দুটা কলহ – প্ৰতিভু দত্ত
দুটা কলহ
লিখক:প্ৰতিভু দত্ত
চীনদেশতএগৰাকী বৃদ্ধাৰ দুটা ডাঙৰ ডাঙৰ কলহ আছিল ৷ তাৰে এটা কলহত ফাট এটা আছিল, আনহাতে আনটো কলহ নিখুঁট আছিল ৷ কলহ দুটা এডাল ভাৰৰ দুইমূৰে বান্ধি বৃদ্ধাই সদায় পানী আনিবলৈ যায় ৷
বৃদ্ধাই অতি কষ্টেৰে জুৰি এটাৰ পৰা পানীৰভাৰ বৈ ঘৰলৈ অনাৰ অন্তত ফাট থকা কলহত সদায়ে আধা পানীহে থাকে গৈ , কিন্তু নিখুঁট কলহটোত সদায়ে পানী সম্পূৰ্ণহৈ থাকে ৷