নগৰ পৰিকল্পনাত সেউজীয়াকৰণৰ প্ৰয়োজনীয়তা আৰু আমাৰ গুৱাহাটী মহানগৰ —পাৰংগম শৰ্মা বশিষ্ঠ
যোৱা কিছুবছৰত জীৱিকা, শিক্ষা, উন্নত জীৱনধাৰণ আদিৰ বৰ্ধিত প্ৰয়োজনত গাওঁ অঞ্চলৰ পৰা চহৰ আৰু নগৰ অঞ্চললৈ ঘটা প্ৰব্ৰজনৰ হাৰ বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে ভাৰতৰ প্ৰতিখন চহৰ-নগৰতেই “চহৰীয়া/নগৰীয়া জনসংখ্যা”ৰ ব্যাপক বৃদ্ধি পৰিলক্ষিত হৈছে৷ ভাৰতৰ নগৰীকৰণৰ ধাৰাটো ঘাইকৈ চহৰ/নগৰ অঞ্চলৰ ক্ষেত্ৰীয় বিস্তৃতি আৰু দাঁতিকাষৰীয়া অঞ্চলৰ পৰা হোৱা প্ৰব্ৰজনৰ ফল বুলিব পাৰি৷ অৰ্থনৈতিক দিশৰ পৰা চহৰ আৰু নগৰৰ বিকাশে ভাৰতৰ দৰে উন্নয়নশীল দেশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ চহৰ অঞ্চলক আজি ভাৰতৰ অৰ্থনৈতিক প্ৰাণকেন্দ্ৰ বুলিব পাৰি, কিয়নো বাৰ্কলে ৰিপৰ্ট (Barclay Report) অনুসৰি বৰ্তমান প্ৰায় ৩১ শতাংশ ভাৰতীয়ই চহৰ অঞ্চলত বসবাস কৰে আৰু দেশৰ জনমূৰি আয়লৈ ৬৩ শতাংশৰ অবদান আগবঢ়ায়৷ অনুমান কৰা হৈছে যে ২০২০ চনলৈ ভাৰতৰ চহৰীয়া জনসংখ্যাৰ ৩৫ শতাংশই দেশৰ জনমূৰি আয়লৈ ৭০ৰ পৰা ৭৫ শতাংশ অৱদান আগবঢ়াব৷ চহৰীয়া জনসংখ্যা বৃদ্ধিৰ ধাৰাটো লক্ষ্য কৰিলে দেখা যায়— চহৰীয়া জনসংখ্যা ১৯০১ চনৰ ১১.৪ শতাংশৰ পৰা বৃদ্ধি হৈ ২০১১ চনত ৩১.১৬ শতাংশ হৈছেহি৷ তদুপৰি, চহৰীয়া জনসংখ্যা বৃদ্ধিৰ লক্ষণে এটা কথা স্পষ্ট কৰিছে যে ভাৰতত সৰু আৰু মজলীয়া চহৰৰ লগতে “লোকপিয়ল চহৰ“ (Census Town)ৰ দ্ৰুত গতিত বৃদ্ধি হৈছে৷
নগৰীকৰণৰ লগত জড়িত হৈছে চহৰ-নগৰৰ বিভিন্ন সমস্যা— ঘাইকৈ পৰিবহণ আৰু যানজঁটৰ সমস্যা, অনুপযুক্ত থকাঘৰ আৰু খোৱাপানীৰ সমস্যা, জাৱৰ-জোঁথৰৰ সমস্যা, শক্তি আৰু ইন্ধনৰ সমস্যা, পাৰিপাৰ্শ্বিকৰ সমস্যা (যেনে পৰিৱেশ প্ৰদূষণ, বতৰ পৰিৱৰ্তন) ইত্যাদি৷ ভাৰতৰ নগৰ অঞ্চলৰ সাধাৰণ সমস্যাৰ ভিতৰত আছে পৰিৱেশ প্ৰদূষণ, বন ধ্বংসকৰণ, জলাশয়-পিতনি ধ্বংসকৰণ, মাটিৰ উপৰিভাগৰ খৰতকীয়া পৰিৱৰ্তন (Land Cover Change), ভূমিৰ অনুপযুক্ত আৰু অপৰিকল্পিত ব্যৱহাৰ আৰু তাৰ ফলত হোৱা ভূমিস্খলন, কৃত্ৰিম বানপানী ইত্যাদি৷ এইবোৰে নগৰ-মহানগৰত ভয়াবহ ৰূপ ধাৰণ কৰি জনসাধাৰণৰ জীৱন-ধাৰণৰ মান নিম্নগামী কৰিছে৷ ২০৩০ চনলৈ বিশ্বৰ ৬০ শতাংশ মানুহে চহৰ অঞ্চলত বসবাস কৰিব৷ তেতিয়া দুখীয়া, উন্নয়নশীল দেশত নগৰীকৰণৰ ফলত সৃষ্টি হোৱা সমস্যাই আৰু অধিক গধুৰ আৰু অধিক কঠিন সমস্যাৰূপে গা কৰি উঠিব৷
এনে পৰিস্থিতিত উপযুক্ত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে চহৰ-নগৰৰ বিকাশ সাধন অতি দৰকাৰী বিষয় হিচাপে পৰিগণিত হৈছে৷ এনেবোৰ সমস্যাৰে মোকাবিলা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশে ২০৩০ চনলৈ মুঠতে ১৭টা “বহনক্ষম উন্নয়নৰ লক্ষ্য“ (Sustainable Development Goals, 2030) স্থিৰ কৰি লৈছে৷ উক্ত লক্ষ্যসমূহৰ ১১ নং লক্ষ্যটো বসতিস্থলৰ সৰ্বাংগীণ উন্নয়নৰ লগত জড়িত৷ চহৰ-নগৰৰ সেউজীয়াকৰণ বৰ্তমান সময়ত নগৰ পৰিকল্পনাৰ তিনিটা প্ৰধান উদ্দেশ্যৰ এটা৷ আন দুটা উদ্দেশ্য হৈছে অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন৷
নগৰ অঞ্চলত সেউজীয়া আৰু মুকলি ঠাইৰ অভাৱ ঘটা দেখা যায়৷ সেউজীয়া অঞ্চলে বায়ু পৰিশোধন কৰাৰ লগতে উষ্ণতা কমাই ৰখাত, মাটিৰ ক্ষয় ৰোধ কৰাত আৰু জৈৱ-বৈচিত্ৰ্য নিয়মীয়া কৰাত সহায় কৰে৷ গছ-গছনি আৰু সেউজীয়া অঞ্চলে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো উন্নতি সাধন কৰে৷ মানসিক অৱসাদ, মানসিক চাপ, হতাশাগ্ৰস্ততা আৰু অন্য বিভিন্নধৰণৰ মানসিক ৰোগ নিয়ন্ত্ৰণৰ বাবেও এইবোৰ প্ৰয়োজনীয়৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে পাৰ্ক, সেউজীয়া অঞ্চল, খেলা-ধূলা কৰিব পৰা মুকলি ঠাই, খেলপথাৰ আদিৰ অভাৱত বিশ্বত বছৰি মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ মৃতকৰ ৩.৩ শতাংশ৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই নগৰ পৰিকল্পনাত প্ৰতিজন নাগৰিকৰ বাবে ন্যূনতম ৯ বৰ্গমিটাৰ মুকলি ঠাই ৰখাটো জৰুৰী বুলি নিৰ্দেশ দিছে৷
প্ৰদূষণ নগৰীকৰণৰ আন এক জটিল সমস্যা৷ নিতি আয়োগৰ (NITI AAYOG) ৰিপ’ৰ্ট অনুযায়ী বৰ্তমান ভাৰতত চহৰ-নগৰ অঞ্চলে মাত্ৰ ২ শতাংশ ভূমি অধিকাৰ কৰিছে যদিও এই অঞ্চলে মুঠ ইন্ধনৰ ৬০ৰ পৰা ৮০ শতাংশ ব্যৱহাৰ কৰি প্ৰায় ৭৫ শতাংশ কাৰ্বন বায়ুমণ্ডললৈ এৰি দিয়ে৷ ৰাষ্ট্ৰীয় নগৰীকৰণ প্ৰতিষ্ঠান (National Institute of Urban Affairs, NIUA)-এ তাৰ “ভাৰতৰ নগৰ অঞ্চলৰ সেউজীয়া বিকাশৰ নিয়মাৱলী” নামৰ ৰিপ’ৰ্টটোত চহৰ-নগৰৰ সেউজীয়া বিকাশৰ লগত জড়িত ৮টা ক্ষেত্ৰ নিৰ্ধাৰণ কৰিছে৷ সেইকেইটাৰ ভিতৰত আছে— মাটিৰ ব্যৱহাৰ আৰু ঘনত্ব, পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য, শক্তি, বেপাৰ আৰু অৰ্থনৈতিক উন্নয়ন, বাসস্থান আৰু ঘৰ নিৰ্মাণ, জাবৰ-জোঁথৰ নিষ্কাষণ ইত্যাদি৷ এই ক্ষেত্ৰসমূহৰ প্ৰায় প্ৰতিটোতেই আমাৰ গুৱাহাটী, ভাৰতৰ বহুকেইখন উন্নত চহৰতকৈ পিছ পৰি আছে৷ গুৱাহাটী উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চহৰ, আৰু শিক্ষা, জীৱিকা, বেপাৰ-বাণিজ্য আদিৰ কেন্দ্ৰ৷ সেইবাবে মহানগৰখনৰ জনসংখ্যা যোৱা দুটা দশকত অতি দ্ৰুত গতিত বৃদ্ধি হৈছে৷
আন বহু মহানগৰৰ দৰে গুৱাহাটীয়েও নগৰীকৰণৰ বিভিন্ন কুফলৰ— যেনে পৰিৱেশ প্ৰদূষণ, যানজঁট, খোৱাপানীৰ সমস্যা, জাৱৰ-জোঁথৰ নিষ্কাষণৰ সমস্যা, জলাশয় ধংস, ভূমিস্খলন, কৃত্ৰিম বান আদিৰ সন্মুখীন হৈছে৷ দীপৰ বিলকে ধৰি প্ৰায় প্ৰতিখন বিল আৰু জলাশয় বসতিস্থলৰ অনিয়ন্ত্ৰিত বৃদ্ধি, দখলীকৰণ আদিৰ প্ৰভাৱত সংকুচিত হৈ পৰিছে৷ এইবোৰত জৈৱ বৈচিত্ৰ্যও হ্ৰাস পাইছে৷ পাহাৰ খনন কৰি, গছ গছনি কাটি বাসস্থানৰ বাবে ঠাই উলিয়াই লোৱাৰ ফলত বাৰিষা পাহাৰত ভূমিস্খলন হয় আৰু খহি অহা মাটিয়ে নলা-নৰ্দমা বন্ধ কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰিছে৷ কৃত্ৰিম বানৰ বাবে প্লাষ্টিক প্ৰদূষণো দায়ী৷ প্লাষ্টিক আৰু পলিথিনৰ বহুল ব্যৱহাৰ গুৱাহাটীৰ এটা অন্যতম সমস্যা৷
বনানিকৰণ, সেউজীয়াকৰণ, “সেউজীয়া বিকাশ” (Green Growth) আদিৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰৰ নগৰ পৰিকল্পনা (City/Urban Planning)ৰ দিশটো বহুখিনি পিছপৰা৷ “গুৱাহাটী নিৰ্মাণ নিয়মাৱলী” (Guwahati Building By Laws)য়ে ফ্লেট, এপাৰ্টমেণ্ট, ব্যৱসায়িক প্ৰতিষ্ঠান, অফিচ বিল্ডিং আদিত পৰিৱেশ প্ৰদূষণৰ লগত মোকাবিলা কৰিব পৰাকৈ সেউজীয়া অঞ্চল সৃষ্টি, বৃক্ষৰোপণ আদি বাধ্যতামূলক কৰিছে যদিও কাৰ্যতঃ এনে নিয়ম অতি কমকৈ মানি চলা হৈছে৷ ফ্লেট বা এপাৰ্টমেণ্টৰ ক্ষেত্ৰত দেখা যায় যে নক্সা কৰাৰ সময়ত উল্লেখ কৰা সেউজীয়া অঞ্চল পাছলৈ পাৰ্কিং বা তেনে কোনো ব্যৱসায়িক লাভালাভৰ কামত ব্যৱহাৰ হয়৷ অনুজ্ঞাপত্ৰৰ বাবে নক্সাত উল্লেখ কৰা সেউজীয়া অঞ্চলবোৰো পাছলৈ পকী কৰি বা পেভাৰ ব্লকৰ সহায়ত ঢাকি দিয়া হয়৷ ফলত বৰষুণৰ পানী মাটিৰ তললৈ বৈ যাব নোৱাৰে, আৰু ভূগৰ্ভৰ পানীৰ পুনঃগঠনত বাধাৰ সৃষ্টি কৰে৷
