থেঙ্কচগিভিং (ভাস্কৰ মজুমদাৰ)

থেঙ্কচগিভিং

এইবাৰ সাহিত্যৰ বিষয় ঘোষণা হোৱাৰ দিনাই ভবাত লাগিলো, কি উৎসৱৰ কথানো কোৱা যায়। এয়া যদিও বসন্ত, আমেৰিকাত একো সামুহিক বসন্ত উৎসৱ পালন কৰা নহয়। ইয়াৰ বহুতো ঠাই বছৰৰ আধামান বৰফৰ তলতে থাকে, বসন্ত আৰু গ্ৰীষ্মৰ সময়খিনিয়ে খেতি-বাতি আৰু আন কামবোৰৰ বাবে উপযুক্ত। গতিকে আটাইবোৰ উৎসৱ শীতকালত পাতে। থিৰাং কৰিলো জনপ্ৰিয় উৎসব এটাৰ বিষয়েই কোৱা যাওক, ধন্যবাদ জনোৱা উৎসৱ থেঙ্কচগিভিং।
ইয়াৰ ইতিহাস থুলমূলকৈ কওঁ। প্ৰথম থেঙ্কচগিভিং ১৬২১ চনত পালন কৰা হৈছিল বুলি পোৱা যায়। ১৮৬৩ চনত আব্ৰাহাম লিংকনে ইয়াক ৰাষ্ট্ৰীয় চুটিৰ দিন ঘোষণা কৰে। ১৯৪১ লৈকে দিনটো নিৰ্দিষ্ট নাছিল, কিন্তু ১৯৪২ ৰ পৰা আমেৰিকাত প্ৰতি বছৰে নৱেম্বৰ মাহৰ চতুৰ্থ বৃহস্পতিবাৰে থেঙ্কচগিভিং পালন কৰা হয়। গতিকে নৱেম্বৰৰ ২২ ৰ পৰা ২৮ তাৰিখৰ ভিতৰত পৰে। কানাডাত আকৌ অক্টোবৰৰ দ্বিতীয় সোমবাৰে পালন কৰে।
থেঙ্কচগিভিং আৰম্ভ হৈছিল খেতি চপোৱা (harvest) উৎসব হিচাপে, আমাৰ ভোগালি বিহুৰ নিচিনা। সেইদিনা ধন্যবাদ জনোৱা হয় ঈশ্বৰক (আচলতে প্ৰকৃতিক)। আৰম্ভণিতে যদিও ই এক ধৰ্মীয় উৎসব আছিল, বৰ্তমান তেনে হৈ থকা নাই। সমাজৰ সকলো ধৰ্ম আৰু শ্ৰেণীৰ মানুহে উদযাপন কৰে। সেইদিনা পৰিয়ালৰ সকলোৱে লগ হয়। দূৰ-দূৰণিত থকা পৰিয়ালৰ মানুহবোৰে গোটেই বছৰটো ৰৈ থাকে লগ পাবলৈ। থেঙ্কচগিভিঙৰ বিশেষ আহাৰ হৈছে টাৰ্কী চৰাই। একোটাৰ ওজন ৮-১০ কেজিলৈকে হয়। ভিতৰত বিভিন্ন বস্তু ভৰাই গোটে গোটে সেকা (roast) হয়। তাৰ লগত থাকে ক্ৰেনবেৰী চচ, এপল পাই আৰু আন আন খোৱাবস্তু। সেইদিনা দিনটো প্ৰায় বন্ধৰ দৰে। বেচিভাগ দোকান পোহাৰ বন্ধ থাকে। ৰাস্তাতো গাড়ী মটৰ কম দেখা যায়। সন্ধিয়ালৈ খোৱা-বোৱা হৈ যায়।
