নহৰুৰ উপকাৰিতাসমূহ জানেনে? – ডা০ ভূপেন শইকীয়া

 অসমীয়া লোকাচাৰ মতে বিহুৰ হুঁচৰিত আশীৰ্বাদত দিওঁতে গাই আহিছে-

“এটা বাটিত নহৰু, এটা বাটিত পনৰু, এটা বাতিত খুতৰা শাক/
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক৷ ”
গতিকে অসমীয়া জনজীৱনত পনৰু (পিয়াঁজ)আৰু নহৰুৰ ওতপ্ৰোত সম্বন্ধ অতীজৰ পৰা চলি আহিছে৷ পিয়াঁজৰ বিষয়ে কেইদিনমান আগতে নিবন্ধ এটি লিখাৰ পিছৰে পৰা কেইবাজনো বন্ধুৱে দাবী তুলি আছে মই সোনকালে নহৰুৰ বিষয়ে জনাই লিখিব লাগে৷ সেয়ে আজিৰ আলোচ্য বিষয় বাচি ল’লোঁ নহৰু৷


কি নাম দি মাতিম তোমাক?
নহৰুৰ বৈজ্ঞানিক নাম হ’ল- Allium sativum৷ বংশ Allioideae ( Onion family)৷
লহচুন (হিন্দী আৰু উৰ্দু), লচহুনা(সংস্কৃত), ৰচুন (বাংলা), ৰচুনা (ওৰিয়া), লচুন (নেপালী), লচুণ (মাৰাঠী), বেলুল্লি (কানাড়া), ভেলুথুল্লি (মলয়ালম), ভিলাই পুন্দু (তামিল), তেল্লাগুদ্দি আৰু ভেলুলি (তেলেগু), সামব্ৰাম গুফুৰ (বড়ো), সামপ্ৰাম গুফু (ডিমাচা), হাৰচুন কিলক (কাৰ্বি), তাঃলাপ / দিঃলাব (মিচিং), ৰুচুন (টিৱা), ৰুনচুন (খাচী)৷ ইংৰাজীত Garlic বুলে৷ পুৰণি দিনত Garleac লিখিছিল৷ লেটিন নাম হ’ল-Allium৷ আন আন বিদেশী ভাষাত নহৰুৰ পৰিচয় হ’ল এইদৰে ঃ গ্ৰীক (স্কৰডো), আইৰিচ (গাৰলিগ), কোৰিয়ান (গাল-ৰিগ), ফৰাচী (এইল), স্পেনিচ (এল-এজো), ইটালিয়ান (এজলিয়ো), ফিলিপিনো ( বাৱাং), ইণ্ডোনেচিয়ান (বাৱাং পুটিন), জৰ্জিয়ান (নিয়’ৰি), জাৰ্মান (নবলাউচ্), পৰ্টুগিজ আৰু ব্ৰাজিল (এল্হো), তুৰস্ক (চাৰ্মচাক), ভিয়েটনাম (কে টয়), চীনা (চ্যাউন টাউহ আৰু ডা-চুৱান) জাপানী (গাৰিক্কো), সিংহলী (চুডোলুনু)৷

নহৰুৰ প্ৰাপ্তিস্থান ঃ নহৰু আজিকালি বিশ্বৰ প্ৰায়বোৰ অঞ্চলতেই উৎপাদন কৰা হয়৷ জানিবলৈ পোৱা মতে নহৰুৰ প্ৰথম উৎপত্তি স্থল আছিল চাইবেৰিয়া৷ ৫০০০ বছৰ বা তাতোকৈ আগৰ পৰা চাইবেৰিয়াৰ পৰা নহৰুৰ সঁচ বিশ্বৰ আন ঠাইলৈ বিয়পিব ধৰে৷ চাইবেৰিয়াৰ উপৰিও এচিয়া মহাদেশৰ উত্তৰ আৰু মধ্য অংশত আগৰ পৰাই নহৰুৰ বেচি উৎপাদন হয়৷ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত দেশখনৰ সৰ্বোচ্চ (প্ৰায় ২৯ শতাংশ) উৎপাদন হয়৷ আন আন উল্লেখযোগ্য উৎপাদনকাৰী প্ৰদেশ হ’ল- ৰাজস্থান, হৰিয়ানা, টেলেংগানা, আন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটক আৰু বিহাৰ৷
বৰ্তমান বিশ্বত ৪০০ৰ অধিক প্ৰজাতিৰ নহৰু আছে বুলি জনা যায়৷ তাৰে ভিতৰত আটাইটকৈ সুলভ বিধৰ নাম হ’ল- Softneck Garlic৷ অন্যান্য কিছুমানৰ নাম হ’ল- Hardneck Garlic, Silverneck Garlic, Elephant/ Buffalo Garlic., Red Garlic, Artichoke Garlic ইত্যাদি৷ আকাৰ, প্ৰকৃতি আৰু বৰণৰ প্ৰজাতিভেদে তাৰতম্য দেখা যায়৷ অসমত এপহীয়া সৰু আকৃতিৰ নহৰু এবিধ দেখা যায়৷
নহৰুৰ বিষয়ে বুৰঞ্জীয়ে কি কয়?
ভাৰতবৰ্ষত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায় ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায়৷ প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল৷ ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল৷

