দিনবোৰ গৈ আছে -ৰূপম সাউদ

দিনবোৰ গৈ আছে

চপৰা চপৰে খহিছে বয়স

নিজ হাতে ৰোৱা গছপুলিটোও
বৰগছ হ’ল
ফুলে ফলে ভৰিল
পাতবোৰ হে
ক্ৰমশঃ হালধীয়া হৈ অহা দেখিছো

বৰশীবাই ফুৰা ল’ৰাবোৰে
আজিকালি দেখিবলৈ নাই
টাংগুটি খেলা পথাৰখনো
এতিয়া শ্মশান

টিলিঙ টিলিঙ শব্দৰ
ছৈ দিয়া গৰুগাড়ীবোৰ
মাটিৰ পাত্ৰ লৈ ঘাটলৈ যোৱা বৌটি
চাপৰিৰ পৰা অহা
গৰখীয়া বাঁহীৰ প্ৰতিধ্বনি
ক’ত হেৰাই থাকিল

সাজ লাগি আহিছে
চোতালত নিয়ন লাইটৰ পোহৰ
ভালেদিন হ’ল
জোনাক দেখা নাই

আমন জিমনকৈ পিৰালিতে বহি ৰৈছো
আঙুলিৰ পাবত ঘন এন্ধাৰ
বুকুৰ অতলত শৰবিদ্ধ দিনলিপি

মুহূৰ্তে মুহূৰ্তে অহা খবৰত
শিল পৰা নিৰ্জনতা
ক্ৰমাৎ চুটি হৈ অহা ছাঁ
সময়ৰ পকনীয়াত
মানুহৰ ভিতৰত মৰা মানুহ

দিনবোৰ গৈ আছে এনেকৈয়ে
উশাহ সলাইছো মাথোঁ
ছটফটাইছো নিৰন্ন ৰাতিৰ কালবেলা
মৰা জোনৰ খোলাত
খহি পৰিছো

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!