নবীনৰ দশা… (মাধুৰমা ঘৰফলীয়া)
নবীনৰ দশা…
মাধুৰমা ঘৰফলীয়া
বেঙা নবীনে কি জানিব ……ঘৈণীয়েকে কালি কোৱা কথাষাৰৰ বাবে নবীনৰ মূৰটো আজিও গৰম হৈ আছে। সি কালিয়ে তাৰ জীৱনৰ চৰম সিদ্ধান্তটো ল’লে। লগতে কাগজ এখনত নাম এসোপাও লিখি লৈছে, যাতে তাৰ শত্ৰুবোৰৰ নামবোৰ পাহৰি নাযায়। এইবাৰ সি মৰিবই। কোনে ইমান লাঞ্ছনা সহি থাকে। আৰু মৰিয়ে সি ভূত হৈ প্ৰথমে সেই কাটাৰত থকা ডাক্তৰজনক টেঁটু চেপা দিবগৈ…যিজনে তাৰ নাম লৈ ইমান ল’ৰা-ধেমালি কৰি দিলে। তাৰ পাছত সেই বাকীসকলক….হুহ লাইক কৰিবলৈ আহে। আৰু একেবাৰে শেষত তাৰ এই ঘৈণীজনীক… এই সিহঁতৰ কথা-বতৰাবোৰ পঢ়ি তাক যিমান বেছি ঠাট্টা কৰিলে..তাৰ এটা এটা প্রতোশোধ ল’ব। জীৱন্তে তাইক দিম বুলিও ভয়তে দিব নোৱাৰা ফলাখৰিৰ কোবকেইটা ভূত হৈ দিব। লাগিলে ক’ৰবাৰ পৰা মাইকী ভূত দুজনীমান হায়াৰ কৰি তাইক ভয় খুৱাই খুৱাই মাৰিব……
নবীনে চব প্লেনীং কৰি ঘৰৰ পৰা ওলাইছেহে….পাছফালৰ শাঁখিনীজনীয়ে দিলে নহয় মাত,
-হেৰি, ক’লৈ যায় হয়….. ?
-মৰিবলৈ…..এইবাৰ তোক বাঁৰী ভাত খুৱাইহে এৰিম….
-বাঁৰী ভাত পাছে পৰেও খাম…আজি মাছৰেহে খাম বুলি মাছ এটা লৈ থৈছোঁ…আহকচোন মাছটো কাটি-বাচি দিয়ক ।
ইমান ডাঙৰ কথাষাৰো ঘৈণীয়েকে পাতল ভাবে লোৱাত নবীনৰ মাথাতো আৰু বেয়া হৈ গ’ল। “তোৰ মাছ তয়ে খা” বুলি কৈ দর্জাখনতে গোৰ এটা মাৰি ঘৰৰ সি পৰা অলপ আঁতৰত থকা দিখৌ নৈখনৰ ফালে গুছি গ’ল।
দুঘণ্টা মানৰ পাছত সেমেনা-সেমেনি কৈ নবীন আহি তাঁত-শালত বহি থকা ঘৈণীয়েকৰ কাষত ৰৈ ক’লে
–হেৰা ভাত দুটামান দিয়াহিচোন…বৰ ভোক লাগিছে…
-হে হৰি মৰিবলৈ যোৱা মানুহজন আক উভতি আহিল কিয় ?
নবীনে এইবাৰ ঘৈণীয়েকৰ ঠাট্টাসূচক কথাষাৰ সহজ ভাবে লৈ ক’লে
-দিখৌখন বৰ বাঢ়িছে জানা…গৰাৰ ওপৰলৈকে পানী…….