ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
৷৷ত্ৰয়োৱিংশ খণ্ড৷৷
৷৷দৈৱকীৰ পুত্ৰ-আনয়ন৷৷
৷৷প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰাম মাধৱ মুৰাৰি৷
কৃষ্ণ মুকুন্দ দৈত্যাৰি৷৷১৩৫৷৷
পদ৷৷
শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত৷
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত৷৷
অনন্তৰে দৈৱকী শুনিয়া হেন বাণী৷
গুৰুৰ মৃতক পুত্ৰ কৃষ্ণে দিলা আনি৷৷১৬১৪৷৷
হুয়া আতি বিস্ময় গুণন্ত বৰনাৰী৷
মোৰো ছয় তনয়ক কংসে আছে মাৰি৷৷
হৃদয় ব্যাকুল কৰৈ তাসম্বাক স্মৰি৷
চক্ষুৰ লোতক আতি পৰৈ সৰসৰি৷৷১৬১৫৷৷
মুখৰো নোহ্লায় মাত গদগদ বাণী৷
বুলিলা বচন ৰাম গোৱিন্দক আনি৷৷
শুনিয়োক ৰাম শুনিয়োক দামোদৰ৷
জানিলো তোমৰা দুই পৰম ঈশ্বৰ৷৷১৬১৬৷৷
স্ৰজন্তাৰো স্ৰষ্টা তুমি পৰম পুৰুষ৷
কাৰ্য্যতে লক্ষিলো দুয়ো নুহিকা মানুষ৷৷
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ৷
মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ৷৷১৬১৭৷৷
জগত নিৰ্ম্মাণ কৰে তোমাৰেসে মায়া৷
জানিয়া শৰণ লৈলো কৰিয়োক দায়া৷৷
মৰাপুত্ৰ গুৰুক যমৰ পৰা আনি৷
দিলাহা দক্ষিণা যেনমতে চক্রপাণি৷৷১৬১৮৷৷
হেনমতে মোৰো মনোৰথ কৰা সিদ্ধি৷
পৰম ঈশ্বৰ দুয়ো বিধাতাৰ বিধি৷৷
কংসে মাৰিলেক মোৰ পুত্ৰ ছয়গুটি৷
তাসম্বাক সুমৰন্তে প্ৰাণ যায় ফুটি৷৷১৬১৯৷৷
তোমাৰা প্ৰসাদে যেৱে দেখিবাক পাওঁ৷
তেৱেসে দাৰুণ শোক সন্তাপ এৰাওঁ৷৷
মাৱক মাতিলা ৰাম কৃষ্ণ দুই ভাই৷
আনি দিবো পুত্ৰগণ চিন্তা এৰা আই৷৷১৬২০৷৷
এহি বুলি ৰাম কৃষ্ণে যোগ মায়া বলে৷
এক নিমিষেকে গৈয়া পশিলা সুতলে৷৷
ত্ৰৈলোক্যমোহন দিব্যৰূপ হৃষীকেশ৷
বলিৰ সভাত গই ভৈলন্ত প্ৰৱেশ৷৷১৬২১৷৷
দেখৈ দৈত্যপতি আসিলন্ত বনমালী৷
আথেবেথে সমাজে উঠিলা গাৱ চালি৷৷
আনন্দে আকুল ভৈলা কৃষ্ণ দৰশনে৷
সবংশে পড়িলা গৈয়া কৃষ্ণৰ চৰণে৷৷১৬২২৷৷
জগতৰে আত্মা মোৰ পৰম দৈৱত৷
কিনো মোৰ ভাগ্য আসি ভৈলা উপগত৷৷
পৰম হৰিষে নয়নৰ পৰৈ পানী৷
মাথাত কৰিয়া সিংহাসন দিলা আনি৷৷১৬২৩৷৷
বলভদ্ৰ সহিতে বসিলা তাতে হৰি৷
দুইৰো পাৱ পখালিলা বলি হাতে ধৰি৷৷
সবংশে শিৰত আনি লৈলা পাদোদক৷
দিব্য বস্ত্ৰ ভূষণে অৰ্চিলা মাধৱক৷৷১৬২৪৷৷
বহুবিধ সন্দেশ অমৃত ভক্ষ দিলা৷
সবান্ধৱে আপুনাক কৃষ্ণতে অৰ্পিলা৷৷
ভণিল শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে৷
