সৌন্দৰ্য!
লেখক- -ৰিমঝিম বৰঠাকুৰ
আণ্টি হু ইজ লুকিং ম’ৰ বিউটিফুল?
হঠাতে হাতত ধৰাধৰিকৈ দুজনী অকণমানি দৌৰি দৌৰি ফোঁপাই-জোঁপাই আহি অপৰ্ণাৰ চকুৰ আগত হাত দুখন জোকাৰি কথাকেইটা সুধিলে। পাৰ্কখনত খোজকাঢ়িবলৈ অহা অপৰ্ণাই অকণমান বহি লওঁ বুলি তাতে থকা সেউজীয়া ৰঙৰ বেঞ্চখনত কিমান দেৰি বহি আছিল হিচাপ নাই। কণমাণিকেইজনীৰ মাতকেইটাতহে তাই খপজপকৈ বাস্তৱলৈ ঘূৰি আহিল। সিহঁতৰ প্ৰশ্নৰ উত্তৰটো দিয়াৰ আগতে তাই আকৌ এবাৰ সিহঁত দুইজনীলৈ চাই বয়সটো অনুমান কৰি ল’লে— খুউব বেছি যদি হৈছে সাত/আঠ। তাতকৈ বেছি নহয়। এজনীটো চুলিয়ে-তুলিয়ে, ৰঙে-বৰণে একে আষাৰতে ধুনীয়া ছোৱালী। কিন্তু ইমান সৰুতেই সিহঁতে ‘কোন বেছি ধুনীয়া’ সেইটো লৈ ইমান বিতত হোৱাৰ জানো প্ৰয়োজন!
‘উফ এই বয়সতে কোন ধুনীয়া সেই লৈ ইমান সচেতন!’
‘এয়া সচেতনতা নে প্ৰতিযোগিতা নে আন কিবা’। অপৰ্ণাৰ বুকুখনত আকৌ কিবা এচপৰাই ঢকিয়াই থৈ গ’ল।
‘আণ্টি ছে ছামথিং না’
অপৰ্ণাক পুনৰ এবাৰ ভাবনাৰ সাগৰৰপৰা উলিয়াই আনি বিৰক্তিৰ সুৰত দুইজনীয়ে কৈ উঠিল। বিশেষকৈ একেবাৰতে ধুনীয়া বুলি ক’ব পৰা ছোৱালীজনীৰ যেন এই লৈ উদ্বিগ্নতা অলপ বেছিয়েই।
‘ব’থ অফ ইউ আৰ লুকিং বিউটিফুল মাই ডিয়েৰ্ছ’
‘ন আণ্টি ইউ হেভ টু চুজ এনী ওৱান অফ আছ’
অপৰ্ণাক বিপাঙত পেলাই দুইজনীয়ে তাইৰ ওচৰত আব্দাৰ কৰি উঠিল যেন সিহঁত অপৰ্ণাৰ লগত বহু দিনৰ চিনাকি।
‘আহহা, ইউ গাৰ্লছ আৰ ৰিয়েলী প্ৰেটি।’
নাই এইবাৰো সিহঁত তাইৰ কথাত সন্তুষ্ট নহ’ল। আগতকৈ কম প্ৰফুল্ল মনৰে দুইজনীয়ে ‘অকে আণ্টি, বাই আণ্টি’ বুলি কৈ অহা বাটেৰে উভতি গ’ল।
আচলতে সিহঁতে তেনেকৈ মনটো সেমেকাই যোৱা দেখি অপৰ্ণাৰ একেবাৰে ভাল নালাগিল, কিন্তু সিহঁতৰ মনটো ভাল লগাব পৰাকৈ তাইৰ কাৰণে প্ৰশ্নটোও সিমানেই কঠিন আছিল।
সিহঁত যোৱাৰফালে এপলক চাই অপৰ্ণাৰ আকাশখনলৈ চকু গ’ল, ঘৰৰপৰা ওলাই আহোঁতে একেবাৰে নীলা হৈ থকা আকাশখন দেখোন এইকণ সময়তে ক’লা হৈ ওন্দোলাই আহিল। বেংগালুৰুৰ বতৰ আৰু ইয়াৰ ৰাস্তাৰ ট্ৰেফিকজাম, একেবাৰে অনুমান কৰিব নোৱাৰি। একেবাৰে অপৰ্ণাৰ মনটোৰ দৰে! খোজকঢ়াতো নহ’লেই আৰু অলপ দেৰি বহিবলৈও নাপালে। বতৰৰ ৰূপ দেখি কোবাকুবিকৈ এপাৰ্টমেণ্টলৈ বুলি বাট ল’লে। আহি থাকোঁতে বাৰে বাৰে তাইৰ সেই কণমানি কেইজনীৰ মুখকেইখন মনলৈ আহি থাকিল। যিটো সময়ত অকল খেলিব লাগে, স্ফূৰ্তি কৰিব লাগে, হাঁহিব লাগে, নাচিব লাগে সেইটো সময়ত আকৌ ওলোটাই সিহঁতৰ মনত জান-নেজানকৈ হ‘লেও শাৰীৰিক সৌন্দৰ্যৰ সচেতনতাইহে বাহ লৈছেহি। এইবোৰ ক্ষেত্ৰত জানো ভুল সিহঁতৰ! অপৰ্ণাই চিন্তা কৰিলে কি ঠিক বায়েক আৰু তাইৰ মাজৰ সৌন্দৰ্যৰ ক্ষেত্ৰত থকা বিভেদটো ডাঙৰবিলাকেই আঙুলিয়াই দিয়া নাছিল!
অপৰ্ণাই এইটো সময় নিজেও পাৰ কৰি আহিছে। তাই বুজা হোৱাৰ পৰাটো তাই কেৱল তাইৰ ৰূপৰ প্ৰশংসাই শুনিলে। নিজৰ মানুহ, ওচৰৰ মানুহ বুলি কথা নাই সকলোৱে মাকক প্ৰায়ে এইষাৰ কথা কোৱাই শুনে,
-মিতালীয়ে বৰ ধুনীয়া ছোৱালী এজনী পালে দেই, দৰা বিচাৰি হাবাথুৰি খাব নালাগে সৰুজনীৰ কাৰণে।
অপৰ্ণায়ো এইষাৰ শুনিয়েই ডাঙৰ হৈছে-ধুনীয়া ছোৱালী পঢ়া-শুনা নকৰিলেও দৰা ওলাব।
বুজা হোৱাৰেপৰা এই কেইষাৰ কথাই অপৰ্ণাক পিছলৈ মনত অশান্তি দিছিল। বিৰক্তি জন্মিছিল এই বিয়া বোলা শব্দটোলৈ, মাজে মাজে ঘৃণা উপজিছিল সেই চামলৈ যিয়ে কেৱল ‘ধুনীয়া’ ছোৱালী বিচাৰিছিল বিয়া পাতিবলৈ। দুখ লাগিছিল যেতিয়া বায়েকক চাবলৈ আহি তাইক পছন্দ কৰিছিল। সেই পৰিস্থিতিৰ পিছত মুকলিমুৰীয়াকৈ তাই বায়েকৰ মুখা-মুখি হ‘বলৈও সংশয় কৰিছিল, নিজৰ গালত নিজে চৰ মাৰিছিল যেতিয়া এবাৰ নহয়, দুবাৰ নহয়, পাঁচবাৰকৈ বায়েকৰ হ’বলগীয়া বিয়াখন তাইৰ কাৰণে ভাঙিছিল। কিন্তু বায়েক আছিল নিৰ্বিকাৰ, না অপৰ্ণাৰ সৌন্দৰ্যক লৈ জ্বলিছিল না কান্দোনত ভাঙি পৰিছিল। বায়েকৰ এই ভাবমূৰ্তিয়ে তাইক আৰু কন্দুৱাইছিল। তাই কেতিয়াবা বায়েকলৈ ৰ লাগি চাই ৰৈছিল। বায়েকক পছন্দ নকৰিবলগীয়াটো তাই একোৱেই দেখা নাছিল। ৰংটো অলপ গোমা, নাকটো লগাতকৈ চুটি আৰু ডাঙৰ ( মানুহৰ ভাষাত ফেঁচী নাক) ওপৰৰ পাৰি আগৰ দাঁতদুটা অলপ বাহিৰলৈ ওলোৱা আছিল। বাদ-বাকীটো সকলোবোৰ ঠিক। দাঁতকেইটা অৱশ্যে পেহীয়েকহঁত লগ লাগি ডাক্টৰৰ ওচৰলৈ নি ঠিক কৰোৱাৰো চেষ্টা কৰিছিল যদিও বৰ বেছি ভিতৰ নোসোমাল।
