দৃশ্যপট – এক, দুই (বিভা বড়ো)
দৃশ্যপট – এক
ৰাতিপুৱা ঘৰৰ কাম সামৰি ভাত-পানী খোৱাই আৰু খাই , ল’ৰাৰ জঞ্জাল মাৰি সকলোকে নিজৰ গন্তব্য স্থানলৈ উলিয়াই পঠিয়াই নিজে পিন্ধি উৰি ওলাওঁ মানে ঘড়ীৰ কাঁটাই 10.30 বজাৰ নিৰ্দেশ দিওঁ দিওঁ কৰিছে । আগ ৰাতিয়েই ঠিকঠাক কৰি থোৱা কাগজপত্ৰৰ টোপোলাটো লৈ বায়ু বেগে ঘৰৰ পৰা ওলাই গলো । ৰাষ্টাৰে পাৰ হৈ যাবলৈ ধৰা খালী ৰিক্সাখনক অজানিতে ইমান জোৰেৰে মাতিলো যে ওচৰৰ প্ৰায়খিনি মানুহেই মোৰফালে আৰু এবাৰ ৰিক্সাচালকজনৰ ফালে চালে । বাছ আস্থানত প্ৰথম যিখন বাছ ৰ’লহি সেইখন প্ৰায় খালী আছিল , মই মহিলাসকলৰ কাৰণে সংৰক্ষিত আসনৰ বিপৰীতে সাধাৰণ আসন এখনতে বহি পৰিলো । গন্তব্যস্থান পাণবজাৰ পানী টেংকি ।আৰামত বহিবলৈ পাই খিৰীকীৰে বাহিৰলৈ দৃষ্টি দিছিলোহে মাত্ৰ তেনেতে এজন ভদ্ৰলোকে বাছৰ কণ্ডাক্টৰজনক কোৱা কাণত পৰিল – “ কিহে , তহঁতে দেখা নাপা নেকি ? গোটেই মাইকী মখাই ইফালেও বহিব সিফালেও বহিব ?” মই ততালিকে মোৰ আসনখন এৰি দি ক’লো –“ আপুনি ইয়াতে বহক |” ভদ্ৰলোকজনে পিছে মোৰ আসনত নবহি আন এখন আসনতহে বহিল । ময়ো দ্বিতীয়বাৰৰ কাৰণে সেই আসনখনত নবহিলো । বাছত পুৰুষ এজনক নিজৰ আসন এৰি দি মনতে কিছু গৰ্বও অনুভৱ কৰিলো । পিছে কণ্ডাক্টৰজনৰহে মনটো বেয়া লাগিল চাগে , মোক খালী আসনকেইখন দেখুৱাই বাৰে বাৰে বহিবলৈ অনুৰোধ কৰিলে ।কিছুবেলিৰ পাছত মহিলাৰ আসন এখন খালী হোৱাত বহি পৰিলো । এপাকত কণ্ডাক্টজন আহি ক’লে – “ বাইদউ আপুনি যে মানুহজনক একো নকৈ নিজৰ ছিটতো এৰি দিলে খুব ভাল কৰিলে , কাজিয়া কৰি কি লাভ ? কিছুমান মতা মানুহে লেডিজক ছিট এৰি দিয়ে , কিছুমানে আক’ উঠাই নিজে বহে । কি কৰিব আৰু মানুহ লৈ মানুহ ।
দৃশ্যপট — দুই
ভিৰ বাছ এখনত মোৰ এজনী বান্ধৱীয়ে বহিবলৈ পাই সকাহ পালে । অলপ দুৰ যোৱাৰ পিছত এজন বয়সস্থ লোক বাছত উঠিল । পিন্ধনত ধূতি আৰু কূৰ্তা । নিয়মমতে বাছৰ জেষ্ঠ্য নাগৰিকৰ আসনত বহি থকা লোকজনে উঠি দিব লাগিছিল ,পিছে জুন-জুলাই মহীয়া প্ৰচণ্ড গৰমত পান জপা দি জাপি অনা বাছখনৰ আৰোহীসকলৰ ইয়াৰ প্ৰতি মন দিবলৈ আহৰি নাছিল বা প্ৰয়োজনবোধ কৰা নাছিল । বান্ধৱীয়ে সহিব নোৱাৰি মহিলাৰ বাবে সংৰক্ষিত আসনৰ পৰা উঠি মানুহজনক বৰদেউতা সম্বোধন কৰি বহিবলৈ অনুৰোধ কৰিলে । মানুহজনে আপত্তি কৰিলে যদিও ভিৰত তিষ্ঠিব নোৱাৰি বহি পৰিল । কিছুসময়ৰ পিছত সুন্দৰী আধুনিকা যুৱতী এগৰাকী ভিৰ ঠেলি বাছখনত উঠিল আৰু মানুহজনক “মহিলা” বুলি লিখি থোৱা আখৰকেইটা দেখুৱাই উঠিবলৈ নিৰ্দেশ দিলে । মানুহজনে কিবা কোৱাৰ আগতেই মোৰ বান্ধবীজনী আগুৱাই আহি ক’লে – “ শুনকচোন , এই চিটতো মোৰ , কাৰণ মই ভাৰা দিছো আৰু এই চিটটোত বহিবলৈ পাইছো । এই মানুহজনক মই বহিবলৈ কৈছো মোৰ চিটত। মই জালুকবাৰীত নামিম আৰু তাৰপাছত এই চিটটো লৈ আপুনি যি কৰে কৰিব । কিন্ত মই ননমালৈকে আপুনি এখেতক এই চিটটোৰ পৰা উঠাব নোৱাৰে” ।যুৱতী গৰাকীয়ে একো নকৈ মনে মনে ঠিয় হৈ থাকিল ।
পিছে মোৰ মনত আন কেইটামান প্ৰশ্নইহে আমনি কৰিলে —
1) সংৰক্ষিত আসন কেইখনৰ বাহিৰে মহিলাসকলৰ আন আসনবোৰত অধিকাৰ নাইনেকি ?
2) পুৰুষৰ সমানে খোজ মিলাব পৰা ( অন্ততঃ অসমত) মহিলাসকলৰ কাৰণে সংৰক্ষিত আসনৰ প্ৰয়োজন নাইনেকি ?
3) পুৰুষসকলৰো মহিলাৰ সমানেই আসন সংৰক্ষণৰ প্ৰয়োজন হৈছে নেকি ?