পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (আচিন্ত বৰঠাকুৰ)

পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা

(যো‌ৱা সংখ‌্যাৰ পিছৰ পৰা)

ৰঙা ৰং নাৰীৰ অতিকে প্ৰিয়। এই ৰঙৰ ব‌্য‌ৱহাৰে নাৰীৰ সৌন্দৰ্যক অধিক আকৰ্ষণীয় কৰি উপস্থাপন কৰিব পাৰে। কাপোৰ, ওষ্ঠ দণ্ডিকা (lip stick) আৰু অক্ষি চ্ছায়াঁ (eye shadow) নিৰ্বাচনৰ ক্ষেত্ৰত সাধাৰণতে এই ৰঙৰ গুৰুত্ব অতিকে বেছি হয়। বিহুলৈ যো‌ৱাৰ আগতে বৰ্মথুৰিৰ ৰঙা ৰঙেৰে ওঁঠজুৰি বোলাই লো‌ৱাৰ পৰম্পৰা অসমত বহুত পুৰণি। বিহুনামত আছে:

ব্রহ্মপুত্রৰ পাৰৰে বৰ্হমথুৰি এজুপি আমি খৰি লুৰা ঠাই।

ব্রহ্মপুত্র দেৱতা উটুৱাই নিনিবা তামোল দি মাতোতা নাই।।

সময়ৰ পৰিবৰ্তনৰ লগে লগে বৰ্হমথুৰিৰ ৰঙা ৰংবিলাক বিচাৰি পাবলৈ নোহো‌ৱা হ’ল যদিও ৰঙা ৰঙৰ চাহিদা নকমিল। এই চাহিদাৰ বাবেই প্ৰাকৃতিক ৰঙৰ ঠাই ব‌্য‌ৱসায়িকভাবে অধিগ্ৰহণ কৰিলেহি কৃত্ৰিম ৰঙে। পিছে, স্বাস্থ‌্যজনিত দিশত সুবিধাজনক নোহো‌ৱা বাবে সেইবিধৰ জনপ্ৰিয়তা লাহে লাহে কমি আহি‌ছে আৰু পুণৰ ঘূৰি আহিছে প্ৰাকৃতিক ৰঙৰ দিন। প্ৰসাধন জগতত বৰ্তমান প্ৰাকৃতিক ৰঙৰ চাহিদা অতিকে বেছি।

প্ৰাকৃতিক ৰঙা ৰঙৰ বাবে বিভিন্ন প্ৰসাধন উদ‌্যোগত বৰ্তমান ব‌্য‌ৱহাৰ হো‌ৱা ৰঞ্জকবিধৰ নাম হৈছে কাৰ্মাইন (Carmine)। বৰ্হমথুৰি বনজ ৰঞ্জক হ’লেও কাৰ্মাইন কিন্তু এবিধ প্ৰাণীজ ৰঞ্জকহে। আমেৰিকা, পেৰু আদি স্থানত প্ৰায় ১৫ শতিকাৰ পৰা ব‌্য‌ৱহাৰ হো‌ৱা এই ৰঞ্জকবিধ আধুনিকতাৰ চাপত পৰি মাজতে কিছুদিনৰ বাবে এলাগী হৈ পৰিছিল যদিও বৰ্তমান ইয়াৰ জনপ্ৰিয়তাই সৰ্বাধিক।

মধ‌্য আৰু দক্ষিণ আমেৰিকাত পো‌ৱা কেকটাছজাতীয় মঙহাল পাতৰ গছবিধৰ ৰঙা ৰঙা পাতবিলাক খাই জী‌ৱন নিৰ্বাহ কৰা এবিধ ৰঙা গুবৰু‌ৱাসদৃশ পোকৰ নাম হৈছে ক’চিনিয়েল বীটলছ্‌ (Cochineal Beetles, বৈজ্ঞানিক নাম Dactylopius Coccus)। এই পোকবিধে শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা হাত সাৰিবৰ বাবে নিজৰ দেহৰ পৰা কাৰ্মিনিক এচিড নামৰ এবিধ পদাৰ্থ বাহিৰ কৰে। বিজ্ঞানসন্মত পদ্ধতিৰে ৰঙা গুবৰু‌ৱাবিধৰ কণী আৰু দেহৰ পৰা ১৭ৰ পৰা ২৪ শতাংশ পৰ্যন্ত কাৰ্মিনিক এচিড আহৰণ কৰিব পৰা যায়। এই কাৰ্মিনিক এচিডৰ সৈত‌্যে এলুমিনিয়াম বা কেলছিয়ামৰ ল‌ৱণ মিহলি কৰি কাৰ্মাইন নামৰ ৰঞ্জক পদাৰ্বিধথ তৈয়াৰ কৰিব পাৰি। এই ৰঞ্জকক ক’চিনিয়েল (cochineal) বুলিও জনা যায়।

ব‌্য‌ৱসায়িকভাবে কাৰ্মাইন বা ক’চনিয়েল তৈয়াৰ কৰিবৰ বাবে বৰ্তমান পেৰু, চিলি, মেস্কিকো, বলিভিয়া, দক্ষিণ আফ্ৰিকা, কেনেৰী দ্বীপপুঞ্জ আদি স্থানত বিশেষভাবে ৰঙা গুবৰু‌ৱাপালন পাম গঢ় লৈ উঠিছে। এক কিলোগ্ৰাম কাৰ্মাইন ৰঞ্জক উৎপাদনৰ বাবে ৮০হাজাৰৰ পৰা ডেৰলাখ পৰ্যন্ত পোকৰ প্ৰয়োজন হয়। ২০০৫ চনৰ তথ‌্যমতে পেৰু‌ৱে প্ৰতিবছৰে ৰেকৰ্ড ২০০টন পৰিমাণৰ কাৰ্মাইন ৰঞ্জক প্ৰস্তুত কৰে। সেই সময়ত এনে এক কিলোগ্ৰাম ৰঞ্জকৰ মূল‌্য আছিল ৫০ৰ পৰা ৮০ ডলাৰ পৰ্যন্ত।

উল্লেখযোগ‌্য যে, কাৰ্মাইন নামৰ ৰঞ্জকবিধক কে‌ৱল প্ৰসাধন উদ‌্যোগতেই নহয়, খাদ‌্য, ঔষধ, সুৰা, বেকাৰী, বস্ত্ৰ আদি বহুতো উদ‌্যোগত প্ৰাকৃতিক ৰঙ হিচাবে বহুলভাবে ব‌্য‌ৱহাৰ হয়।

তথ‌্যসূত্ৰ:

১) http://gentleworld.org/natural-colors-carmine-cochineal/

২) http://en.wikipedia.org/wiki/Cochineal

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!