‘একেজনী মাকৰে দুজনী ছোৱালী, দেখিবলৈ ইমান বেলেগ। এজনীৰ কাৰণে দৰাৰ আকাল নহ’ব, আনজনীলৈহে চিন্তা।’
এই কথাষাৰে কৈশোৰত ভৰি দিয়া অপৰ্ণাৰ মনটোত বেলেগ ধৰণৰে সাঁচ বহুৱাইছিল। তাইৰ মুখৰ আগত বায়েকৰ কথা কোনোৱে নক‘লেও বেলেগ পতা কথা অপৰ্ণাৰ কাণত পৰিছিল।
প্ৰথম মেখেলা-চাদৰ পিন্ধি চিলচিলীয়া দীঘল চুলিখিনিৰ সৈতে স্কুললৈ যোৱা অপৰ্ণাৰ সেইদিনা এনেকুৱা লাগিছিল সকলোৱে যেন তাইকে চাইছে। মেৰুন ৰঙৰ পাৰি দিয়া বগা চাদৰ মেখেলাৰ সৈতে মেৰুন ৰঙৰ ব্লাউজটোত গোটেইজনী ওলাই পৰিছিল। হাঁহিলে দুইখন গালত পৰা টোল দুটা আৰু কিচকিচীয়া ডাঠ ধেনুভিৰীয়া চেলাউৰি, ডাঙৰ ধুনীয়া চকুকেইটাৰে সকলোৰে মাজত জিলিকি আছিল। সকলোৰে মুখে মুখে যেতিয়া ‘ইমান ধুনীয়া ছোৱালী’ শব্দটো শুনিছিল, সেইদিনাহে যেন তাইৰ সৌন্দৰ্যক লৈ নিজেই সচেতন হৈছিল আৰু অলপ গৌৰৱবোধো কৰিছিল। স্কুলৰপৰা আহি বাৰে বাৰে বায়েকৰ আশে-পাশে ৰৈ নিজকে মিলাই চাইছিল— ‘সঁচাই তাই ধুনীয়ানে!’
যদিও এনেকুৱা মনোভাবটো স্কুলত পঢ়ি থকালৈকে আছিল, লাহে লাহে এইবোৰ তাইৰ মনৰপৰা লোপ পালে। কেতিয়া? যেতিয়া প্ৰবালে এদিন তাইৰ মুখৰ আগতেই কথাৰ বাণেৰে ভালকৈ এটা চৰ তাইৰ ৰঙা-বগা গালখনত সোধাইছিল।
ধুনীয়া বুলি নাম থকা অপৰ্ণাৰ জীৱনলৈ প্ৰেম স্কুলৰ দিনৰপৰাই আহিছিল। কিন্তু সেয়া জানো প্ৰেম আছিল? ঘনাই ঘনাই জানো কোনোবা কাৰোবাৰ প্ৰেমত পৰে! তাই যেতিয়াৰপৰাই কাৰোবাক ভাললগা অনুভৱটো পাইছিল, তেতিয়াৰপৰা দেখোন কাৰোবাক নহয় কাৰোবাক ভালেই লাগিবলৈ লৈছিল। লগতে আগৰজনক বেয়া লাগিবলৈও বেছি সময় নালাগিছিল, আন এজনে প্ৰস্তাৱ দিয়াৰ পাছতে।
এতিয়াও অপৰ্ণাই কথাবোৰ বুজি নাপায়, এইবোৰ তাইৰ সৌন্দৰ্যৰ আঁৰত থকা কিবা অহংকাৰ আছিল নে আন কিবা! ধুনীয়া ল‘ৰাই ভালপোৱাৰ প্ৰস্তাৱ দিয়াৰ লগে লগে গ্ৰহণ কৰি লোৱাটো অপৰ্ণাই সেই সময়ত বেয়া কথা বুলি ভবা নাছিল, মাত্ৰ তাইৰ সৌন্দৰ্যৰ শক্তি বুলি ভাবিছিল। প্ৰবালেটো হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ শেষৰদিনা তাইৰ মুখৰ আগতেই স্পষ্টকৈ কৈ গৈছিল— ‘এই ধুনীয়াকলৈ তোমাৰ যি অহংকাৰ, সেয়া কিমান দিনলৈ কৰিবা। এটা সময় আহিব যেতিয়া তোমালৈও কোনোৱেই ঘূৰিও নাচাব।’ সেইষাৰ কথা যেন তাইৰ কাৰণে অভিশাপহে হৈ পৰিল। আচলতে কিয় জানো প্ৰবালক তাইৰ সঁচাকৈয়ে ভাল লাগিছিল, প্ৰবালক ভাল পাই থকা সময়ত তাই আগৰ দৰে কোনো ল’ৰাৰ প্ৰস্তাৱ গ্ৰহণো কৰা নাছিল, কিন্তু তাইৰ অতীতৰ কথা কিছুমানত প্ৰবালে অস্বস্ত্বিবোধ কৰিছিল আৰু সিয়েই সেই সম্পৰ্কটো বাদ দিয়াৰ সিদ্ধান্ত লৈ এই তীৰ্যক বাক্যবাণ তাইলৈ বুলি এৰিছিল।
অপৰ্ণা আজি একেবাৰে অকলশৰীয়া। আচলতে অকলশৰীয়া নহয়, মিকা আৰু ৰিকাৰ নিচিনা দুটা লগৰীয়া থাকোঁতে তাইৰ জীৱনলৈ অকলশৰীয়াবোধ কেতিয়াও নাহে। মিকা আৰু ৰিকালৈ মনত পৰোঁতে অপৰ্ণা খোজকেইটা আৰু অলপ খৰ হ‘ল। যিকেইটা গাজনি-ঢেৰেকনি মাৰিবলৈ লৈছে, এই সময়ত যদি সিহঁত দুটাই তাইক কাষত নাপায় ভয়তে কুঁকুৱাই কান্দি থাকিব। আটাইতকৈ ডাঙৰ গৰ্জনটো কৰাৰ আগতেই যেনিবা তাই ঘৰৰ দুৱাৰখন খুলিলেহি। তাই ভবাটোৱেই হয়, সিহঁত দুটাই ভয়তে চোফাখনৰ কাষতে লগা-লগিকৈ মুখখন তললৈ দি কুঁকুৱাই আছে। তাই দুৱাৰ খোলা শব্দ শুনি দৌৰ মাৰি আহি তাইৰ কোঁচত সোমাইছে। তাই সিহঁতক ধেমালি কৰোঁ বুলিয়েই নোমকেইডালৰ ওপৰত আঙুলি ফুৰাই ক’লে, “তহঁতে কুকুৰ নে ভয় পাদুৰা ঔ। এইকেইটা শব্দতে তহঁতৰ অৱস্থা নোহোৱা হয় যে। মই নোহোৱা হ’লে কি কৰিবি।”
মিকা আৰু ৰিকা তাইৰ লগত থকা আজি তিনি বছৰেই হ‘ল। সিহঁতক বাদ দি যেন তাইৰ এতিয়া এটা মুহূৰ্তও বাদ নপৰে। লৈ যাব পৰা জেগা হ’লে তাই লগতে লৈ যায়, খালি খোজকাঢ়িবলৈ যাওঁতে নিনিয়ে, মানে সিহঁতৰ লগত গ’লে সিহঁতক খেলোৱাৰ বাদে তাইৰ নিজৰ খোজকঢ়াটো নহয়গৈ। অপৰ্ণা আচৰিত হয়, যিজনী ছোৱালীয়ে আগতে কুকুৰক সঁচ দেখিব নোৱাৰে এতিয়া সেইজনী মানুহৰে জীৱনটো জীয়াই থকাৰ লগ কেৱল ইহঁত দুটাই।
কুকুৰ-মেকুৰীৰ লগত লাগি থাকি ভালপোৱা তাইৰ বায়েক কল্পনাহে আছিল। অপৰ্ণাৰ এতিয়াও মনত আছে কেনেকৈ বায়েকে ৰাস্তাৰ কুকুৰবোৰ মাতি আনি নিজৰ ভাগৰ ভাত খুৱাইছিল। কাষৰ খুৰীয়েকৰ ঘৰৰ মেকুৰী দুজনীয়েও জানিছিল বায়েকৰ ভাত খোৱা সময়ৰ কথা। খালী বায়েকৰ এটাই দুখ আছিল এইবোৰ প্ৰাণী নিজৰ বুলি তাই ঘৰত পুহিব পৰা নাছিল একমাত্ৰ অপৰ্ণাৰ কাৰণে। ইমান যে ভয় কৰিছিল অপৰ্ণাই!
