দৈনন্দিন
লেখক- মনালিচা নাথ
মাজে মাজে মোৰ এই অথিৰ সংসাৰৰ ৰেহ-ৰূপ দেখি বিৰক্তি লাগে। টেঙাই গৈছেগৈ। কাম এটা কৰিলেও ভালকৈ নিসিজে ; ড্ৰেছ এযোৰ পিন্ধিলেও নুশুৱায়। এইটো কিবা জীৱন হ’ল নেকি!
মন বেয়া লগাৰ তাৎক্ষণিক কাৰণ চাগে ‘তুলনা’। নাৰীৰ মন বেয়া লগাৰ প্ৰতিটো কথাৰে গুৰি খুঁচৰিলে দেখিব, হয় অইনৰ লগত তুলনা নহ’লে ঈৰ্ষাৰ পোকে গোটেইখনতে লেওলেওৱাই আছে। মনটোক বুজাবলৈ যত্ন কৰোঁ। আটাইবোৰতে একেবাৰতে একে সময়তে ‘এ’ গ্ৰেড্ নাপায় নহয়! বেছি বিচাৰিলে ইফালে আকৌ দেহাইহে ‘চি’ বা ‘ডি’ গ্ৰেড্ আনিব। এনেয়ো, এনুৱেল মেইনটেনেন্সৰ জোৰত চলা শৰীৰ।
ঘৰ, অফিচ, ফেচবুক, হোৱাটছ্এপৰ লগতে ঘৰতে তৈয়াৰ কৰা পিঠা-পনা দুটামান, ঘৰৰ শাকনি এডৰা, বতৰৰ ফুল, পাচলি অকণ, সৰুৰেপৰাই এইবোৰৰ মাজতে ‘সুখী’ গৃহিনীৰ ছবি এখন মোৰ মনত অঁকা আছে। মোৰ মায়েতো সৰুতে আমাক ঘৰতে নেট্ কাপোৰেৰে ডিজাইনাৰ চোলাও সি দিছিল।
অক্টোবৰৰ শেষৰফালে মই আৰু একেটা অফিচতে কাম কৰা কৰবীয়ে মিলি অফিচৰপৰা আহোঁতে এদিন পিটুনীয়া ফুল, ওলকবি আৰু জলকীয়াৰ পুলি কেইটামান কিনি আনিলোঁ।
আনোতে, মুঠেই আঙুলিৰ এটা পাবৰ সমান, নিশকতীয়া দহটকীয়া পুলিকেইটা।
”বাইদেউ, প্ৰথম দহদিনমান বালিত পুতি থ’ব! নাৰপেইনা পুলি!” কিনোতে দিহা দিছিল মোক। দিলোঁ।
জীয়ন দিয়া পৰ্বতে চাৰিডালমান পুলিয়ে বালি-মাটিতে আত্মজাহ দিলে। দহদিনমানৰ মূৰত বাকী পুলিকেইটা তুলি-তালি, মাটি অলপ চহোৱাই, গোবৰ দি শাক-পাচলিৰ মাজে মাজে জাতিষ্কাৰ হৈ ফুলা ফুলৰ ছবি এখন মনতে কল্পনা কৰি আটাইবোৰ অলপ দূৰে দূৰে ৰুই থলোঁ।
’ভাৰ্মি কম্পোষ্ট’, গোবৰ মিহলোৱা সাৰুৱা মাটি। একেলগে ৰুলে আপডালৰ কষ্টও কমে।
মোৰ মতেতো সব ঠিকেই আছিল।
ক’ত কি বা হ’ল!
এতিয়া ওচৰৰ ঘৰত দেখোন ফুলৰ ভৰত গছ হালি যাবলৈ ধৰিছে। ইফালে মোৰ পাচলি, ফুল গোটেইমখা এই তিনি-চাৰিমাহৰ পিছতোচোন ‘কোল্ড ষ্টোৰেজ’ত থোৱা পিঁয়াজৰ দৰে একেটা ৰূপতে অলৰ-অচৰ হৈ আছে।
বছৰটোত কিনাওলকবি খাই খাই আমুৱাই গৈছেগৈ। অথচ মোৰ বপুৰাকেইটা এতিয়াও মটৰমাহৰ ৰূপতে বিদ্যমান হৈ আছে।
এনেকুৱানো বাৰু হ’ব লাগেনে!
আৰু পিটুনীয়া কেইপাহ! একেলগে কিনা কৰবীয়ে সেয়া টাবত ৰুয়ো এতিয়ালৈকে ফেচবুকৰ ষ্টেটাছ, ডি পি ফুলেৰে জাতিষ্কাৰ কৰি পেলাইছে। ইফালে মোৰ কেইজোপাৰ কথা উলিয়াবলৈকে লাজ লাগে।
এওঁ কৈছে,
”তোমাৰ পুলিকেইটাৰো কিন্তু কিছু ‘টেলেণ্ট’ আছে দেই। মানিব লাগিব, ইমান সুচল পৰিৱেশতো যে এই চাৰিমাহে ভাল যৌৱনৰ বা গাত নলগাকৈ আছে!”
আটাইবোৰ একেটা ফুটতে উঠা। ধুৰ। কৰৱী আণ্টিৰ ফুলি থকা ফুলৰ ডিপি চাই জীয়াৰীয়েও মোলৈ চাই গীত জুৰিছে,
“অ’ অন্যৰ বাছা ডাঙৰ-দীঘল মোৰে বাছা সৰু।”
আৰু খেতি-বাতি নকৰোৱেই যাহ্!