰমণৰ অভিজ্ঞতা এনে সৰস আৰু জীৱন্ত কৰি তুলিছে যে বেংকক, ছিংগাপুৰ, কুৱালালামপুৰলৈ তেখেতে পাঠক সকলক নিজৰ লগে লগে লৈ গৈছে৷ ছিংগাপুৰ, মালয়েছিয়া আৰু থাইলেণ্ড এই তিনিওখন সৰু সৰু দেশেই আধুনিক প্ৰগতিৰ জখলাত দোপত দোপে উঠি গৈ কেনেকৈ আজি একোখন লেখত ল’বলগীয়া দেশত পৰিণত হৈছে সেইয়া চাবলগীয়া৷ ছিংগাপুৰৰ লী-কুৱান ইউ, মালয়েছিয়াৰ টেঙকু আব্দুল ৰহমান আৰু ডা: মহাথিৰ মহম্মদ আৰু থাইলেণ্ডৰ প্ৰজাহিতৈশী ৰজা, এই চাৰিওগৰাকী মহান নেতাৰ নেতৃত্বতে দেশ কেইখনে প্ৰগতিৰ চূড়ান্ত পৰ্যায় পাইছেগৈ৷ এই প্ৰগতিৰ অন্তৰালত দেশখনৰ নাগৰিক সকলৰ জাতীয় চৰিত্ৰ আৰু কৰ্মসংস্কৃতিৰো চকুত পৰাকৈ প্ৰভাব দেখা যায় বুলিও লেখকে গ্ৰন্থ খনত প্ৰকাশ কৰিছে৷ এনে ধাৰণাৰ বশবৰ্তী হৈয়েই কিতাপ খনত দেশ তিনি খনৰ ভৌগোলিক, অৰ্থনৈতিক, প্ৰাকৃতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰো কিছু তথ্য-পাতি লিখকে পৰিবেশন কৰাৰ প্ৰয়াস কৰিছে৷

লেখকে এই গ্ৰন্থ খনিত তেওঁৰ স্বাভাবিক কথনশৈলীৰে পঢ়ুৱৈক দেশ কেইখনৰ গুৰুত্বপূৰ্ণ পৰ্যটন থলী বিলাকত বিচৰণ কৰাই ফুৰোৱাৰ লগে লগে দেশ কেইখনৰ সভ্যতা, সংস্কৃতি তথা আৰ্থসামাজিক দিশবোৰৰো চমু ইতিহাসৰ লগত পৰিচয় কৰাই দিছে৷ যেনে –

থাইলেণ্ড: থাইলেণ্ডৰ সভ্যতা-সংস্কৃতি দুখন চুবুৰীয়া দেশ চীন আৰু ভাৰতবৰ্ষৰ ভাষা-সভ্যতা আৰু সংস্কৃতিৰ দ্বাৰা স্বাভাৱিকতে প্ৰভাৱান্বিত হলেও থাইলেণ্ডৰ নিজস্ব সভ্যতা-সংস্কৃতিৰ বৈশিষ্ট্য বিদ্যমান৷ থাই বৰ্ণমালাৰ উৎপত্তি দক্ষিণ ভাৰতীয় ভাষাৰ যদিও থাইলেণ্ডৰ বৰ্ণমালাৰ নিজস্ব বৈশিষ্ট্য আছে৷ থাইলেণ্ডৰ গৌৰৱময় বৈশিষ্ট্য হ’ল এই যে ব্ৰহ্মদেশ(ম্যানমাৰ), লাওছ, কম্বোদিয়া আৰু মালয়েছিয়াকে সামৰি আটাইকেইখন চুবুৰীয়া দেশ ঔপনিৱেশিক শাসনৰ অধীনস্থ হৈছে যদিও থাইলেণ্ড সদায় ইউৰোপীয় ঔপনিবেশিক তথা সাম্ৰাজযবাদী শক্তিৰ বাহিৰত ৰৈ গৈছে৷

ছিংগাপুৰ: ১৯৪২ চনৰ ১৫ ফেব্ৰুৱাৰীৰ দিনটো ছিংগাপুৰৰ ইতিহাসত এটা অতিশয় তাৎপৰ্যপূৰ্ণ দিন৷ সেইদিনা মহাপৰাক্ৰমী বৃটিছ সৈন্যবাহিনীয়ে জাপানী সেনাৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি আত্মসমৰ্পণ কৰাত জাপানী সেনাই ছিংগাপুৰ দখল কৰে৷ যদিও ১৯৪৫ চনৰ ১৪ আগষ্টত বৃটিছে পুনৰ জাপানৰ হাতৰ পৰা ছিংগাপুৰ দখল কৰি লয়৷ কিন্তু পৰবৰ্তীকালত আধুনিক ছিংগাপুৰৰ নিৰ্মাণ সম্ভৱ হয় লী কুৱান ইউৰ প্ৰগতিশীল নেতৃত্বতহে৷