নহৰু কেনেকৈ সেৱন কৰিব?– ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস, মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয়৷ নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ আকৌ বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায়৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী৷ ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে৷ বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ৷

কি কি লাগতিয়াল তত্ত্ব নহৰুত থাকে? — নহৰুত থকা আটাইতকৈ লাগতিয়াল তত্ত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এণ্টিঅক্সিডেণ্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয়৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ৷ নহৰুত থকা খনিজসমূহ হ’ল- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম৷ ভিটামিন হ’ল-ভিটামিন-চি আৰু ভিটামিন-বি গোট (বি-১, বি-২, বি-৩, বি-৬, ফলেট); ইলেকট্ৰলাইট থাকে- চ’ডিয়াম আৰু প’টেচিয়াম৷ ৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে ১৫০কেলৰি, কাৰ্বোহাইড্ৰেট ৩৩গ্ৰাম, প্ৰটিন ৬.৩৬ গ্ৰাম, ফেট ৫০০মিলিগ্ৰাম আৰু ফাইবাৰ থাকে ২.১ গ্ৰাম৷

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওক ঃ

• হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে৷

• উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে৷

• তেজ পৰিশোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আঁতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয়৷

• কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷

• ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়৷

• পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷

• নহৰুৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ভাইৰেল আৰু এণ্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে৷

• ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে৷

• ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী৷

• হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী৷

• চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক৷

• লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়৷

অসমৰ গ্ৰাম্য চিকিৎসাত নহৰুৰ ভূমিকা ঃ –
কেইটিমান থলুৱা অসমীয়া চিকিৎসাৰ কথা নিলিখিলে নহৰুৰ ৰচনাখন অপূৰ্ণ হৈ ৰব৷ তাৰে কেইটিমান উল্লেখনীয় হ’ল ঃ-
• মিঠাতেলত নহৰু কেইফুটামান দি জুইত ভালদৰে তপতাব লাগে৷ সেই তেল (‘চেঙা তেল’) নুশুকোৱা ঘাঁত লগাব লাগে৷
• একেই চেঙা তেল নখচুকীয়াত দি চিকিৎসা কৰা হয়৷ নহৰুৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণ ইয়াৰ দ্বাৰা সিদ্ধ হয়৷
• গাৰ বিষ, কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে৷
• পানী লগা, চৰ্দিত গৰম নহৰু-মিঠাতলৰ মালিশ বুকু, নাক আৰু ডিঙিত কৰিব লাগে৷
• নহৰু আৰু পদিনাৰ চাটনিয়ে আভোক আঁতৰ কৰে৷

নহৰুৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা ঃ
– নহৰু গৰ্ভৱতীৰ মহিলাৰ বাবেও উপকাৰী৷ কিন্তু প্ৰসৱৰ সময়ৰ দুসপ্তাহমানৰ আগৰ পৰা নহৰু খোৱা বন্ধ ৰাখিব লাগে৷ মেৰিলেণ্ড ইউনিভাৰ্চিটিৰ এটি সতৰ্কবাণীত কোৱা হৈছে যাতে প্ৰসৱ কালত বা যি কোনো অপাৰেচনৰ সময়ত অতিৰিক্ত ৰক্তক্ষৰণ নহয়৷
-আন আন লোকেও অপাৰেচনৰ সময়চোৱাত নহৰু খোৱা একে কাৰণত বন্ধ ৰাখিব৷
– কোনো কোনো হাপানি ৰোগীৰ অসুখ বেচি হোৱা দেখিলে নহৰু খোৱা বন্ধ কৰিব৷
– কেঁচা নহৰু চোবাই খোৱাৰ পিছত মুখৰ গোন্ধ বেচ কিছুপৰ থাকিব পাৰে৷ তেনেস্থলত নহৰু দিনৰ পৰিবৰ্তে ৰাতি খাব৷
– কাচিৎ কোনো কোনো জনৰ নহৰুৰ পাৰ্শ্বক্ৰিয়া হিচাবে বমি, ওকালি বা ডায়েৰিয়া হব পাৰে৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!