অসমৰ প্ৰেক্ষাপটত কম্পিউটাৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিবিদ্যা অধ্যয়নৰ কিছু তথ্য – ড° মনোজ কুমাৰ ডেকা

বৰ্তমান সময়ত কম্পিউটাৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিবিদ্যা বিষয়টো যথেষ্ট চৰ্চিত বিষয়৷ প্ৰায় সকলো বিষয়ত সকলো বিভাগত কম্পিউটাৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য হৈ পৰিছে৷ অসমতে থাকি কম্পিউটাৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিবিদ্যা বিষয়ত অধ্যয়ন কেনেদৰে ক’ত কৰিব পাৰি তাৰে কিছু তথ্য এইটো লিখনিৰ দ্বাৰা দিবলৈ চেষ্টা কৰা হৈছে৷
আজিকালি উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত কম্পিউটাৰ বিষয়ক এখন পেপাৰ বা এটা বিষয় থাকে৷ এই বিষয়টো পঢ়িলে কম্পিউটাৰৰ সাধাৰণ জ্ঞানখিনি লৈ ল’ব পাৰি৷ উচ্চতৰ মাধ্যমিকৰ পিছত কম্পিউটাৰ আৰু তথ্য-প্ৰযুক্তি বিজ্ঞান বিষয়টোক বিভিন্ন ধৰণেৰে পঢ়িব পাৰি৷ তলত সেইবোৰ উল্লেখ কৰা হ’ল:
(১) কম্পিউটাৰ / তথ্য-প্ৰযুক্তি বিজ্ঞান (ভ’কেচনেল কোৰ্চ): এইটো তিনি বছৰীয়া ডিগ্ৰী কোৰ্চ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজত এই বিষয়টো পঢ়িব পাৰি৷ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ (কলা বা বিজ্ঞান উভয় শাখা) হ’লে এই বিষয়টো পঢ়িবলৈ আবেদন কৰিব পাৰি৷
এই বিষয়টো অধ্যয়ন কৰিব পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজৰ নাম তলত উল্লেখ কৰা হ’ল:
(ক) বিৰজৰা মহাবিদ্যালয়, বঙাইগাওঁ
(খ) ভোলানাথ মহাবিদ্যালয়, ধুবুৰী
(গ) লোলিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়, গুৱাহাটী ইত্যাদি
(২) কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিজ্ঞান (মেজৰ কোৰ্চ): এইটো তিনি বছৰীয়া ডিগ্ৰী কোৰ্চ৷ কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিষয়ক গুৰু (মেজৰ) বিষয় হিচাপে লৈ পঢ়িলে বি.এচ.চি. (কম্পিউটাৰ/তথ্য-প্ৰযুক্তি) ডিগ্ৰী পোৱা যায়৷ এই বিষয়টো পঢ়িবলৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান উভয় শাখাত উত্তীৰ্ণ হ’ব লাগিব৷ লগতে উচ্চতৰ মাধ্যমিকত গণিত বিষয়টোত উত্তীৰ্ণ হোৱাৰ নম্বৰো লাগিব৷
গুৱাহাটী বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজত (যেনে: গুৱাহাটীস্থ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়; ভোলানাথ মহাবিদ্যালয়, ধুবুৰী, চাইঞ্চ কলেজ, কোকৰাঝাৰ ইতাদি) এই বিষয়টো পঢ়িব পাৰি৷ কটন বিশ্ববিদ্যালয়তো এই বিষয়টো পঢ়িব পাৰি৷
(৩) কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিজ্ঞান (পাচ কোৰ্চ): এইটো তিনি বছৰীয়া ডিগ্ৰী কোৰ্চ৷ কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিষয়টোক পাচ কোৰ্চ বিষয় হিচাপে লৈ পঢ়িলে বি.এচ.চি ডিগ্ৰী (পাচ ক’ৰ্চ) পোৱা যায়৷ এই বিষয়টো পঢ়িবলৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান উভয় শাখাত উত্তীৰ্ণ হ’ব লাগিব৷ লগতে উচ্চতৰ মাধ্যমিকত গণিত বিষয়টোত উত্তীৰ্ণ হোৱাৰ নম্বৰো লাগিব৷
গুৱাহাটী বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজত এই বিষয়টো পঢ়িবলৈ সুবিধা আছে৷
(৪) বি.চি.এ. (Bachelor of Computer Application): এইটো তিনি বছৰীয়া ডিগ্ৰী কোৰ্চ৷ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ (কলা বা বিজ্ঞান উভয় শাখা) হ’লে এই বিষয়টো পঢ়িবলৈ আবেদন কৰিব পাৰি৷ কিন্তু উচ্চতৰ মাধ্যমিকত গণিত বিষয়টোত উত্তীৰ্ণ হোৱাৰ নম্বৰ লাগিব৷ কলা শাখাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ক’ৰ্চৰ প্ৰথম ষান্মাষিকত এখন অতিৰিক্ত পেপাৰ থাকে৷ এই পেপাৰ খনক “Bridge Course” বুলি কোৱা হয়৷
