নথকাৰ বিপদ (দেৱব্ৰত গগৈ)
নথকাৰ বিপদ
– দেৱব্ৰত গগৈ
পাঁচ বছৰীয়া ল’ৰা এটাৰ হাতত পিষ্টল এটা থাকিলে আপুনি তাক গালি পাৰিবনে ? নিশ্চয় কেতিয়াও নাপাৰে । মাৰিবলৈতো ভুলতেও নাযায় । তাক ফুচুলাই যেনেতেনে সৈমান কৰোৱাবলৈ চেষ্টা কৰিব । মানে আলোচনাত বহিব, তাকো ততাতয়াকৈ । কাৰণ ট্ৰিগাৰত কেতিয়া আঙুলি পৰিব ঠিকনা নাই । পিছে সেই পাঁচ বছৰীয়া ল’ৰাটোৱে যেতিয়া কিহবাত খং উঠি আপোনালৈ খালী হাতেৰে চোঁচা মাৰি আহে আপুনি চাগে কেৰেপও নকৰিব তাক । খুব বেছি কাণতলীয়া এটা সোধাই তাক আঁতৰাই পঠিয়াব আৰু চৰ খোৱা ল’ৰাটোৱে আঁতৰি যাওঁতে মনে মনে ভাবি যাব – “চাল্লা, পিষ্টল এটা থকা হ’লে গম পালিহেঁতেন” আৰু তেওঁলোকেও সেই একেটা কথাকে ভাবি ভাবি গুচি গ’ল । তেওঁলোক মানে হিটলাৰ, ছাদ্দাম হুছেইন, বিন লাডেন, কৰ্ণেল গাড্ডাফি । ভাবখিনিৰ মাজত পাৰ্থক্য মাথোন এটাই, পিষ্টলৰ ঠাইত ‘পৰমাণু বোমা’ । আটাইকেইজন সঁচাই যেন একোটাহঁত অবুজন পাঁচ বছৰীয়া ল’ৰা । ইতিহাসৰ গতিটোকে সলনি কৰিবলৈ বিচৰা একোজন অসাধাৰণ মানুহ । এই অসাধাৰণটো ঋণাত্মক নে ধনাত্মক সেইটো পাছৰ কথা, পিছে মানৱ ইতিহাসৰ গ্ৰন্থখনত আটাইকেইজন হৈছে একোখিলা পূৰ্ণাংগ পৃষ্ঠা, যি কেইখিলাক ফালি আঁতৰাই দিলে গ্ৰন্থখন অসম্পূৰ্ণ হৈ ৰ’ব । হয়, এই আটাইকেইজনকে লাগিছিল পৰমাণু বোমা । নিজৰ স্থিতি আৰু মত বজাই ৰাখিবলৈ, নিজৰ ঊদ্দেশ্য সাধন কৰিবলৈ আৰু আটাইকেইজনে এই প্ৰাপ্তিত বিফল হৈছিল । শেহতীয়াকৈ কৰ্ণেল গাড্ডাফি । এইটো সূৰ্যৰ দৰে সত্য যে মাথোন এটা পৰমাণু বোমাৰ অধিকাৰী হোৱা হ’লেই কৰ্ণেল গাড্ডাফি আজি পৰ্যন্ত লিবিয়াৰ শাসক হৈ থাকিলে হয় । গাড্ডাফিয়ে হেনো সত্তৰ দশকতে ভাৰতৰ দুৱাৰত টোকৰ মাৰিছিল পৰমাণু বোমাৰ নিৰ্মাণ সূত্ৰ আহৰণৰ বাবে । পিছে ভাৰতে নাকচ কৰিছিল সেই অনুৰোধ । চীন আৰু ৰাছিয়াইও তেওঁক হতাশ কৰিছিল, আমেৰিকা বা আন পশ্চিমীয়া পৰমাণু শক্তিধৰ দেশৰ কথাতো ক’বই নালাগে । সেয়ে অফুৰন্ত সম্পদৰ দেশ হৈও লিবিয়াই পৰমাণু বোমা আহৰণ কৰিব নোৱাৰিলে । অৱশ্যে লিবিয়াৰ নাছিল আব্দুল কালামৰ দৰে মানৱ সম্পদ । চীনে পৰমাণু বোমাৰ নিৰ্মাণৰ সময়ত ৰাছিয়াৰ পৰা কাৰিকৰী সহায় বিচাৰি হতাশ হওঁতে তাক প্ৰত্যাহ্বান হিচাপে লৈছিল আৰু কৈছিল আমি আমাৰ মগজুৰে বোমা তৈয়াৰ কৰিম । ছাদ্দাম হুছেইন, গাড্ডাফি বা লাডেনৰ দুৰ্ভাগ্য, তেওঁলোকৰ কাষত তেনে মগজু নাছিল । পিছে হিটলাৰে তেনে অসাধাৰণ মগজুটোকে আঁতৰাই পঠাইছিল । হয় আইনষ্টাইনৰ কথা কৈছোঁ । সকলোফালৰ পৰাই চালে দেখা যায় যে হিটলাৰেই প্ৰথম পৰমাণু বোমাৰ অধিকাৰী হ’ব লাগে, কিন্ত তেওঁৰ অদূৰদৰ্শিতাৰ বাবেই আমেৰিকাহে প্ৰথম হ’ল এই ক্ষেত্ৰত আৰু সেই একেই অদূৰদৰ্শিতাৰে হিটলাৰে সুভাষ চন্দ্ৰ বসুক নাকচ কৰিছিল আৰু ভাৰতে অহা দুশ বছৰলৈকে স্বাধীনতা নাপায় বুলি নেতাজীক ওভতাই পঠিয়াইছিল ।নহ’লে হয়তো দ্বিতীয় মহাসমৰৰ ফলাফল বেলেগ হ’লহেঁতেন । ভাৰতে পূৰ্ণাংগ স্বাধীনতা পালেহেঁতেন দ্বিখণ্ডিত নোহোৱাকৈ ।
