দো টকীয়ে কী নৌকৰী (অভিজিত কলিতা)

দো টকীয়ে কী নৌকৰী

চাইটৰ পৰা লৰালৰিকে ঘৰমূৱা হৈছো, নিশা দহ বাজো বাজো। বাটতে ফোন বাজিল .. শ্ৰীমতীৰ হিমশীতল কণ্ঠ– “আজি আহিবানে? নে আমি শুই থাকো?” – “ এই পালোহিয়েই” বুলি কৈছো যদিও মনতে চিন্তা, আজি জাৰ্মানী আৰু পৰ্তুগাল খনৰ শেষৰ খিনিও যেনেতেনে পালেগৈয়ো হব। দুৱাৰ খোলোতেই গম পালোঁ অহাকালিৰ পৰা ছোৱালীৰ কিবা টাৰ্ম পৰীক্ষা নে কিবা- কাইলৈ হিন্দী আছে। ছোৱালীও এনে আকোৰগোজ- টিভি থকা কোঠাটোৰ খোৱা মেজখনতহে পঢ়িব। মাকে আই এ এচ পৰীক্ষাৰ্থীৰ উদ্দিগ্নতাৰে জীয়েকক পঢ়ুৱাই আছে। [ইসসস্ .. নিজে পঢ়োতে যদি ইমান চিৰিয়াচ হ’লহেঁতেন, বহুত ডাঙৰ মানুহ হব পাৰিলেহেঁতেন, মই ঢুকিয়েই নেপালোহেঁতেন – (ৰীড এজ “বাচি গলোহেঁতেন!!!”)]। জীয়েকেও সৰ্বশক্তিৰে সৰস্বতী মাৰ লগত যুঁজি আছে…লিখাতে সমস্যা..হিন্দী ‘ন’ ৰ লগত অসমীয়া ‘ত’ যোগ কৰি নিত্যনতুন যুক্তাক্ষৰ উদ্ভাৱন কৰি দিয়ে… মাকৰ টেম্পাৰ সপ্তমত উঠিছেগৈ।
মোৰ বুকু ঢিপিং ঢিপিং …ফাৰ্ষ্ট হাফ গ’লেই ছাগে..কি বা হ’ল? দুবাৰ মান চেষ্টা দিলো- “হব দেআৰু… পাৰিবি,… পৰীক্ষাৰ আগদিনা আৰাম কৰিব লাগে….তইটো হিন্দী জানই ..ইমান বোৰ হিন্দী চিনেমা চালি .. একো নিশিকিলি নেকি?” মিছা ..কামত নাহিল।
বন্ধ টিভিটোলৈ দুখ মনেৰে চালো। পঢ়া সামৰিলেই খেলখন লগাব পাৰোঁ। পিছে এইমাত্ৰ ব্ৰেকিং নিউজ আহিল, হিন্দী ব্যাকৰণ ৰিভাইজ কৰা হোৱাই নাই বোলে… .ঢুৰৰৰৰৰৰৰৰৰৰৰ….
– “শুনিছা..এটা কথা শুনা তুমি। আমি হিন্দী কিয় পঢ়িব লাগে হে..কি দৰকাৰ। এই বিলাক হিন্দী সম্প্ৰসাৰণবাদীৰ কাম..তামিল, তেলুগু বিলাকে ঠিকেই কৰে, নপঢ়ে হিন্দী। আমি অসমীয়া মানুহ, অসমীয়া পঢ়িম, দৰকাৰ হ’লে ইংৰাজী পঢ়িম। ইয়াৰ মাজত আকৌ হিন্দীটো ক’ৰ পৰা আহিল?? এনেয়ো টিভি, চিনেমাৰ যোগেৰে হিন্দী বেল্টে ল’ৰাছোৱালীৰ মগজুত হিন্দী এনেকৈ সুমুৱাই দিছে, মানে বম্বিং কৰি দিছে, সিঁহতে নিজৰ সংস্কৃতি, নিজৰ ভাষা, নিজৰ স্বকীয়তা, সৱ পাহৰি গৈছে। আৰু, তাইৰ বয়সৰ লণ্ডনৰ ইংৰাজ ল’ৰা এটাই এতিয়া তিনিটা চাৰিটা ভাষা শিকি আছে নেকি?সেইবোৰ দেশে উন্নতি কিয় কৰিছে জানানে? কাৰণ সিঁহতে এতিয়া জীৱনৰ কাৰণে প্ৰয়োজনীয় বস্তু শিকি আছে, আৰু ভাষাৰ সমস্যা সমাধান কৰিবৰ কাৰণে প্ৰযুক্তি উদ্ভাৱন কৰি আছে। নেলাগে মোৰ ছোৱালীয়ে হিন্দী পঢ়িব..ফে’ল কৰক তাই ..মোৰ কোনো আপত্তি নাই। গুলি মাৰা ফাল্টু, আউটডেটেড থ্ৰী লেংগুৱেজ চিষ্টেম, আজিৰ যুগত কোনোবাই এগাল মান ভাষা শিকি সময় নষ্ট কৰে নেকি? গুগল ট্ৰেন্সলেট কিয় ওলাইছে?”
ফলস্বৰূপে এতিয়া মই আগফালৰ বাৰান্দাত, দুৱাৰ ভিতৰৰ পৰা বন্ধ, ভাৰতীয় শিক্ষা নীতি বাহিৰে বাহিৰে সলনি কৰি আহিলেহে ঘৰ সোমাবলৈ অনুমিত দিব বোলে।
ৰঙা প্লাষ্টিকৰ চকীখনত বহি আকাশলে চাই গুনগুনাই আছো….
“হাঁই হাঁই য়ে মজবুৰি, য়ে মৌচম ঔৰ য়ে দূৰী..
মুঝে পল পল য়ে বেহকায়ে,
তেৰী দো টকীয়ে কি টাৰ্ম টেষ্ট মেঁ মেৰা
লাখোঁ কা ফুটবল যায়ে…
ঢিং না না, ঢিং না না , ঢিং না না”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!