গুৱাহাটী বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজত এই বিষয়টো পঢ়িবলৈ সুবিধা আছে৷ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়তো এই বিষয়টো উপলভ্য৷
(৫) বি.ই./বি.টেক. (Bachelor of Engineering/Bachelor of Technology): এইটো চাৰি বছৰীয়া ইঞ্জীনিয়াৰিং ডিগ্ৰী৷ ইঞ্জীনিয়াৰিং ডিগ্ৰীৰ বিভিন্ন ব্ৰাঞ্চ থাকে৷ আজিকালি অসমত থকা প্ৰায়বোৰ বিশ্ববিদ্যালয় বা প্ৰায়বোৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়বোৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান আৰু তথ্যপ্ৰযুক্তিবিদ্যাৰ ব্ৰাঞ্চ আছে৷
এই বিষয়টো পঢ়িবলৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান উভয় শাখাত উত্তীৰ্ণ হ’ব লাগিব৷ লগতে উচ্চতৰ মাধ্যমিকত গণিত বিষয়টোত উত্তীৰ্ণ হোৱাৰ নম্বৰো লাগিব৷ আই আই টি, গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়, ডিৱ্ৰুগড় বিশ্ববিদ্যালয় বা এই বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়, চি আই টি, কোকৰাঝাৰ, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্চিটী, ড’নবস্ক’ বিশ্ববিদ্যালয় আদিত এইটো ক’ৰ্চটো পঢ়িব পাৰি৷
JEE (Joint Entrance Examination), CEE (Combined Entrance Examination) আদি বাছনি পৰীক্ষাৰ যোগেৰে অসমত থকা বিভিন্ন বিশ্ববিদ্যালয়, বিভিন্ন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত ইঞ্জীনিয়াৰিং ক’ৰ্চত নামভৰ্তি কৰিবলৈ দিয়া হয়৷
(৬) পি.জি.ডি.চি.এ. (Post Graduate Diploma in Computer Application): তিনি বছৰীয়া ডিগ্ৰীৰ (যিকোনো শাখাৰ পৰা) পিছত এই ক’ৰ্চটো কৰিব পাৰি৷ এইটো এবছৰীয়া ডিপ্ল’মা ক’ৰ্চ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কিছু কলেজত এই বিষয়টো পঢ়িবলৈ সুবিধা আছে৷ তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰ্তিষ্ঠান চমুকৈ আইড’ল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়তো এই বিষয়টো উপলভ্য৷
(৭) কম্পিউটাৰ বিজ্ঞান/তথ্যপ্ৰযুক্তিবিদ্যা (এম.এচ.চি.): এইটো দুবছৰীয়া মাষ্টাৰ্চ ক’ৰ্চ৷ গুৱাহাটী বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰ্তিষ্ঠান চমুকৈ আইড’ল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আদিত এইটো ক’ৰ্চটো পঢ়িব পাৰি৷
এই ক’ৰ্চটোত নাম ভৰ্ত্তি কৰিবলৈ লগা ন্যূনতম অৰ্হতা এনেকুৱা ধৰণৰ: ( যি কোনো এটা)
(ক) বিজ্ঞানৰ স্নাতক হ’ব লাগিব৷ লগতে পি.জি.ডি.চি.এ. বা ইয়াৰ সমপৰ্যায়ৰ পোষ্ট-গ্ৰেজুৱেট ডিপ্ল’মা লাগিব৷
(খ) কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিজ্ঞান গুৰু (মেজৰ) বিষয় হিচাপে লৈ উত্তীৰ্ণ হ’ব লাগিব৷
(গ) কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিজ্ঞান পাচ কোৰ্চ লৈ ডিগ্ৰী উত্তীৰ্ণ হ’লেও হ’ব৷
(ঘ) বি.চি.এ. (Bachelor of Computer Application) ডিগ্ৰী থাকিলেও হ’ব৷
ওপৰৰ চাৰিটাৰ যিকোনো এটা অৰ্হতা থাকিলেও কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যাত এম.এচ.চি. কৰিবলৈ আবেদন কৰিব পাৰি৷ আটাইকেইটা অৰ্হতাৰে মিল থকা কথাটো হ’ল যে আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিকত গণিত বিষয়টোত উত্তীৰ্ণ হ’ব লাগিব৷ কোনো বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়তো গণিত বিষয়টোত উত্তীৰ্ণ হোৱাৰ নম্বৰ বিচাৰিব পাৰে৷
