ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

তোমাক বিচাৰি যাওঁ (পৰিণীতা শর্মা)

জীৱনে পাখি মেলি দিয়া ৰঙৰ পোহৰত মই সাৰপাই উঠোঁ আৰু
তোমাক বিচাৰি যাওঁ সন্ধানৰ বাটত…………
বৰষুণত তিতা দিনবোৰতো তোমাৰ উপস্থিতি কামনা কৰোঁ
আকৌ উভতি যাবলৈ বিচাৰো পুৰণি সেই দিনবোৰলৈ
মিঠা মিঠা দিনবোৰৰ সেইয়াই যেন ইতিহাস
আৰু ভালপোৱা আবেগৰ ছন্দময় জীৱনৰ উল্লাস
সাৰ পালেই সপোন ভাগে …………
ৰ’দৰ পোহৰত যাত্রা আৰম্ভ হয় সেই বাটেদি
যি বাটেদি তুমি আহিছিলা মোৰ সপোনৰ পাৰ ভাঙি ৷

Subscribe
Notify of

5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
12 years ago

সুন্দৰ, অৰ্থপূৰ্ণ ভাৱৰ গভীৰতা থকা কবিতা

ৰৌচন আৰা বেগম
12 years ago

ভাল হৈছে কবিতাটো

mintumoni saikia
12 years ago

bohut val hoise mon pran bhori goise ..reply diya deri hol sry 🙂

Mintumoni Saikia
12 years ago

bor val hoise mon pran bhari goise…

Anonymous
12 years ago

ভোল লাগিল৷ সুখপাঠ্য কবিতা৷

Copying is Prohibited!