নিৰ্বাচিত কথা-বতৰা : আয়কৰ, ৮০চি ইত্যাদি

আবিদ আজাদঃ
Section 80(C) ত জমা টকাৰ ওপৰত ইনকাম টেক্স দিব নালাগে; কিন্তু কিয়??

সহজে বুজিবলৈ ধৰাহ’ল, এজন লোকৰ মুঠ বছৰি আয় চাৰি লাখ টকা। (মাহিলী গড় আয় ~৩৩,৩০০ টকা)। নতুন বাজেট মতে ২ লাখ ৫০ হাজাৰ টকালৈ কৰ ৰাহি দিয়া হৈছে। অৰ্থাৎ মানুহজনে বছৰি মুঠ আয়ৰ (৪,০০,০০০-২,৫০,০০০=) ১,৫০,০০০ টকাৰ ওপৰতহে কৰ দিব লাগিব।

কিন্তু মানুহ জনে যদি অকণমান পৰিকল্পনা কৰি এই কৰ দিব লগীয়া টকাখিনি (১লাখ ৫০ হাজাৰ) Section 80(C) ৰ অধীনৰ কোনোবা আঁচনিত জমা কৰি দিয়ে, তেন্তে সেই টকাৰ ওপৰতো তেওঁ আৰু কৰ দিব লগীয়া নহয়।

যোৱা বছৰলৈ ধাৰা 80(C) ৰ অধীনত এজন ব্যক্তিয়ে কেৱল ১ লাখলৈ হে টকা জমা কৰিব পৰা নিয়ম আছিল। তাৰো পূৰ্বে আকৌ এই সীমা কেৱল ৭০ হাজাৰ টকালৈ হে আছিল।

এই বাজেটৰ পৰা (২০১৪-১৫) এই সীমা সৰ্বাধিক ১লাখ ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। এই নিৰ্ধাৰিত সীমাতকৈ বেছি টকা 80(C) ৰ অধীনৰ ফাণ্ডত জমা কৰিলে অতিৰিক্ত জমা থোৱা টকাৰ ওপৰত কিন্তু কোনো কৰ ৰাহি পোৱা নাযায়। তাৰোপৰি এটাতকৈ বেছি PPF একাউন্ট খোলাটোও কিন্তু এটা অপৰাধ। জৰিমনা ভৰিব লগা হ’ব পাৰে।

বহু লোকে আকৌ 80(C) ৰ অধীনত টকা জমা কৰিব লগীয়া হ’লে কেৱল Life Insurance ৰ কথাহে ভাবি পায়। এই অজ্ঞানতাৰ সুযোগ বীমা কোম্পানী আৰু এজেন্ট সকলে খুব ভাল দৰেই গ্ৰহণ কৰে।

80(C) ৰ অধীনস্থ, জীৱন বীমা আঁচনিত কৈও উত্তম আন ভালে কেইটামান আঁচনি আছে। জনা লোকে প্ৰথমে সেই বোৰতহে টকা থৈ লয়। যেনে Provident Fund(PF), Public Provident Fund (PPF), National Saving Certificate (NSC), Pension Fund, New Pension Scheme, 5-year Bank বা P.O. Fixed Deposit Scheme (5yr-FDS) আৰু Senior Citizen Savings Scheme (SCSS)। এই আঁচনি কেইটাত থকা জমা কৰিলে ৮.৭৫% ৰ পৰা ৯.৫০% লৈ নিশ্চিত সুত উপাৰ্জন কৰিব পৰা যায়। এই কেইবিধ highly সুৰক্ষিত আৰু লাভ জনক আঁচনিৰ উপৰিও অন্য কেইটামান আঁচনি হৈছে- Insurance Policy, Equity Linked Saving Scheme (ELSS- Mutual Fund), Unit Linked Insurance Policy (ULIP), আৰু কিছুমান নিৰ্বাচিত চৰকাৰী বোণ্ড ফাণ্ড।

বিশুদ্ধ এন্ডাউমেণ্ট আৰু ইন্সুৰঞ্চে পলিচিবোৰ সাধাৰণতে সুৰক্ষিত আঁচনি যদিও হয়, এইবোৰত নিশ্চিত ৰিটাৰ্ণ ৩% বা ৪% তকৈ বেছি দিব নোৱাৰে বীমা কোম্পানী বোৰে। এজেন্ট এজনে হাজাৰ লোভনীয় কথা হয়তো ক’ব পাৰে, কিন্তু এয়াই প্ৰকৃত সত্য। এজেন্ট সকল সাধাৰণতে লোকেল বা চিনাকী ব্যক্তি হয় বাবে গ্ৰাহকে তেওঁলোকৰ লোভনীয় লাভৰ কথা সোনকালে বিশ্বাস কৰি লয়। আনহাতে, ULIP জাতীয় (মাৰ্কেট-লিংড) ন ন বীমা আঁচনিবোৰত return ভালো হ’ব পাৰে, বেয়াও হ’ব পাৰে বা নহ’বও পাৰে! তাৰ কোনো নিশ্চয়তা নাই। একেদৰে দীৰ্ঘম্যাদী ELSS (Mutual Fund) বোৰো হয়তো এসময়ত ভাল ৰিটাৰ্ণ দিব পাৰে, কিন্তু তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। ৰিক্স ল’বলৈ ক্ষমতা নথকা লোকে সেয়ে এই ধৰণৰ মৰ্কেট-লিংক্ড আঁচনিত নিজৰ সাঁচতীয়া ধন জমা কৰাৰ আগতে ভাল দৰে গমি-পিতি চাব লাগে বা জনা লোকক সুধি ল’ব লাগে। জনা লোক বুলি আকৌ এজেন্ট এজনকে গৈ যাতে নোসোধে!!