মালয়েছিয়া: ১৯৫৭ চনৰ ৩০ আগষ্টৰ মাজনিশা মালয়ে স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম লয়৷ লৰ্ড ৰিডৰ নেতৃত্বত প্ৰস্তুত কৰা সংবিধানৰ খচৰা মালয় আৰু বৃটিছ চৰকাৰৰ উপৰি মালয়াৰ ছুলতান সকলেও গ্ৰহণ কৰে৷ মালয় ইয়াৰ ফলত সাংবিধানিক ৰজাৰ দ্বাৰা শাসিত এখন ৰাষ্ট্ৰত পৰিণত হয়৷ ৰাষ্ট্ৰৰ মুৰব্বী হ’ল ৰজা৷ ন গৰাকী ছুলতানৰ মাজৰ পৰা প্ৰতি পাঁচ বছৰৰ মূৰত এজনক ৰজা পতা হয়৷ মালয়া, ছিংগাপুৰ, বৃটিছ নৰ্থ বৰ্নিঅ’ আদিক লৈ মালয় সংযুক্ত ৰাষ্ট্ৰ গঠিত হ’ল৷ ১৯৬৩ চনৰ ১৬চেপ্তেম্বৰৰ পৰা মালয় হ’লগৈ মালয়েছিয়া৷ অৱশ্যে ১৯৬৫ চনৰ ৯ আগষ্টৰ পৰা ছিংগাপুৰে এই সংযুক্ত ৰাষ্ট্ৰৰ পৰা পৃথক হৈ স্বাধীন ৰাষ্ট্ৰ হয়৷ প্ৰগতিশীল আধুনিক মালয়েছিয়াক আজিৰ ৰূপ দিবলৈ ডা: মহাথিৰ মহম্মদে বহুতো কঠিন বাস্তৱৰ মুখামুখি হবলগা হৈছিল৷

লেখকে ভ্ৰমণৰ বিৱৰণীৰ মাজে মাজে প্ৰাসংগিক ভাবেই আমাৰ ভাৰতীয় সকলৰ দুৰ্বলতা বোৰৰো আলোকপাত কৰিছে৷ যিবোৰ কাৰণত আমাৰ দেশ খনে তুলনামূলক ভাবে এই দেশ কেইখনতকৈ প্ৰগতিৰ ক্ষেত্ৰত পিচপৰি ৰৈছে৷ স্বাভাবিকতে নিজৰ দেশ তথা নিজৰ ৰাজ্য আৰু মানুহৰ প্ৰতি প্ৰেম আৰু দায়বদ্ধতা থকাৰ বাবেই তেখেতৰ ভ্ৰমণ-কাহিনী ব্যক্তিগত বিৱৰণেই হৈ থকা নাই, ই হৈ উঠিছে এক সামাজিক জাতীয় চেতনাৰ প্ৰতিফলক৷

মোৰ দৃষ্টিত গ্ৰন্থ খনৰ আৰু কেইটামান উল্লেখনীয় দিশ হ’ল-আন্তৰাষ্ট্ৰীয় ভ্ৰমণ কালত ইমিগ্ৰেচন, কাষ্টমচেকিং, ভ্ৰমণৰ পৰিকল্পনা কেনেকৈ কৰিব লাগে, লগত কেনেধৰণৰ সামগ্ৰী নিব লাগে বা নালাগে, হঠাতে কেনেধৰণৰ সমস্যা আদিৰ মুখামুখি হ’বলগা হ’ব পাৰে ইত্যাদিৰ সূক্ষ্ম বৰ্ণনা আগবঢ়াইছে৷ যিবোৰ কথাই নতুনকৈ বিদেশ ভ্ৰমণ কৰিব খোজা সকলৰ যথেষ্ট সহায়ক হব৷ ৰোহিনী কুমাৰ বৰুৱাই তেখেতৰ ভ্ৰমণ অভিজ্ঞতাৰ তিতা-মিঠাৰ সোৱাদ অকনো নুলুকোৱাকৈ বৰ্ণনা কৰাৰ বাবে এই গ্ৰন্থ খনি হৈ উঠিছে অধিক সুখপাঠ্য আৰু মই ভাবো পাঠক সকলো বৰ্ণনীয় বিষয়ৰ লগত একাত্ম হৈ পৰিব৷

“তৃতীয় বিশ্বৰ তিনিখন দেশত”

লেখক: ড•ৰোহিণী কুমাৰ বৰুৱা

প্ৰকাশক: অন্বেষা

মূল্য: ১২০ টকা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments