নামনিৰ চৰ অঞ্চলত প্ৰচলিত কেইটামান ফকৰা-যোজনা (জয়দীপ চক্ৰৱৰ্তী)
১) নিজেৰ নাই পোলাবান, নাকেৰ ডোগায় মুইসেৰ বাথান।
(নিজৰে কাম নহয়, উপায়ান্তৰে লোকৰ কাম কৰা সম্পৰ্কীয়)
২) ঝৰে বগা মৰে, ফকিৰেৰ কেৰামতি বাৰে।
( ধুমুহাত বগলী মৰে, ফকিৰে বোলে সেয়া তেওঁৰহে লীলা)
৩) ঝি নষ্ট ঘাটে, পোল নষ্ট হাটে।
( ছোৱালী বেয়া হয় ঘাটত, ল’ৰা বেয়া হয় বজাৰত)
৪) কাজ ছইৰা দৌৰ মাৰে, অকাজে গদা লইয়া ফালপাৰে।
( ভাল কাম নাই, অকামৰ কাম কৰিবলৈ হ’লে আগতেই যায়)
৫) মাতেনা কইন্ন্যায় মাতা নাৰে…হেই কইন্নায় পুৰুস মাৰে।
( মূৰ দুপিয়াই নিমাতি কণ্যাই পুৰুষক মাৰে)
৬) গাঙেৰ পানী ঘোলাও বালা, জাতেৰ কইন্ন্যা কালাও বালা।
(নৈৰ পানী ঘোলাও ভাল, নিজ জাতিৰ কইনা ক’লাও ভাল)
৭) অভাগিনীৰ দুইপুত-একডা ৰাইক্ষস, একডা ভূত।
(অভাগিনীৰ দুই পুত্ৰ; এটা ৰাক্ষস, আনটো ভূত)
৮) এই দেইখলাম, এই নাই, কিবা বেতাল বাজাৰ ভাই।
( এতিয়াই দেখিলো এতিয়াই নাই, বজাৰৰ ভিৰত এনেকুৱাই)
৯) ৰাইত যাইগ্গা হুনলো বেটায় পুঁথি, সহালে উইঠ্যা জিগায় ৰূপভান বেটা না বেটি।
(সপ্তকাণ্ড ৰামায়ণ পঢ়িও সীতাক চিনি নোপোৱাৰ সমাৰ্থক)
১০) কইৰ তেলে কই ভাজা।
( মাছৰ তেলেৰে মাছ ভজাৰ সমাৰ্থক)
১১) আইজকাৰ কাম কাইল্কাৰ লাইগ্গা থয়, হেইডাৰে বড় আহাম্মক কয়!
(আজিৰ কামটো কালিৰ বাবে থয়, তাকেই বুৰ্বক বুলি কয়)
১২) এক বেডায় আগে হাজে, ফাটা ঢোলডা আগে বাজে।
( নিজৰ ফটা ঢোল নিজেই কোবায় ।)