ধৰ্মকান্তৰ কুঠাৰ- ৰাজীৱ ৰঞ্জন

ধৰ্মকান্তৰ কুঠাৰ
লিখক : ৰাজীৱ ৰঞ্জন
 

বাঘৰ চুকৰ ধৰ্মকান্তৰ গোটেই অঞ্চলটোত নাম আছে ভাল খৰিকটীয়া বুলি। গোটই অঞ্চলটোৰ খৰি যোগানৰ দায়িত্ব তাৰেই। নাম নাথাকিবনো কেলেই, ধৰ্মকান্তই যিমান সময়ত এডাল গছ কাটি, টুকুৰাবোৰ জাপি থৈ, গা পা ধুই ভাত পানী খাই জিৰণি লৈ অঁতাই, বাকী ৰাইজৰ সিমান সময়ত এডাল গছ কাটি শেষেই নহয়। এইটোক লৈ পাৰিলে ধৰ্মকান্তই অলপ গৰ্ব্ব নকৰাও নহয়। গোটেই অঞ্চলটোতেই বিয়া বাৰু, ৰাজহুৱা অনুষ্ঠান আদি হ’লেই খৰিৰ যোগানৰ দায়িত্ব ধৰ্মকান্তই পাবই পাব। পাছে যোৱাবছৰৰ বানে তাৰ এই জীৱিকাটোত মাধমাৰ লগালে। জাৰণি আধাখিনি পানীৰ তলত, খৰিগোটাই ক’ৰ পৰা?

আছে বুলিবলৈও অকল এই খৰি কটা বিদ্যাটোৱেই সি ভালকৈ জানে। সাতে পাঁচে মিলাই সি ঠিক কৰিলে চহৰলৈ গৈ কোনোবা কাঠ ফলা কল এটাত কামত সোমাব। ভবা মতেই কাম। চহৰলৈ গৈ মালিকৰ লগত কথা বতৰা হ’ল।পাচে মালিকৰ নতুন মানুহ ল’ব মন নাই। বোলে লগা মানুহখিনি আছেই, আৰু এজননো কেলেই লওঁ।ধৰ্মকান্তই যিমান পাৰি নিজৰ কথা ক’লে আৰু লগতে ভাল খৰিকটীয়া বুলি যে গোটেই অঞ্চলত তাৰ নাম আছে সেইটোও বুজাই দিলে। অলপ ভাবি মালিকে বোলে ঠিক আছে।এসপ্তাহ তোমাৰ কাম চাই লওঁ, তাৰ পাছত চিন্তা কৰিম।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!