দেহা হাৰমনিয়াম: সমুদ্র কাজল শইকীয়া

দেহা, প্ৰতিটি সন্ধিয়া তয়ে ময়ে যে একেলগে কটাইছিলোঁ মুখামুখি
সন্মুখত নবজা অবুজ হাৰমনিয়ামটো লৈ অকল।
ইমন কল্যানেৰে সন্ধিয়া পাৰ হৈ আমি কাটিছিলোঁ মালকোশৰ ৰাতি।

চিৰাজ ভাইৰ হাৰমনিয়ামটোৰ অভাৱ বাৰুকৈ অনুভৱ কৰোঁ।
তেওঁ হাৰমনিয়াম এটা দিছিল, নিজমতে ব্যৱহাৰ কৰিব পাৰোঁ।
দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ভঙা হাৰমণিয়ামটো আছিল
এনেয়ে পৰি বহুদিন মোৰ ওচৰত। বাৰে বাৰে আক’
কোনোবাই যেন সুধিছে, সেইটো দেখিলেই মনলৈ ইয়াকে আহিছিল,-
বুকুৰ কামিহাড় হ’লে দালি দালি কালৈ চিন্তা কৰি থাক’…
সমুখত ভঙা হাৰমনিয়াম। মানুহ নথকা ঘৰ।
দুৱাৰ আছে খিৰিকী আছে
নোলায় নোসোমায় কোনো। কোনো অতিথি। কোনো চোৰ।
সম্ভাৱনাৰে চহকী এটা প্ৰাণহীন শৰীৰ।
এটা ঘৰ্ষণৰ বাবে উন্মুখ কিন্তু
কাৰো হাতৰ পৰশ নপৰা এটা জুইশলা বাকচ।
এদিন তই কৈছিলি চতিয়না ফুলিলে তোৰ শ্বাস-কষ্ট হয়।
মোৰ হাৰনিয়ামবোৰৰ যেন সদায়ে চতিয়না ফুলে দূৰ ব্যাপ্তি।
হাপানি ৰোগীৰ দৰে কাহানিও সিহঁতৰ মাত ঠিকে নোলায়।
তথাপি হাৰমনিয়াম! আঙুলি বুলাওঁ নাজানি নুবুজি বাৰেপতি
হাৰিমনিয়াম। এটা চাৰিকুনীয়া বাকচ। তাতে ছটি ছিদ্ৰ শ্বাস প্ৰশ্বাসৰ।
চাৰিবেৰৰ এটা ঘৰ। লালনৰো ঘৰ, মাধৱ দাসৰো ঘৰ।
সেই ছটি ছিদ্ৰইদি অহা যোৱা কৰে লালনৰ ঘৰৰ ছটি ছজন চোৰ
সেই ছয়জন নাৱৰীয়া যি ব’ঠা মাথোঁ মাৰে নাৱত লালনৰ
এই দেহ ঘৰত বাৰু ছয় চোৰে সিন্ধি খান্দে, চুৰি কৰে কোনে?
এই দেহ নদীত ছজন মাঝিয়ে ব’ঠা মাৰে, গুৰি ধৰে কোনে?
যমুনাৰ বালিত পৰিল ৰাজহংসৰ পাখি
ক’তেবা আছে মাধৱ দাসৰ পূৰ্ণানন্দ হৰি?
কাণখোৱা তোৰ মাটিৰ শৰীৰ, মাটিৰ ঘৰ
কাহানি দাউ দাউ হয় শুকান বাঁহৰ খৰি।
বুকুৰ কামিহাড়ত সঁজাল আঙুলি বুলায় কোনে?
হাৰমনিয়ামটোৰ এই যে ক’লা বগা ক’লা বগা কামিহাঁড়
উঠা নমা কৰে কাৰ হাতৰ পৰশত ঘনে ঘনে?
মই এটা হাৰমনিয়াম। লাগে মাথোঁ হাতৰ পৰশ তোমাৰ।
এই বাগানতেই ফুল ফুলিছে, তাৰ সৌৰভত জগত মজিছে
মাথোন নমজিল লালনৰ মন। কাণখোৱানো বাৰু কোন কূটা?
সন্ধিয়াৰ আকাশত মোৰ হাত একেবাৰে নাই, কি ফুল ফুলিছে?
মইনো কি জানোঁ বাৰু, কোনে বাচিছে গুটি গুটি তৰাফুলৰ বুটা?
কামৰ পৰা উভতি আহি নিতৌ থিতাতে
হাৰমনিয়ামটো উলিয়াওঁ
ক’লা আৰু বগাৰে কামিহাড় আছে তাতে।
তাতে আঙুলি সযত্নে বুলাওঁ।
বাৰে বাৰে হতাশ হওঁ, একোকে নেজানিলোঁ।
অথচ এনেকৈয়ে ইয়াতে হেনো, জানোঁ জানোঁ,
ইয়াতে শইচ ফলে। ইয়াতে জুই জ্বলে। ইয়াতে জীৱনে ভুমুকিয়ায়।
বেলি বুৰে, বেলি উঠে  নৃত্যৰতা হয় দেখোঁ সসাগৰা পৃথিৱী ঘনায়
মোৰ জীৰ্ণ শীৰ্ণ শৰীৰটো একোবাৰ চুই চাওঁ,
কামিহাঁড়বোৰ চুলে বুজি পাওঁ কিবা এটা বাজি ঊঠিছে
মাথোঁ এটা ছন্দৰ অভাৱ। এনেকৈয়ে বুজি পাওঁ
এই মনৰ লগতে এই দেহেও তোমাকেই বিচাৰিছে।
তুমি সঙ্গত নকৰিলে মই কি সুৰ কেনেকৈ বজাব পাৰোঁ কোৱাচোন?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!