ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

তেল বিনা মাছ- (মনীষা বৰা হালৈ)

bina tel mass_monisha bora

 

মাছৰ আঞ্জা ৰান্ধিলে বহুত তেল খোৱা যায়। মাছ ভাজোতে তেল বেছি লাগে। সেয়েহে আজি ভাবিলো তেল নিদিয়াকে ৰান্ধো। খাওঁতে এবাৰলৈও নালাগিল তেল নিদিয়া আঞ্জা বুলি। নকলে হয়তো কোনেও গমেই নাপাব।

কেৰাহীত অলপ পানী উতল অহাত দি নিমখ হালধি দিলো। তাৰপিছত মাছকেইটুকুৰা দি দিলো। উতলি যেতিয়া পানী শুকাই গ’ল মাছ কেইটুকুৰা নমায় থলো। এতিয়া মিক্সি বাতিত বিলাহী, পিয়াজ, আদা- নহৰু আৰু জলকীয়া দি পেষ্ট কৰি ল’লো। কেৰাহী গৰম কৰি পেষ্টটো দি নিমখ হালধি আৰু অকণমান জিৰাগুড়ি দি ভালকৈ লৰাই দিলো। উতল অহাত মাছকেইটুকুৰা দি অলপ পিছত নমাই ওপৰত ধনীয়া পাত কাটি দিলো। বৰ সোৱাদলগা হৈছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!