নলবাইৰা কঁঠাল কবিতা ২ (অপূৰ্ব কলিতা)
(১)
বামনোৰ চলি ৰিকি শৰ্মা
চাহৰ লগত লাগে নিমকি খুৰ্মা
কামাখ্যাত আছিল সি হেনো পাণ্ডা
লোকক টুপি পিন্ধোৱাই তাৰ এতিয়া মেইন ধাণ্ডা
(২)
যাৰ নাম শুনালি ভুতো পলোই
এইটাও যি মাহ-কৰে গাইলোই
আছে চৈধ্য গোষ্ঠীক লৈ পাৰা যাৰ গালিৰ ভান্ডাৰ
সেয়াই ধূতি পিন্ধা আমাৰ এম এল এ ডাক্তাৰ
(৩)
নাককাটা পুখৰীৰ ৰেৱতিৰ ফ্ৰাইড ৰাইচ
আপীগিলা আহে থৌগা অৱাইচ
তাহাক দেখি কইলজাত চলবা ধৰে ঢেকি
কেনকে শুধো হা হুৱাটচ আপত আছা নেকি ?
(৪)
চহৰ ডাঙাৰ মানুহ ডাঙাৰ
ডাঙাৰ ডাঙাৰ গাড়ী
ছাত্ৰ নেতা হবা খুজছো ৰহে
ৰাখিম না কি দীঘাল দাড়ি?
(৫)
পাইপাক তাইৰ ডাঙাৰ অফিচাৰ
সেইকুন্তাৰে বিহু নাচি পায় প্ৰথম পুৰস্কাৰ
চাদৰ-মেখেলা ইন বিহু ইজ আৱাৰ সংস্কৃতি
পিছে অসমীয়া লিখা-পঢ়াকহে চিৰ নমস্কাৰ।