এইখিনি হৈছে উৎসৱৰ সময়। হেলোৱিনৰ পৰা আৰম্ভ হৈ থেঙ্কচগিভিং, খ্ৰীষ্টমাচ, নতুন বছৰ এই আটাইবোৰ ওচৰা ওচৰি। সকলোৱে উৎসবৰ আনন্দত মতলীয়া হৈ থাকে। ঘৰত ধুনীয়া ধুনীয়া ৰং-বিৰঙী লাইট লগায়। ৰাতি বগা বৰফেৰে ঢাক খাই থকা ঘৰ আৰু গছ-গছনিত তিৰবিৰাই থকা ৰঙা-নিলা লাইটবোৰ চাবলৈ বৰ ভাল হয়। কিছুমানে হৰিণা, চৰাই আদিৰ আকৃতি সাজে।
থেঙ্কচগিভিঙৰ পিছৰ দিনটো ব্লেক ফ্ৰাইডে বুলি কয়। সেইদিনাৰ পৰা আৰম্ভ হয় বিভিন্ন ধৰণৰ চেল (sale)। কিমান ধৰণৰ যে ৰেহাই আৰু অফাৰ। মানুহবোৰে কেইবাঘন্টাৰ আগৰ পৰাই শাৰি পাতি দোকান খোলালৈ ৰৈ থাকে, ঠান্ডা আৰু বৰফকো নেওচি। প্ৰথমতে সোমাব পৰা কেইজনমানে বৰ আকৰ্ষণীয় ৰেহাই পায়। কিছুমান বস্তু পানীৰ দামত দিয়ে সেইদিনা। কিছুমানত ইমানেই ভিৰ হয় যে এবাৰত কেইজনমানক হে ভিতৰলৈ সোমাবলৈ দিয়ে, তেওলোক ওলোৱাৰ পিছত আকৌ কেইজনমানক সোমাবলৈ দিয়ে। বহুতৰ বাবে বস্তু কিনাতকৈ দলে বলে আহি শাৰি পাতি থকাটোৱে আনন্দ। জাপিব পৰা চকি, খোৱা বস্তু আৰু পনীয় লৈ একেবাৰে সাজু হৈ আহে। এইবাৰ ব্লেক ফ্ৰাইডেত ৫২.৪ বিলিয়ন ডলাৰৰ (প্ৰায় ৩১ হাজাৰ কৌটি টকা) ব্যবসায় হৈছে। ৱালমাৰ্টৰ গোটেই বছৰৰ লাভ ১৯ বিলিয়ন ডলাৰ, তাৰ ৫ বিলিয়ন কেবল ব্লেক ফ্ৰাইডে চেলৰ পৰা। অগতে ৰাতিপুৱা ৫-৬ বজা মানত দোকান খুলিছিল, ২০১১ ৰ পৰা বাৰ বজাতে খুলিবলৈ লৈছে। এই বছৰ কিছুমান দোকান থেঙ্কচগিভিঙৰ দিনা ৰাতি ৮ বজাৰ পৰাই খুলিছিল। মই পিচে শাৰি পাতি কেতিয়াও কিনা নাই। চাবলৈহে গৈছো। কিছুমান ৰেহাই অনলাইন পোৱা যায়, তেনেকৈ কিনিছো। আমেৰিকাত বস্তু কিনিলে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘূৰাই দিব পৰা যায় সম্পুৰ্ণ মূল্যৰ বিনিময়ত। এনেদৰে ঘূৰাই দিয়া বা কোনোবাই বাকচ খুলি চাই নিকিনাকৈ থৈ যোৱা বস্তুবোৰ পিছত আকৌ বৰ কম দামত বেচে।
মোৰ বাবে থেঙ্কচগিভিং হৈছে পৰিয়াল আৰু বন্ধু-বান্ধবক লগ পোৱা, কিনিম বুলি ভাবি থকা কেমেৰা বা লেপটপ এটাৰ অফাৰ বিচৰা আৰু এগাল মান খোৱা-বোৱা। এইবছৰো ৰৈ আছোঁ সেই দিনটোলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!