জুতি লগাই এসাঁজ – ৰাজ পি দুৱৰা

ফেচবুকৰ এটা অন্যতম জনপ্ৰিয় গোট জুতি লগাই এসাজ ৰ দ্বাৰা সংকলিত ৰন্ধন প্ৰকৰণৰ গ্ৰন্থ “জুতি লগাই এসাজ” কিছুদিন পূৰ্বে খাদ্যৰসিক পাঠক সমাজৰ মাজত ভূমুকি মাৰিছে৷

৪৪ হাজাৰতকৈও অধিক সদস্যৰে সমৃদ্ধ গোটটোৰ প্ৰশাসক তথা মুখ্য সম্পাদক পিংকি বৰুৱা আৰু তেওঁৰ সহযোগী সকলৰ একান্ত প্ৰচেষ্টাত প্ৰকাশ পোৱা গ্ৰন্থ খনৰ আগকথা লিখিছে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেবে৷ ৰন্ধন প্ৰকৰণ বিষয়ৰ বহুতো কিতাপৰ ভীৰৰ মাজত গ্ৰন্থখন এক উজ্জ্বল ব্যতিক্ৰম হব বুলি বৰগোহাঞি দেবে আগকথাত উল্লেখ কৰিছে৷

গোটটোৰ সন্মানীয় সদস্য সকলে প্ৰেৰণ কৰা হাজাৰোধিক ৰেছিপিৰ মাজৰ পৰা নিৰ্বাচিত ৰেচিপি সমূহেৰে সংকলন কৰা গ্ৰন্থখনত অসমীয়া পৰম্পৰাগত খাদ্যৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ অমিষ আৰু নিৰামিষ ব্যঞ্জন সমূহৰ প্ৰস্তুত প্ৰণালী পাঠকে পঢ়িবলৈ পাব৷ তদুপৰি গৃহিনী সকলৰ সুবিধাৰ্থে কিতাপ খনৰ শেষত সন্নিবিষ্ট কৰা হৈছে পাকঘৰৰ কিছুমান জানিবলগীয়া কথা৷

অতি সহজে ঘৰতে সুস্বাদু আৰু স্বাস্থ্যসন্মত খাদ্য খোৱাৰ আপাহ পুহি ৰখা খাদ্যৰসিক আৰু গৃহিনী সকলৰ বাবে “জুতি লগাই এসাজ” গ্ৰন্থখন এখন অতি প্ৰয়োজনীয় হাতপুথি হব বুলি আশা কৰিব পাৰি৷ গুৱাহাটীৰ প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ ১২০ টকা৷ ☆★☆

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!