ত্যাগ (কথা-কবিতা) -ৰিদিপ কুমাৰ নাথ

ত্যাগ (কথা-কবিতা)
-ৰিদিপ কুমাৰ নাথ
 
 
আনোঁ বুলিয়েই আনিব পৰাহেঁতেন খেপিয়াই, পৃথিৱীৰ প্ৰত্যেকখন মুখতেই জ্বলিলহেঁতেন পোহৰ ! থপিয়াব বিচাৰোতেই উজ্বলতা, নপৰিলহেঁতেন সৰি কাৰোবাৰ মুখৰ শেৱালি ! প্ৰিয় হ’ল বুলিয়েইতো সকলোৰে পদুলিত নসৰে শেৱালি ! তোৰ মুখত গুজি তৰা, বিচাৰিলেওতো গাব নোৱাৰিব পাৰে কোনোবাই ফাগুণৰ গান ! কোনেনো নিবিচাৰে হেঁপাহৰ ক’হিনুৰ ? তোৰ মুখত ক’হিনুৰ গুজি সি চোমালিয়াৰ ভাত খায়; এয়াতো নহয় কোনো তেজিমলাৰ কাহিনী !
“তেজিমলা এতিয়া বহু দূৰ”, কোনোবাই কৈছিল । আইতা নাছিল সেয়া । যান্ত্ৰিকতাৰ পৃথিৱীত কক্‌বকাব নিবিচৰা আইতা এতিয়া বহু দূৰ । অশান্তিৰ পৰিসীমাৰ বাহিৰত উৰি চাবলৈ জগা হেঁপাহবোৰে বাধ্য কৰায় কেতিয়াবা কথা পাতিবলৈ আইতাৰ স’তে । এইবোৰ জোনাক নিশাৰ কথা নে জোনাক বিচৰা নিশাৰ কথা ? অপ্ৰাসঙ্গিক । জোনৰ ওচৰত থাকিলেই কাৰোবাৰ দেহত জোনাক গলিব বুলিতো ন দি ক’ব নোৱাৰে আপুনি, যিদৰে সৰি পৰাৰ আগতে ন দি ক’ব পৰা নোৱাৰে শেৱালিজোপাই, অদূৰতম ভৱিষ্যতৰ সেয়া কোনপাহ তলসৰা শেৱালি ।
বোৱাৰী চোতালত নিয়ৰবোৰে হেনো কৈছিল, “কাৰোবাৰ হাতত মালা গুজি সুখী নহয় তলসৰা শেৱালী । কিন্তু সুখী হৈ দুখী কৰাৰ হেঁপাহত ভীস্ম প্ৰতিজ্ঞা কৰা হ’লে দুৱৰিৰ ঠাইত গজিলহেঁতেন হয়তো কেইটামান শুকান উল্কাপিণ্ড ! সেই বাবেই জীয়াই আছে পৃথিৱী ।”
কি নাম সেই প্ৰতিজ্ঞাৰ ? আইতাই দিয়া নাছিল সেই নাম, ত্যাগ তাৰ বিপৰীত নাম ।
 

One thought on “ত্যাগ (কথা-কবিতা) -ৰিদিপ কুমাৰ নাথ

  • February 26, 2012 at 12:02 pm
    Permalink

    হয়………
    দুৰবল কৰি তুলিব পাৰে
    আলসুৱা হব পাৰে
    কঠিন মনৰ মানুহ জন…..
    জন অৰণ্যৰ মাজত নিজক শেৰোৱাই
    পথ বিচাৰি সাবাতুৰি খাই
    সন্ধানসীহ হব পাৰে……
    বাতৰি কাকতৰ পৃস্ঠাত
    এটা খৱৰ হব পাৰে
    এজুৰি চকুৰ ঠিকনা বিচাৰি
    কত বা শেৰাল
    দুৰভগীয়া মানুহজন
    দুচকু…
    গভীৰ বিস্বাস যত
    এটা সপোনৰ জন্ম
    আপোন হোৱাৰ সময়
    দুচকুৰ পৰা চাৰিচকু
    নিজতকৈও আপোন বুলি ভৱাজনৰ
    সাগৰনীলা দুচকুত
    নিজক হেৰোৱাই পোৱা নাই যিজনে
    তেওঁ বুজিব নোৱাৰিৱ
    দুচকুৰ গভীৰতাৰ অথ… … যদুমণি.20.02.2012

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!