নদী – হিৰন্ময়ী মেধি
নদীখন হেনো মোৰেই আছিল
জীয়াই থাকোতে য’ত মই গা ধুই নাপালোঁ
সুখৰ দিনত সকলো ভালেই আছিল
নদীতো নাছিল ভাঁজ
জাঁজীত লাগি উচুপি থকা নাছিল
মেটেকাফুলীয়া লাজ
সাঁথৰ ভাঙোতে সাঁথৰ ওলায়
নদী মৰি জী উঠে
সপোনৰ মাজুলী
নিজাকৈ একোখন নদী থকাবোৰে জানে
ভাঁজবোৰ কাতি কৰি
বাৰিষা খৰালি দেওদি
নিৰলস বৈ থকাৰ যন্ত্ৰণা কি
মোৰ বুকুতো বৈ আছিল এখন শাওণী নদী
ফেনিল বুকুৰ জাঁজীত বহি জিৰাইছিল
যাযাবৰ সুৰীয়া পখী
মই মৃত
বুকুৰ মোহনাত মাথোন সাৰে আছে
সপোনৰ এখন শীৰ্ণ নদী ৷৷