দৃষ্টি … – দেৱিকা ঠাকুৰীয়া
ডাক্তৰৰ চেম্বাৰত বহা ৰিছিপচনিষ্ট গৰাকীৰ ওচৰতে ষ্ট্ৰেচাৰখনত শুই থকা কেঁচুৱাটোৱে সাৰ পাইয়ে সন্মূখত বহি থকা, চকুত কাঁজল সনা, বৈ পৰা চেলাউৰিৰে সুন্দৰ চেহেৰাৰ মানুহ গৰাকীক দেখি ৰাউচি জুৰি কান্দি উঠিল৷
ইফালে সিফালে কাকো নেদেখি মানুহগৰাকী অলপ অপদস্থ যেন হ’ল৷ মনতে ভাবিলে,“মোৰ কাঁজলখিনিয়ে বিকৃত ৰূপ লৈছে কিজানি! তাকে দেখি হয়তো ভয়তে কেঁচুৱাটিয়ে কান্দিছে! “
ৰিছিপচনিষ্টগৰাকীয়ে তেনেতে চিঞৰি কৈ গ’ল,“ বাইদেউ এইবাৰ আপোনাৰ নাম্বাৰ“৷
মানুহজনীয়ে মূৰ তুলি চাই দেখিলে কেঁচুৱাটিয়ে ষ্ট্ৰেচাৰখনৰ পৰা একেথৰে এফালে চাই মিচিকিয়াই হাঁহি আছে৷ সন্মূখৰপৰা অহা মহিলাগৰাকীয়ে কেঁচুৱাটিক আলফূলে কোচত তুলি ল’লে৷ কেঁচুৱাটো আনন্দতে খিলখিলাই হাঁহি উঠিল৷ এনে লাগিল কেঁচুৱাটিয়ে যেন নিজৰ সমস্ত পৃথিৱীখনহে ঘূৰাই পালে!
কোচৰ কেঁচুৱাটিৰে সৈতে মানুহগৰাকীৰ এচিডে পুৰা মুখমণ্ডলত জিলিকি উঠিছিল নাৰী আৰু মমতাৰ অপৰূপ সৌন্দৰ্য্য!
অন্তত এগৰাকী মানুহে (কেঁচুৱাটোৱে) জন্মিয়েই যেন শিকিলে সৌন্দৰ্য্যৰ আচল সংজ্ঞা!■■