থুলুকৰ ৰহঘৰা : (- মনজিৎ)

ওল্টা পুল্টা::
—————

থুলুকৰ সাধাৰণতে কিছুমান ওল্টা প্রশ্নত মুৰ গৰম হয় আৰু সেয়ে সেই প্রশ্নৰ সদায় পুল্টা উত্তৰ দিয়ে…

১)
পুৱা গাড়ী খন ধুই থাকোতে
: গাড়ী ধুইছে ন?
: নাই গাড়ী খনত পানী দি আছো। এদিন ডাঙৰ হৈ বাছ হৈ যাব আৰু সেই খন লৈ যোৰহাট গুৱাহাটী ভাড়া মাৰিম
২)
আবেলি খোজকাঢ়ি থাকোতে
: অ কেনি ওলালে হয়?
: কি ক’বা ঘৰৰ দুৱাৰ খিড়ীকি বন্ধ আছিল। সেয়ে মুধছেৰেই ওলালো আৰু কিবাকৈ।
৩)
এটিএমত
:পইছা উলিয়ালে ন?
:নাই ঔ টাচ্চ ক্রীণ মোবাইলটো বেয়া হ’ল, সেয়ে ইয়াত ফেচবুক কৰো বুলি সোমালো।
৪)
শৱ এটা শ্মশানলে নি থকা অৱস্থাত
“ তেখেতক শ্মশানলে নি আছে নহয়নে বাৰু ? ”
“ নাই নহয় ভুল ভাবিছে আপুনি , তেখেতক পুজা দেখুৱাবলে নি আছো ,উভতি আহোতে আমি আপোনাৰ ঘৰতে ৰাতিৰ সাজ খাই যাম দেই লগে ভাগে ।
৫)
পুৱা ব্রাচ কৰি থাকোতে
: অ উঠিলেনে?
: নাই ঔ টোপনিতে খোজ কঢ়া বেমাৰটো ভাল পোৱাই নাই নহয়। আপোনাৰ কোনোবা চিনাকী ডক্তৰ আছে নেকি বাৰু? বৰ দিগদাৰ হে ক’ত কাক কি কৈ থাকো মনতেই নাথাকে।
৬)
চিনেমা হলৰ টিকট কাউন্টাৰত লাইন পাতি থাকোতে
“ হেই ইয়াত কি কৰি আছা?”
“ কি ক’বা মাংসৰ তৰকাৰী বনাই আছিলো। তৰকাৰীত পাগ উঠিছিলহে গেছ শেষ হৈ থাকিল নহয়। সেয়ে চিলিণ্ডাৰ এটা লও বুলি আহিলো। আজি কালিটো জানাই লাইন নাপতাকে একোৱেই নাপায়। এ টি এমতেইই হওক, পাব্লিক টইলেটেই হওক নাইবা ধুনীয়া গার্লফ্রেণ্ড এজনী পতাবলেকে হওক সকলোতে লাইন মাথো লাইন বুজিছা!”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!