গুৱাহাটী মহানগৰৰ সেউজীয়াকৰণ, বনানিকৰণ আদিৰ উন্নয়নৰ উদ্দেশ্যে ভাৰতৰ বিভিন্ন চহৰৰ দৃষ্টান্ত গ্ৰহণ কৰিব পাৰি৷ গ্ৰীণ বিল্ডিং, সেউজীয়া নগৰ পৰিকল্পনা আদিৰ ফালৰ পৰা লেখত ল’বলগীয়া কেইখনমান চহৰ হৈছে জয়পুৰ, চণ্ডীগড়, আহমেদাবাদ, ভূপাল, গান্ধীনগৰ, নাগপুৰ ইত্যাদি৷ ইয়াৰে জয়পুৰৰ কথা বিশেষভাৱে উল্লেখযোগ্য, কিয়নো প্ৰাকৃতিক কাৰণত চহৰখন আমাৰ গুৱাহাটী বা উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো চহৰৰ তুলনাত ৰুক্ষ হ’লেও আৰু বৰষুণৰ পৰিমাণ আৰু সেউজীয়াৰ উপস্থিতি তাত কম যদিও, চহৰখন অতীজৰে পৰা কৌশলেৰে পৰিকল্পনা কৰা হৈছে৷ ছাত্ৰাৱস্থাত এই “পিংক চিটি”খনৰ পৰিকল্পনাৰ দিশবোৰ কিতাপ-পত্ৰ, আলোচনী আদিত পঢ়িছিলোঁ, ফলত চহৰখন ভালদৰে চোৱাৰ ইচ্ছা হৈছিল৷ পাছত কৰ্মসূত্ৰে কিছুকাল চহৰখনত থকাৰ সৌভাগ্য হোৱাত তাৰ নগৰ পৰিকল্পনাৰ ভালেমান কথা লক্ষ্য কৰিবলৈ সুযোগ পাইছিলোঁ৷ ইয়াৰে শেহতীয়া অগ্ৰগতিখিনি আমাৰ বাবে গুৰুত্বপূৰ্ণ৷
প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ, ক্ৰমবৰ্ধিত জনসংখ্যা আদি নেওচি জয়পুৰ চহৰে সেউজীয়াকৰণ কাৰ্যসূচী আৰু গৃহ নিৰ্মাণ নিয়মাৱলী গ্ৰহণ কৰি সেউজীয়া চহৰ (Green City) হৈ পৰাৰ দিশত সফলতাৰে আগবাঢ়িছে৷ ২০১৭ চনৰ জয়পুৰ বিকাশ প্ৰাধিকৰণ (Jaipur Development Authority)ৰ মতে, চহৰখনত ২০২৫ চনৰ বাবে কৰা মুখ্য পৰিকল্পনা (Master Plan)ত পৰিকল্পিত ২০% সেউজ অঞ্চলৰ ১১.৪ শতাংশ সেউজ অঞ্চল আছে৷ তথাপি বৃক্ষৰোপণ কাৰ্যসূচী আৰু জনসাধাৰণৰ সজাগতা সৃষ্টিৰ বাবে লোৱা কাৰ্য্যসূচীসমূহৰ যোগেদি সেই সময়লৈ এই লক্ষ্য পূৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷ জয়পুৰ বিকাশ প্ৰাধিকৰণে চহৰখনৰ গৃহ নিৰ্মাণ নিয়মাৱলীত ফ্লেট, এপাৰ্টমেণ্ট, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ চৌহদত মুকলি ঠাই আৰু সেউজীয়া অঞ্চল বাধ্যতামূলক কৰিছে, লগতে এইবোৰ নিৰীক্ষণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে৷ ই সেউজীয়াৰ বিকাশ (Green Growth)ৰ প্ৰতি মালিকপক্ষ আৰু নিৰ্মাণকাৰীৰ আগ্ৰহ বঢ়োৱাৰ উদ্দেশ্যে “সংযুক্ত গৃহ নিৰ্মাণ নিয়মাৱলী, ২০১৭” (Unified Building Bye Laws, 2017)ত অতিৰিক্ত ৭.