বাটৰ কুকুৰেও যে বায়েকক ইমান ভাল পাইছিল সেইদিনাহে দেখিছিল যিদিনা বায়েকৰ মৃতদেহৰ ওচৰত বহি বায়েকৰ ওচৰলৈ সদায় অহা চাৰি পাঁচটা কুকুৰে মূৰটো পেলাই শুই আছিল। সেই দৃশ্যই সিহঁতক আৰু কন্দুৱাইছিল। বায়েকৰ ওপৰত অভিমান হয় মাজে মাজে তাইৰ। ইমান সাহসী ছোৱালীজনীৰো যে মনটো ইমান দুৰ্বল আছিল সেই কথা তাই অকণো গমেই নাপালে। গম পোৱা হ’লে হয়তো বায়েকক অকলে এৰি থৈ হয়তো ক’তো নগ’লেইহেঁতেন। ঘৰৰে আত্মীয় দাদাক এজনৰ বিয়াত বায়েক কল্পনাৰ বাদে সিহঁত সকলো ওলাল। মাকে বায়েককো ওলাবলৈ কৈছিল বিয়ালৈ। আচলতে বায়েকে কিছু দিনৰপৰা এই বিয়া-সবাহবোৰ এৰাই চলিবলৈ ধৰা কথাটো অপৰ্ণাৰ চকুত পৰিছে। দুইজনী একেলগে গ’লে চাগে সদায় কাণত পৰা কথাখিনিয়ে বায়েকক এইবোৰৰপৰা আঁতৰাই আনিছে!
বিয়াখনলৈ বুলি একেলগে যাবলৈ ঘৰৰ ওচৰতে পৰা সৰু পেহীয়েকো আহি সেইদিনা সিহঁতৰ ঘৰলৈ আহিল থকাকৈ। পেহীয়েকহঁত ৰাতি থকাকৈ আহিলে সিহঁতৰ ৰাতি ভাত খোৱাৰ পাছত বহুত দেৰিলৈকে সিহঁতৰ ঘৰৰ আগফালৰ বাৰাণ্ডাখনতে বহু ৰাতিলৈকে কথাৰ মহলা বহে। সেইদিনা ৰাতিও তাৰ একো ব্যতিক্ৰম নহ‘ল। সেইখিনি সময়ত বায়েক নথকাৰ সুযোগ লৈ ফুচফুচাই কোৱাৰ দৰেই পেহীয়েকে মাকক ক’লে,
-হেৰি নহয় নবৌ, এতিয়া কুনি এনেকৈয়ে থাকিব নে বেলেগ কিবা ভাবিছা?