ৰাম ৰাম ঘুষিয়োক সভাসদগণে৷৷১৬২৫৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷স্বামীহ্ল মোক পাৰ কৰা কৰুণাসিন্ধু
সংসাৰ সাগৰে৷
আউৰ আন গতি নাহিকে মাধৱ
বান্ধৱ তোহ্মাত পৰে৷৷১৩৬৷৷
পদ৷৷ পাছে গোৱিন্দক দেখি দৈত্যেন্দ্ৰৰ
আনন্দে চিত্ত নধৰৈ৷
উপজিল ভাৱ শিহৰিল গাৱ
নেত্ৰৰ লোতক ঝৰৈ৷৷
দুই হাতে কৃষ্ণৰ চৰণ ধৰিয়া
তাতে মাথা থাপি থৈলা৷
গদগদ বাণী মুখৰ নোহ্লায়
স্তুতি কৰিবাক লৈলা৷৷১৬২৬৷৷
প্ৰণামো অনন্ত মহন্ত বিধাতা
প্ৰণামো কৃষ্ণ চৰণে৷
সাংখ্য যোগ যিটো কৰিলা বিস্তাৰ
ব্ৰহ্মৰূপী নাৰায়ণে৷৷
তযু দৰশন যদ্যপি দুৰ্ল্লভ
নুবুজি তোহ্মাৰ লীলা৷
আমি তামসিক অসুৰ জাতিৰ
গৃহতে আসি মিলিলা৷৷১৬২৭৷৷
ৰাক্ষস দানৱ দৈত্য ভূতচয়
পিশাচ প্ৰমথপতি৷
তোহ্মাক বিৰোধ কৰি অপ্ৰয়াসে
পাইলেক পৰম গতি৷৷
দ্বেষত ভয়ত যিটো সিদ্ধি পাইলে
তামসিক দৈত্যজাক৷
সাত্ত্বিক গুণত থাকিয়া সততে
দেৱে নপাৱন্ত তাক৷৷১৬২৮৷৷
আমাৰ পৰোক্ষ বান্ধৱ তুমিসি
মাধৱ জানিলো আমি৷
হেন জানি মোত হুয়োক সন্তোষ
তিনিয়ো লোকৰ স্বামী৷৷
গৃহ অন্ধকূপে পড়ি আছো নাথ
কিমতে আক এৰাওঁ৷
ফল মূল ভুঞ্জি তোহ্মাৰ চৰণ
চিন্তিয়া যেন বেড়াওঁ৷৷১৬২৯৷৷
তযু নাম মোৰ মুখে নছাড়োক
নেড়োক চিত্তে চৰণ৷
হেন মনোৰথ সাধিয়ো মাধৱ
তোহ্মাত লৈলো শৰণ৷৷
ঐশ্বৰ্য্য জঞ্জাল নলাগে আহ্মাক
ছিণ্ডা মোৰ মোহ পাশ৷
কৰা প্ৰভু দায়া জন্মে জন্মে হৈবো
তোহ্মাৰ দাসৰো দাস৷৷১৬৩০৷৷
আজ্ঞা কৰিয়োক জীৱৰ ঈশ্বৰ
সম্প্ৰতি কি কৰো আমি৷
হেন শুনি হাসি বলিক মাতিলা
তিনিয়ো লোকৰ স্বামী৷৷
মৰীচিৰ ছয় আছিল তনয়
প্ৰথম মনুৰ দিনে৷
ভৈলা সৱে দেৱ তাসম্বাৰ আগে
নাম শুনা ভিনে ভিনে৷৷১৬৩১৷৷
স্মৰ পৰিঙ্গ উদ্গীথ পতঙ্গ
ক্ষুদ্ৰভ্ৰুক আৰো ঘৃণি৷
এহি ছয়জন পৰম পৱিত্ৰ
আছে কাম ক্রোধ জিনি৷৷
যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক
ক্রীড়া কৰিবাক চান্ত৷
দেখি ছয়োজনে ব্ৰহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত৷৷১৬৩২৷৷
অসুৰ যোনীক যাহা বুলি ব্ৰহ্মা
শাপ দিলা কোপ মনে৷
হিৰণ্যকশিপু দৈত্যৰ তনয়
ভৈলা আসি ছয়োজনে৷৷
পাছে দৈৱকীৰ গৰ্ভতে ছয়োক
উপজায়া যোগমায়া৷
ধৰি কংসৰায় সৱাকো বধিলা
অধৰ্ম্ম একো নচায়া৷৷১৬৩৩৷৷
সম্প্ৰতি তোহ্মাৰ কাছতে আছন্ত
ছয়ো মোৰ জ্যেষ্ঠ ভাই৷
তাসম্বাক লাগি সদায়ে ক্রন্দন
কৰন্ত দৈৱকী আই৷৷
সৱাহাঙ্কো আজি দ্বাৰকাক নিবো
গুচাইবো মাৱৰ শোক৷
