ধনী দেশ, দুখীয়া দেশ (শান্তনু চাংমাই)

ধনী দেশ, দুখীয়া দেশ

মানুহ এজনেই, চেহেৰা দুটি
দিন আৰু ৰাতি হয় সলনি
পৰে ছাঁ পৰে ৰ’দ
চয়তান আৰু সাধু
অভিন্ন একেটা শৰীৰতে
চৰিত্ৰই সলায় ৰং
সেই একে দুঠি ওঁঠেই
আজি পাৰে গালি
কালি বজায় বাঁহী…

নিতৌ সন্ধিয়া ৫ বজাত টিনা আৰু মীনাই একেজনী ৰেহানা মেডামৰ ওচৰলৈ টিউছন পঢ়িবলৈ যায় | দুইজনী খুব মৰমলগা ছোৱালী | টিনাৰ দেউতাকৰ কেইবাখনো বাগান, তিনিখন দোকান আৰু দহখন ভাড়া মাৰিবলৈ দিয়া গাড়ী আছে | মীনাৰ দেউতাকে ফ্ৰী-লেঞ্চিং কৰে; মানে হাজিৰা কৰা মানুহ | ৰেহানা মেডামে দুইজনীকে সমানে মৰম কৰে, ক্লাছ কৰাৰ পিছৰ ফ্ৰীজৰ পৰা উলিয়াই বৰফী খাবলৈ দিয়ে – ঠাণ্ডা ঠাণ্ডা বৰফী মুখত দি দুইজনীয়ে মিচিক মাচাক হাঁহে | সিঁহতক এদিন ৰেহানাই ৰচনা এখন লিখিবলৈ দিলে | দুয়োজনীয়ে যাতে নিজে নিজেই কথাবোৰ বুজি-বাজি ৰচনাখন লিখে, সেইকাৰণে দুয়োজনীকে বিষয়-বস্তু‍ও বেলেগ বেলেগ বাচি দিলে |

টিনাই লিখা খন

দুখীয়া পৰিয়াল
এখন ঠাইত এক দুখীয়া পৰিয়াল আছিল | তেওঁলোক বৰ দুখীয়া আছিল- মাক দুখীয়া, বাপেক দুখীয়া, আনকি ল’ৰা-ছোৱালী কেইটাও খুব দুখীয়া আছিল | পৰিয়ালটোত কাম-কাজ কৰি দিবলৈ দুজন চাকৰ আৰু এজনী ৰান্ধনী আছিল, তেওঁলোকো দুখীয়া আছিল | পৰিয়ালটোৰ গাড়ীখনো চাৰিবছৰ পুৰণি স্ক’ৰপিঅ’ হে | তাতে বহি দুখীয়া ড্ৰাইভাৰএজনে দুখীয়া ল’ৰা-ছোৱালী কেইটাক দুখীয়া দুমহলীয়া স্কুল এখনত থৈ আহে গৈ | ছুটী হোৱাৰ পিছত ল’ৰাটোৱে ছেকেণ্ড-হেণ্ড টাচ-স্ক্ৰীণ ম’বাইলটো উলিয়াইদুখীয়া ড্ৰাইভাৰটোক ফোন কৰে আৰু সি আহি সিঁহতক পুনৰ ঘৰলৈ লৈ যায় | পৰিয়ালটো ইমানেই দুখীয়া যে সপ্তাহত মাত্ৰ দুবাৰ হে তেওঁলোকে ফাইভ-ষ্টাৰ হোটেলতডিনাৰ কৰিবলৈ যাব পাৰে | গোটেই ঘৰটোত মাত্ৰ দুটা হে এয়াৰ-কণ্ডিছনাৰ | এনেকৈয়ে দুখৰ মাজত তেওঁলোকে যেনে তেনে জীয়াই থাকে |

মীনাই লিখা খন

ধনী পৰিয়াল
ধনী মানুহবোৰৰ খুব আৰাম | এজন মানুহ খুব ধনী আছিল, তেওঁ নিজৰ স্কুটাৰখনত উঠি য’তে ত’তে ঘুৰি ফুৰিছিল | এদিন তেওঁ ধনী চাই ছোৱালী এজনী বিয়া পাতিলে | যৌতুকত শহুৰে তেওঁক এটা ১৪ ইঞ্চি টিভি, এটা প্ৰেছাৰ কুকাৰ আৰু প্লাষ্টিকৰ ডাইনিং ছেট এযোৰ দিলে | স্কুটাৰত উঠি মানুহটো আৰু ঘৈণীয়েক গপছত ঘুৰি ফুৰে, দুখীয়া মানুহবোৰে হিংসাৰ দৃষ্টিৰে সিঁহতক চায় | মাজে মাজে নিজৰ ন’কিয়া ১১০০ম’বাইলটো উলিয়াই মানুহটোৱে চাৰিখন আলুৰ পাৰাঠা অৰ্ডাৰ কৰি দিয়ে, ঘৈণীয়েকেসেইদিনা পাকঘৰত কষ্ট নকৰাকৈ ১৪ ইঞ্চি টিভিটো চাই ঠেঙৰ ওপৰত ঠেং তুলি বহিথাকিব পাৰে | সিঁহতৰ ঘৰত কাৰেন্টো নাযায়- মানুহটোৱে আঠ হাজাৰ টকা কেছপেইমেন্ট দি ইনভাৰ্টাৰ এটা লগোৱাই লৈছে | মুঠতে ধনী মানুহঘৰৰ আৰামেই আৰাম |

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!