৫ শতাংশ মজিয়া ঠাই (Floor Area)ৰ ব্যৱস্থা কৰিছে৷ ভাৰতীয় গ্ৰীণ বিল্ডিং সংস্থা (Indian Green Building Council)ই ৰাজস্থানৰ প্ৰায় ১১০টা প্ৰকল্পৰ সৰ্বমুঠ ১০৬০ লাখ বৰ্গফুট ঠাইক সেউজ প্ৰমাণপত্ৰ প্ৰদান কৰিছে, তদুপৰি প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ প্ৰমাণপত্ৰ থকা গৃহক ১৫ শতাংশ, ১০ শতাংশ আৰু ৭৫ শতাংশ বৰ্ধিত মজিয়া ঠাই দিয়াৰ নিয়ম কৰিছে৷ জয়পুৰৰ পৰ্যটনস্থল, চহৰখনৰ ঐতিহ্যমণ্ডিত জলমহল আৰু মানসাগৰ জাবৰ-জোঁথৰ পেলোৱা ঠাইত পৰিণত হৈছিল৷ ইয়াক অতি কৌশলেৰে, সুপৰিকল্পনাৰ জৰিয়তে নিকা আৰু প্ৰাণৱন্ত (rejuvenated) হ্ৰদলৈ ৰূপান্তৰ কৰা হৈছে৷ জয়পুৰ চহৰৰ হ্ৰদৰ নিকাকৰণ আৰু প্ৰাণৱন্তকৰণ (Lake Rejuvenation) ভাৰতৰ বিভিন্ন চহৰৰ লগতে গুৱাহাটীৰ বাবেও আদৰ্শস্বৰূপ৷
জয়পুৰৰ দৰে এখন আদৰ্শ চহৰ হৈছে চণ্ডীগড়৷ চণ্ডীগড় আগৰে পৰাই পৰিকল্পিত চহৰ৷ ই আজিও সুপৰিকল্পিত৷ এই দ্ৰুত জনসংখ্যা-বিস্ফোৰণ তথা প্ৰব্ৰজনৰ সময়তো ইয়াৰ ৩৫ শতাংশতকৈ অধিক ভূখণ্ড গছ-গছনিৰে ভৰা, অৰ্থাৎ সেউজীয়া৷ চহৰখনৰ ২০১০ চনৰ কৰ্মনিৰ্ধাৰণ আঁচনি (Action Plan, 2010) অনুসৰি, তাৰ প্ৰতিজন লোকে গড়ে ৫৫ বৰ্গমিটাৰ মুকলি আৰু সেউজীয়া ভূমি উপভোগ কৰিব পাৰে৷ জয়পুৰ আৰু চণ্ডীগড়ৰ নিচিনা উদাহৰণ বহুত আছে৷ এনে উদাহৰণৰ পৰা নগৰ পৰিকল্পনাৰ আৰু সেউজীয়া অঞ্চল সৃষ্টিৰ শিক্ষা লৈ গুৱাহাটী মহানগৰৰ সমস্যাসমূহ সমাধান কৰিব পৰা যাব পাৰে৷ অৱশ্যে নগৰ পৰিকল্পনা উৎস-কেন্দ্ৰিক (Source Specific) আৰু স্থান-কেন্দ্ৰিক (Site Specific) হোৱা হেতুকে সকলো অভিজ্ঞতা আৰু শিক্ষা কোনো এঠাইত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাটো সম্ভৱ নহয়, জোৰকৈ কৰিলেও ভুল কৰা হ’ব৷ আমি আমাৰ অভিজ্ঞতা আৰু শিক্ষাৰ প্ৰাসংগিক অংশটিহে প্ৰয়োগ কৰা উচিত হ’ব৷ জয়পুৰ, চণ্ডীগড় আদিৰ পৰা পোৱা প্ৰাসংগিক শিক্ষাৰে গুৱাহাটী মহানগৰৰ পুৰণিকলীয়া নগৰ পৰিকল্পনা (Urban Planning) আৰু নগৰ পৰিচালনা (Urban Management)ৰ ধৰণ সলনি কৰি “সেউজীয়া বিকাশ” ( Green Growth)ৰ দিশত আগ বঢ়াটো অতি প্ৰয়োজনীয় হৈ উঠিছে৷