80(C) আঁচনিত জমা কৰা টকাৰ ওপৰত কৰ নোলোৱাৰ পোনপটীয়া কাৰণটো হৈছে- এইবোৰ টকা আচলতে পৰোক্ষভাৱে চৰকাৰী আঁচনিতেই দীৰ্ঘ সময়ৰ বাবে খটুৱা হয় (বিনিয়োগ কৰা হয়)। আৰু চৰকাৰে সেই টকাবোৰ দেশৰ নাগৰিকৰ উন্নয়নৰ বাবে খৰচ কৰে। যিদৰে ইনকাম টেক্সৰ পৰা পোৱা টকাবোৰো চৰকাৰে দেশৰ বিকাশৰ কাৰণে খৰচ কৰে বা খটুৱাই।

ইনকাম টেক্স সম্পৰ্কীয় কথাবোৰ বৰ জটিল। ওপৰত কেৱল কিছু laymen কথাহে উল্লেখ কৰিছোঁ। কিন্তু এইবোৰ সম্পৰ্কে বহুলোকৰ ধাৰণা খুবেই সীমিত আৰু চৰ্চা নোহোৱা বাবে জনা লোকেও কথাবোৰ পাহৰি যায়। মইও মনত থকা কথাবোৰহে অতি সৰল ভাৱে উল্লেখ কৰিব চেষ্টা এটা কৰিলোঁ। আৰু বহু কথা আছে বিতংকৈ ক’বলৈ গ’লে।

……
ৰঞ্জিত কুমাৰ বৰাঃ এয়াহে। এইবাবেই ফেচবুক উত্তম। লিখাটো পঢ়ি উপকৃত হ’লোঁ। আপোনালৈ অশেষ ধন্যবাদ।

আব্দুৰ ৰহিমঃ Abid Azad ডাঙৰীয়া, চমুকৈ হলেও কথাবোৰ সহজ সৰল ভাষাৰে বুজোৱাৰ বাবে ধন্যবাদ! বহু নজনা কথা জনাৰ সুবিধা দিলে ॥

মানৱ কুমাৰঃ বহুত ভাল কথা জানিব পাৰিলো।

দিব্য দত্তঃ সেইটোৱে মূল কথা ১০০টকা আমি কামত খটালে বছৰি ৯ বা ১০ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰিলোঁহেতেঁন । যাৰ বাবে টেক্স দিয়াৰ পাছতো লাভতহে থাকিলোঁহেতেঁন ।
মেহবুব ইছলাম চৌধুৰীঃ ভাল লাগিল

কল্যান নাথঃ ভাৰতত আয়কৰৰ ডাঙৰ সমস্যাটো হৈছে অতি কম সংক্ষক লোককহে চৰকাৰে আয়কৰৰ আওঁতালৈ আনিবলৈ সক্ষম হৈছে, প্ৰধানতঃ চাকৰিজীৱি সকল, যিসকলৰ আয়কৰ নিয়োগকৰ্তাই উৎসতে কাটি ৰাখি চৰকাৰক জমা কৰি দিয়ে ! চাকৰি নকৰাকৈ বিভিন্ন ব্যৱসায় বা আন বিশেষ বৃত্তিত জড়িত হৈ বহু বেছি টকা উপাৰ্জন কৰি থকা সকলৰ পৰা আয়কৰ সংগ্ৰহ কৰাত চৰকাৰ সম্পুৰ্ণভাৱে বিফল হৈছে ! এইসকল লোকক নাকি লগাবলৈ চৰকাৰৰ তৰফৰ পৰা এইবাৰো বিশেষ কোনো আচঁনি লোৱা দেখা নগল া
মৃদুল কুমাৰ শৰ্মাঃ ULIP বা ELSS mutual fund ত ৰাইজে টকা খটুৱাব পাৰে পিছে কমেও ১২-১৫বছৰলৈ ৰাখিব লাগিব৷ কম সময়ত এইবোৰত লাভ নহয়৷
আবিদ আজাদঃ 80C ত টকা জমা থোৱাটো সেয়ে নিজৰ বাবেও লাভ জনক আৰু চৰকাৰৰ বাবেও লাভ জনক। বহুতে ৮০ C ত বছৰি টকা থব লগীয়া হোৱাটো এটা burden বুলিয়ে ভাবে; কিন্তু সেয়া কিমান লাভজনক আৰু জনকল্যান মূলক বহুতে ভাবিয়ে নাচায়।
এটা সৰল কেলকুলেচন তলত পুনৰ ডাঙি ধৰিলোঁ-
PPF ফাণ্ডত বছৰি 24,000 কৈ (মাহে ২০০০) টকা জমা কৰি গ’লে 15 বছৰত 8.75% সুতৰ হাৰত হ’ব গৈ প্ৰায় 7,40,000 টকা। অৰ্থাৎ লাভ= 7,40,000-3,60,000= 3,80,000 টকা। (চকু মোহাৰি লাভৰ পৰিমাণটো ভালকৈ চাওঁক। যিমান জমা কৰিব তাতকৈ বেছি লাভ!!!!)