(৮) এম.চি.এ. (Mater of Computer Application): এইটো তিনি বছৰীয়া মাষ্টাৰ্চ ক’ৰ্চ৷ তেজপুৰ বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়, ডিৱ্ৰুগড় বিশ্ববিদ্যালয় বা এই বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰ্তিষ্ঠান চমুকৈ আইড’ল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আদিত এই ক’ৰ্চটো পঢ়িব পাৰি৷
এই ক’ৰ্চটোত নাম ভৰ্ত্তি কৰিবলৈ লগা ন্যূনতম অৰ্হতা এনেকুৱা ধৰণৰ:
স্নাতক হ’ব লাগিব (যিকোন বিষয়ৰ হ’লেও হ’ব)৷ গুৰু বিষয় লৈ স্নাতক হ’লে ৫০% নম্বৰ বা পাচ ক’ৰ্চ লৈ স্নাতক হ’লে ৫৫% নম্বৰ স্নাতক পৰ্যায়ত থাকিব লাগিব৷ অনুসূচীত জাতি আৰু জনজাতিৰ বাবে প্ৰতিক্ষেত্ৰতে ০৫% ৰেহাই দিয়া হয়৷ আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক পৰ্যায়ত গণিত বিষয়টোত উত্তীৰ্ণ হ’ব লাগিব৷
(৯) এম.টেক. (Master of Technology): দুবছৰীয়া মাষ্টাৰ্চ ক’ৰ্চ৷ টেকনিকেল বিষয়ক৷ আই.আই.টি., গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয়, ডিৱ্ৰুগড় বিশ্ববিদ্যালয় বা এই বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ স্বীকৃত শিক্ষানুষ্ঠান, গুৱাহাটী বিশ্ববিদ্যালয়, ড’নবস্ক’ বিশ্ববিদ্যালয় আদিত এইটো ক’ৰ্চ পঢ়িব পাৰি৷
আবেদনকাৰীৰ ন্যূনতম অৰ্হতা লাগিব তলত উল্লেখ কৰা ধৰণেৰে ( যিকোনো এটা):
(ক) কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা বিষয়ত চাৰি বছৰীয়া ইঞ্জীনিয়াৰিং ডিগ্ৰী
(খ) এম.চি.এ.
(গ) কম্পিউটাৰ/তথ্য-প্ৰযুক্তি বিজ্ঞানত এম.এচ.চি.
GATE কোৱালিফাই কৰি এম.টেক. কৰিলে জলপানি পোৱা যায়৷
(১০) এম.ফিল. (Master of Philosophy): এবছৰীয়া ক’ৰ্চ৷ বডোলেণ্ড বিশ্ববিদ্যালয়ত উপলবদ্ধ৷
আবেদনকাৰীৰ ন্যূনতম অৰ্হতা লাগিব তলত উল্লেখ কৰা ধৰণেৰে ( যিকোনো এটা):
(ক) স্নাতকোত্তৰ ডিগ্ৰী (এম.এচ.চি.) লাগিব; কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা/ইলেকট্ৰ’নিক্স/ইনষ্ট্ৰউমেণ্টেচন আদি কোনো এটা বিষয়ত
(খ) এম.চি.এ. (Master of Computer Application)
(গ) এম.টেক. (Master of Technology) লাগিব; কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা/ইলেকট্ৰ’নিক্স/ইনষ্ট্ৰউমেণ্টেচন আদি কোনো এটা বিষয়ত
(১১) পি.এইচ.ডি. (Doctor of Philosophy): অসমৰ বহু বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা বিভাগৰ বিভিন্ন বিষয়ত গৱেষণাৰ সুবিধা আছে৷ তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, বডোলেণ্ড বিশ্ববিদ্যালয়, ডিৱ্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, ড’নবস্ক’ বিশ্ববিদ্যালয় আদিত কম্পিউটাৰ বিজ্ঞান / তথ্যপ্ৰযুক্তিবিদ্যা বিভাগত পি.এইচ.ডি. কৰাৰ সুবিধা আছে৷
আবেদনকাৰীৰ ন্যূনতম অৰ্হতা লাগিব তলত উল্লেখ কৰা ধৰণেৰে ( যিকোনো এটা):
(ক) স্নাতকোত্তৰ ডিগ্ৰী (এম.এচ.চি.) লাগিব; কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা/ ইলেকট্ৰ’নিক্স/ইনষ্ট্ৰউমেণ্টেচন আদি কোনো এটা বিষয়ত
(খ) এম.চি.এ. (Master of Computer Application)
(গ) এম.টেক. (Master of Technology) লাগিব; কম্পিউটাৰ বিজ্ঞান/তথ্য-প্ৰযুক্তিবিদ্যা/ইলেকট্ৰ’নিক্স/ইনষ্ট্ৰউমেণ্টেচন আদি কোনো এটা বিষয়ত

(বিশেষ দ্ৰষ্টৱ্য: ক’ৰ্চবোৰ সংক্ৰান্তত উদাহৰণ হিচাপে কেইখনমান শিক্ষানুষ্ঠানৰ নামহে উল্লেখ কৰা হৈছে, যাতে ইচ্ছুক পাঠকে বুজি পায় যে এই ধৰণৰ বিষয় অধ্যয়নৰ বাবে অসমতে সুবিধা আছে৷)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!