-কিনো ভাবিবা আৰু ল‘ৰাবোৰ দেখোন আহি সৰুজনীকহে পছন্দ কৰি থৈ যায়। চিন্তাই হৈছে তাইক লৈ, পঢ়া-শুনাখিনিও কৰা হ’লে চাকৰি এটাকে কৰি খাই থাকিলহেঁতেন। আধাতে কলেজ এৰি সেইখিনিৰো মুদা মাৰি থৈছে।
বায়েকৰ এই সিদ্ধান্তটোত অপৰ্ণাৰ অৱশ্যে খং উঠে। পঢ়া-শুনাতো তাই চলি যোৱা বিধৰে আছিল। ক’তো ৰৈ নোযোৱাকৈ ছেকেণ্ড ডিভিজন পায়েই কলেজ পাইছিলগৈ। কলেজৰ প্ৰথম ছমাহমান ঠিকেই আছিল তাৰপিছত লাহে লাহে যাবলৈ মন নকৰা হ’ল। যেতিয়া বায়েক কলেজত তেতিয়া অপৰ্ণা সিহঁতৰ ঘৰৰ ওচৰৰে হায়াৰ ছেকেণ্ডাৰীখনত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট য়েৰ। বায়েকে কলেজ গৈ ভাল নোপোৱা কথাটোৰ কাৰণ তায়ো ইমান সুধিলে কিন্তু উলিয়াব নোৱাৰিলে। কল্পনাৰ কলেজৰ প্ৰতি অহা অনীহা দেখি লাহে লাহে ঘৰৰ মানুহেও ক‘বলৈ এৰিলে, দেউতাকে কিন্তু কৈছিল কলেজ নাযায় যদি নালাগে কিন্তু পৰীক্ষাকেইটা দিয়ক। নাই তাই সেইটোতো ৰাজী নহ’ল আৰু থাকি গ‘ল তেনেকৈয়ে। ঘৰৰ শাকনি বাৰীৰপৰা ৰাস্তাৰ কুকুৰলৈকে সমস্ত দায়িত্ব লৈ বায়েক ব্যস্ত হৈ পৰিল। পঢ়া-শুনা যদি নকৰে, য’তে-ত’তে মাকহঁতে ল’ৰাৰ খবৰো লোৱা আৰম্ভ কৰিলে, ল’ৰা আহিলে অপৰ্ণাক পছন্দ কৰি গুচি যায়। এই কথাটোক লৈয়ো অপৰ্ণাই বায়েকৰ চকুত লেশমানো দুখ নেদেখিলে বা নিজৰ শৰীৰটোৰ প্ৰতি বিতৃষ্ণা প্ৰকাশ কৰা নেদেখিলে। এনেকুৱা এজনী ছোৱালীয়ে যে সেই ৰাতিটোৰ পাছদিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন-দুপৰতে ঘৰৰ পিছফালৰ কুঁৱাটোত পৰি মৰি থাকিব কোনে ভাবিছিল!
বায়েকৰ কথাই অপৰ্ণাক এতিয়াও কোনো এটা নিশাত উজাগৰে ৰাখে। অপৰ্ণাই কেতিয়াবা নিজৰ সৌন্দৰ্যকো বায়েকৰ মৃত্যুৰ আঁৰৰ এটা কাৰণ বুলি ভাবে। অপৰ্ণাৰ যদি এনে চকুৰোৱা সৌন্দৰ্য নাথাকিলহেঁতেন তেন্তে বায়েকক কোনোবা এজনে হ’লেও পছন্দ কৰিলেহেঁতেন। ল’ৰাই পছন্দ নকৰি মনত আঘাত দিয়াৰ আগতেই, ঘৰৰ আত্মীয়-কুটুম্ব, ওচৰ-চুবুৰীয়াই বায়েকক আগতেই মানসিকভাৱে মাৰি পেলাইছিল। অন্তৰ্মুখী বায়েকে কথাবোৰৰ প্ৰতিক্ৰিয়া কৰি দেখুৱাব নোৱাৰি মনৰ ভিতৰতে যিমান পাৰে জাবৰবোৰ দম কৰি গৈছিল। তাৰ পৰিণতি সেই অভিশপ্ত দিনটো।
