সোণৰ ধোঁৱাখোৱাৰে তেওঁ
সেৱন কৰে যন্ত্রণা
সেই ধোঁৱাৰে
মই ধুসৰ আকাশ
.
কল্লোলিনী কালিন্দীৰ মাজৰাতি
বথা এৰি থৰ ক'ৰে নাৱৰীয়া তই
তুলুং ভুটুং কৰে নাও
.
পানী ভাঙি ভাঙি দৌৰি আহে
বুকুত মেঠনি মৰা তিৰোতাজনী
কঁপালত জ্বলে মণি কৰ্ণেশ্বৰৰ জোন
দুচকুত পদুমফুলৰ দুটোপ জোনাক
.
ঘুংঘ্ ৰু বাজে নিয়ৰৰ
দেও পাৰি উঠে এটি হৰিণা পোৱালী
এডালি দুডালি ছিঙি খায় বন
হিমে ধোৱা এই নীল নিজান
.
মোৰ হাড়ে হাড়ে হিম হিমাই
কুঁৱলীয়ে বেঢ়া বাটচৰাত
তুমি আৰু এই
নিৰৱ প্রহৰ
.
বাকী সকলো শিল
যুগান্তৰৰ
.
শিলৰ বুকুৰে পাৰ হৈ
আহে আৰু যায়
পানীকুঁৱৰীৰ দোলা ...