আজিৰ বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে জনা যায় যে এখন দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পৰমাণু বোমাৰ অপৰিহাৰ্যতা কিমান । পাকিস্তানে ইছলামিক মৌলবাদীক আশ্ৰয় দি আমেৰিকাক যিমানেই আমনি নকৰক লাগে কিন্ত আমেৰিকাই পাকিস্তানৰ ওপৰত চূড়ান্ত সামৰিক পদক্ষেপ কেতিয়াও নলয় বা ল’ব নোৱাৰে । আমেৰিকাই ছাদ্দাম হুছেইন বা গাড্ডাফিক মানৱ অধিকাৰ ভংগৰ দোষত দোষী সাব্যস্ত কৰিছে আৰু তেওঁলোকক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ প্ৰত্যক্ষ বা পৰোক্ষ পদক্ষেপ লৈছে । পিছে কোনোবাই ক’ব পাৰিবনে যে একেই মানৱ অধিকাৰ ভংগ পাকিস্তান বা ভাৰতত হোৱা নাই বুলি । বেছি দুৰলৈ নাযাওঁ, আমাৰ উত্তৰ পূৰ্বাঞ্চলতেই যদি চাওঁ, চৰকাৰীভাৱেই হৈ আছে কত মানৱ অধিকাৰ ভংগৰ ঘটনা । ভাৰতীয় সৈন্য বাহিনীয়ে “সেনাৰ বিশেষ আইনৰ” দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত যি মানৱ অধিকাৰ ভংগৰ ঘটনা ঘটাইছে আৰু তাৰ প্ৰতিবাদত মণিপুৰৰ ইৰমে যি ঐতিসাহিক অনশন চলাই আছে, এই সকলোবোৰ আমেৰিকাৰ নখ-দৰ্পণত আছে । কেৱল লিবিয়া-ইৰাকতেই নহয় আমেৰিকাই এনে পৰিস্থিতি পৃথিৱীৰ সকলোতে বিচাৰে, আনকি ভাৰততো । কাৰণ একক আধিপত্য তেওঁলোকৰ লক্ষ্য । কিবা পৰিস্থিতিত যদি ভাৰতৰ পৰমাণু শক্তি নোহোৱা হৈ যায় আমেৰিকাই গেলা ঘাঁ উকটি দি উকটিব উত্তৰ–পূৰ্বাঞ্চলত মানৱ অধিকাৰ ভংগৰ পুৰণা ঘটনা । কাৰণ তেওঁলোকক চেলু লাগে, নলগা জেঙত লাগিবলৈ । আমেৰিকাৰ এই আধিপত্য বিস্তাৰৰ বাবে চেঁকুৰ মেলা কোৱাল অশ্বমেধ ঘোঁৰাটোক বাধা দিবলৈ দুৰ্ভাগ্যক্ৰমে আজিৰ পৃথিৱীত আন কোনো শক্তি নাই । সেয়ে লাডেনে এক সূত্ৰ উলিয়াইছিল আমেৰিকাৰ এই গতিক বাধা দিবলৈ । যিটো সূত্ৰ সঁচাই মানৱ জাতিৰ বাবে ঋণাত্মক বুলি সাব্যস্ত হৈছে । “আমেৰিকাৰ ৰক্তক্ষৰণৰ” সূত্ৰ । ৯/১১-ৰ ঘটনা সেই সূত্ৰৰেই ফচল । আমেৰিকাৰ অধিক ৰক্তক্ষৰণৰ উদ্দেশ্যেৰেই লাডেনেও বিচাৰিছিল এটা মাত্ৰ পৰমাণু বোমা । মানৱ জাতিৰ সৌভাগ্য আৰু লাডেনৰ দুৰ্ভাগ্য, লাডেনে পৰমাণু বোমাটো নাপালে ।
আজি দেৱালীৰ বাবে কণমানিটোলৈ ফুলঝাৰি কিনোতে দোকানীয়ে হাতত সৰু কাগজৰ বাকচ এটা লৈ চিঞৰি আছিল — “দাদা, লৈ যাওক…….লৈ যাওক, লাডেন বোমা…….লাডেন বোমা ।”