আজি সেই কণমানি ছোৱালী দুজনীৰ প্ৰশ্নই অপৰ্ণাক আকৌ এবাৰ বায়েকৰ ওচৰলৈ ওভতাই লৈ গ’ল। গাজনি বৰষুণৰ শাম কটাত ইহঁতৰ কুঁকুঁৱনি আৰম্ভ হ’ল মানে সিহঁতৰ বাহিৰ ফুৰিবৰ সময় হ‘ল। তাই সিহঁতৰ কুঁকুঁৱনি শুনিয়েই সিহঁতক বাহিৰলৈ নিয়াৰ সময়ত জা-যোগাৰ চলালে লগতে মিহি চিৰিপনি এডালো ল’লে। এইডাল হাতত নাথাকিলে সিহঁতৰ কেতিয়াবা বহুত বেছি উৎপাত হয় নিজতকৈ সৰু নিচিনা কুকুৰ দেখিলে। এইডাল যেনিবা হাতত থাকিলে সন্মানৰ খাতিৰত অলপ গহীন হৈ থাকে।
কল্পনাৰ মৃত্যুৰ পিছতে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ নিজৰ গাঁৱৰপৰা আঁতৰি গুৱাহাটী পালেহি। ঘৰৰপৰা ওলাই অহাৰ সময়তে তাই মনত দুটা কথাই বান্ধি ল‘লে জীৱনত বিয়া নহয় আৰু ৰাস্তাৰ কাষত কষ্ট পাই থকা কুকুৰ মেকুৰী যি হয় সেইবোৰক সুৰক্ষা প্ৰদান কৰিব। সেইমতে তাই গুৱাহাটীলৈ অহাৰ পাছতেই কামটো লাহে লাহে আৰম্ভ কৰি এতিয়া এনজিঅ’ হিচাপে প্ৰতিষ্ঠা কৰিলে। কুকুৰ-মেকুৰী ভালপোৱা বায়েকৰ স্মৃতিবোৰ অপৰ্ণাই এনেকৈয়ে ধৰি ৰাখিছে। তাইৰ বিয়াত নবহা সিদ্ধান্তটোৱে প্ৰথম অলপদিন ঘৰত বাৰুকৈয়ে অশান্তি দিলে যদিও লাহে লাহে সকলোৱে তাইক এই বিষয়ে ক’বলৈ এৰিলে। মিকা-ৰিকাৰ কুঁকুঁৱনিয়ে অপৰ্ণাক আকৌ ভাবনাৰ পৃথিৱীখনৰপৰা ঘূৰাই আনিলে।
মিকা আৰু ৰিকাৰ বেল্টকেইডাল এহাতে ধৰি এফালে চিৰিপনিডাল লৈ অপৰ্ণা আকৌ ওলাই গ‘ল। আজি আচলতে তাইক সেই কণমানি দুজনীৰ প্ৰশ্নই অলপ বেছিকৈ ভবাই তুলিছে। যিজনীয়ে তাইক কোনজনী ধুনীয়া ক’বলৈ বেছি জোৰ কৰিছিল তায়ো জানে তাই যে ধুনীয়া। ইজনী ছোৱালীৰ লগত যে তাই আৰু বেছি জিলিকি উঠিছে সেই কথাও অপৰ্ণাই ভালকৈ বুজি পাইছে। অপৰ্ণাই সিহঁতৰ সৌন্দৰ্য সচেতনতা দেখি ক’ৰবাত শংকিত হৈ উঠিছে। সেয়ে ৰিকা-মিকাক লৈ ওলাই আহিছে যদিও অপৰ্ণাৰ আশা সিহঁত দুজনীক আকৌ এবাৰ লগ পোৱাৰ। কিজানি আকৌ এবাৰ সিহঁতক লগ পাই যায়, সিহঁতৰ লগত এখন্তেক বহি সিহঁতক বুজাব ধুনীয়া, সৌন্দৰ্য এই শব্দবোৰ কিমান সংবেদনশীল আৰু গুৰুত্বপূৰ্ণ। কিন্তু সেই সাত আঠবছৰীয়া ছোৱালীকেইজনীকনো কেনেকৈ বুজাব, কি বুজাব অপৰ্ণাই নাজানে। তথাপি সিহঁতক ক’ৰবাত দেখাৰ আশাত তাইৰ চকুহালেৰে চাৰিওফালে পিনপিনাই ফুৰিছে।