মোহোৰ প্ৰসাদে শাপ এড়াই আজি
ছয়ো যাইবে স্বৰ্গলোক৷৷১৬৩৪৷৷
এহিসে কাৰণে তোহ্মাৰ পাশক
আসি আছো দৈত্যপতি৷
শুনি বলি উঠি ছয়োকো আগতে
যোগাইলা কৰি ভকতি৷৷
কৃষ্ণৰ চৰণ দুহাতে ধৰিয়া
শিৰত অৰ্চিলা তুলি৷
আজিসে সমস্ত পাপ দূৰ ভৈল
জন্ম সাম্ফলিলো বুলি৷৷১৬৩৫৷৷
শুনা সৰ্ব্বজন এৰি আন মন
স্থিৰ কৰি এক মতি৷
কৃষ্ণ নাম বিনা ইটো কলিযুগে
নাহি নাহি আন গতি৷৷
জানিয়া কৃষ্ণৰ চৰণে শৰণ
পশিয়ো সুদৃঢ় মতি৷
বোলা ৰাম ৰাম ছাড়ি আন কাম
লভিবা পৰম গতি৷৷১৬৩৬৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷
কমললোচন কলুষমোচন৷৷১৩৭৷৷
পদ৷৷
পাছে বলিৰায়ক আশ্বাস কৰি৷
সৱাহাঙ্কে লৈয়া উঠিলা হৰি৷৷
দ্বাৰকাপুৰ পাইলা মহাভাগে৷
ছয়ো ভাইক দিলা মাতৃৰ আগে৷৷১৬৩৭৷৷
ছয়ো ছৱালক দৈৱকী দেখি৷
পৰম আনন্দে চান্ত নিৰেখি৷৷
নিশ্চয়ে সৱে মোৰ পুত্ৰ বুলি৷
লৈলন্ত সৱাকো কোলাত তুলি৷৷১৬৩৮৷৷
পুত্ৰৰ স্নেহে স্ৰৱৈ দুয়ো স্তন৷
কৰন্ত পুত্ৰৰ মুখে চুম্বন৷
উৎসুকে পুত্ৰক পিয়ান্ত ক্ষীৰ৷
ঘ্ৰাণন্ত ঘনে ঘনে পুত্ৰশিৰ৷৷১৬৩৯৷৷
আনন্দে দৈৱকী যেন নাচন্ত৷
ইগুটি থৈয়া আৰ গুটি লন্ত৷৷
বিষ্ণুৰ মায়ায়ে মোহিত চিত্ত৷
দৈৱকী ভৈলা আতি আনন্দিত৷৷১৬৪০৷৷
একে দৈৱকীৰ স্তন বিশেষ৷
কৃষ্ণৰ আৰো পীত অৱশেষ৷৷
সন্তোষে তাক পিলা ছয়োজনে৷
কৃষ্ণৰ আৰো অঙ্গ পৰশনে৷৷১৬৪১৷৷
ঘোৰ ব্ৰহ্মশাপ তাহাক তৰি৷
আমি দেৱ হেন তাহাক স্মৰি৷৷
পিতৃক মাতৃক কৰি বন্দন৷
পৰি প্ৰণামিলা কৃষ্ণ চৰণ৷৷১৬৪২৷৷
বলোৰ চৰণে কৰিয়া সেৱ৷
স্বৰ্গক পাছে যান্ত ছয়োদেৱ৷৷
চাহি আছে লোক নিজম পড়ি৷
ছয়োজনে যায় বিমানে চড়ি৷৷১৬৪৩৷৷
দেখিয়া দৈৱকী ভৈলা বিস্ময়৷
আসিল মোৰ মৰা পুত্ৰচয়৷৷
স্বৰ্গকো গৈলা মোৰ স্তন খায়া৷
জানিলো সকল বিষ্ণুৰ মায়া৷৷১৬৪৪৷৷
বোলন্ত শুকে শুনা পৰীক্ষিত৷
কৃষ্ণৰ অদ্ভূত লীলা চৰিত৷৷
অনন্ত বীৰ্য্যৰ যত মহিমা৷
আক কহি কোনে কৰিবে সীমা৷৷১৬৪৫৷৷
পৰম মঙ্গল হৰি চৰিত৷
জগতৰে ইটো হৰে দুৰিত৷৷
যিবা জনে আক শুনে শুনাৱে৷
কৃষ্ণৰ প্ৰসাদে মোক্ষক পাৱে৷৷১৬৪৬৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
কৰিয়ো কীৰ্ত্তন সমস্ত জনে৷৷
কলি যুগে ইটো মহা উপায়৷
হৰিনাম লৈলে মুকুতি পায়৷৷১৬৪৭৷৷
বেদান্তৰো তত্ত্ব শুকৰ বাণী৷
জানি হেলা এৰা সমস্ত প্ৰাণী৷৷
যেৱে সুখে যাইবে বৈকুণ্ঠপুৰী৷
সদায় ডাকিয়া ঘুষিও হৰি৷৷১৬৪৮৷৷
৷৷ দৈৱকীৰ পুত্ৰ-আনয়ন সমাপ্ত৷৷২৩৷৷