ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

গোলাঘাট জিলাৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন- ৰিতুপণ বৰুৱা

নুমলীগড়: আহোম যুগৰ এটি প্ৰসিদ্ধ গড়৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই গড় অৱস্থিত৷ স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩ -১৬৪১) নুমলী কুৱঁৰীৰ নামেৰে এই গড় জনাজাত হয়৷ নুমলীগড়ৰ দৈৰ্ঘ্য আছিল ১·৬ কি: মি:৷ আধা মাটি আৰু আধা ইটাৰ সংমিশ্ৰণেৰে গঠন কৰা গড়টোৰ উচ্চতা আছিল প্ৰায় ৫ মিটাৰ৷ বৰ্তমান ইয়াৰ মাত্ৰ সৰু অংশ এটাহে বাকী আছেগৈ৷ ​


কাকগোসাঁনী থান: বোকাখাট চহৰৰ পৰা দক্ষিণে প্ৰায় ৫ কি: মি: আঁতৰত অৱস্থিত এই থানখন ১৭শ শতিকাত অৰ্থাৎ আহোম ৰাজত্বৰ দিনত নিৰ্মিত৷ এই দুৰ্গা থানলৈ দুৰ্গা গোসাঁনীৰ প্ৰতিমা কাক বাঁহত আনিছিল বাবে উক্ত নামটো পাই বুলি জনশ্ৰুতি আছে৷


ধোদৰ আলি: আহোম যুগত নিৰ্মিত এই প্ৰসিদ্ধ বাটটো স্বৰ্গদেউ গদাধৰ সিংহই (১৬৮১-১৬৯৬) ১৬৮৭ চনত সজাইছিল৷ এই পথটো কমাৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ পৰা ওলাই দক্ষিণ -পূবৰ গোলাঘাট নগৰৰ মাজেদি তিতাবৰ – মৰিয়নীৰ মাজেদি নামৰূপৰ জয়পুৰত লাগিছে৷ এই আলিৰ দৈৰ্ঘ্য প্ৰায় ১৮৫ কি: মি৷ ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ ধোদৰ ভাও ধৰা গোসাঁই আৰু ভকতক ধৰি আনি এই আলি বন্ধোৱা বাবেই ইয়াক ধোদৰ আলি বুলি জনা যায়৷

DCIM100MEDIA
DCIM100MEDIA
Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

Comment text..নুমলীগড়ৰ বিষয়ে সবিশেষ জানিব পাৰিম নেকি ?

Copying is Prohibited!