আনহাতে কোনো endowment জাতীয় নিশ্চিত ৰিটাৰ্ণৰ Insurance Policy ত 4% ৰিটাৰ্ণত বছৰি 24,000 টকাকৈ 15 বছৰৰ বাবে প্ৰিমিয়াম দি গৈ থাকিলে পলিচিৰ অন্তত মুঠ ধন হ’ব প্ৰায় 4,92,000 টকা। অৰ্থাৎ নেট লাভ 4,92,000-3,60,000= 1,32,000 টকা (এইবাৰো চকু মোহাৰি চাওঁক, আৰু PPF ত পোৱা টকাৰ সৈতে তুলনা কৰি চাওঁক!!)

ইঞ্চোৰেন্স কোম্পানী এটাই ইয়াতকৈ বেছি ৰিটাৰ্ণ গেৰাণ্টি দিব নোৱাৰে। কাৰণ ৰিটাৰ্ণৰ উপৰিও তেওঁলোকে জীৱন সুৰক্ষা দিব লগীয়া হয়। অৰ্থাৎ পলিচি ধাৰকৰ আগতীয়া মৃত্যু হ’লেও চুক্তিবদ্ধ টকা খিনি দিবলৈ বাধ্য। তাৰোপৰি এটা কথা এনেও ভাবি চাব লাগে- কিছুমান দুষ্ট এজেন্টে কোৱাৰ দৰে যদি কোনো বীমা আঁচনিত ৮% ৰ পৰা ১০% বা তাতোধিক ৰিটাৰ্ণ নিশ্চিত ভাবে লাভ কৰিবই পাৰি; তেন্তে পৃথিৱীৰ কৌটি কৌটি মানুহে বাৰু কিয়নো বেংক, পোষ্ট অফিচ আদিত দীঘলীয়া বিনিয়োগ কৰিব যাব!! জীৱন সুৰক্ষা বিহীন বেংক বা পোষ্ট অফিচৰ আঁচনিত বিনিয়োগ কৰাতকৈ বীমা আঁচনিতে দেখোন টকা থৈ উচ্চ ৰিটাৰ্ণ, কৰ ৰেহাই আৰু জীৱন সুৰক্ষা তিনিটাও লাভ কৰিব পৰা যাব! (এজেন্ট সকলে নিজৰ ব্যৱসায় চলাই নিবলৈ যথেষ্ট কষ্ট আৰু পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকৰ বহুতেই মিছাৰ আশ্ৰয় লৈ বিভ্ৰান্তি মূলক লাভালাভৰ টোপ দি গ্ৰাহকক প’লিচি বিক্ৰী কৰা কথাটোই মোক যথেষ্ট কষ্ট দিয়ে। তাৰ মাজতে কিছুমান এজেন্টে আকৌ কোনো পৰিশ্ৰম নকৰাকৈয়ে গ্ৰাহকৰ পইচাৰে মৌ-জোল ৰৌ-জোল ভোগ কৰি আছে।)

মানুহে জীৱনত সেয়ে ভাল ইঞ্চুৰেঞ্চ এটাই কৰিব লাগে- মোটা অংকৰ। ইঞ্চুৰেন্স কৰি উঠি বা কৰাৰ পূৰ্বে “মেচুৰিটিত কিমান টকাৰ লাভ হ’ব” জাতীয় অবান্তৰ কথাবোৰ চিন্তা কৰাটো ত্যাগ কৰাটৈ ভাল। আৰু পৰাপক্ষত টাৰ্ম ইঞ্চুৰেন্স কৰাটোহে গুণী লোকৰ কথা। এটা কথা সদায় মনত ৰাখিব- জনালোকে সদায় টাৰ্ম-ইঞ্চুৰেন্স কৰে! বীমাৰ লগে লগে ৰাহি টকাখিনি প্ৰথমে ভাগ ভাগ কৰি PPF, NSC, RD, NPS আদিত খটাই ল’ব লাগে। বাকী যিকোনো লোভনীয়(!) আঁচনি পাছত। (কথাখিনিত গুৰুত্ব আৰোপ কৰিলোঁ)। Systematic Investment Plan (SIP) ৰ কথা জানি-বুজিয়ে ইয়াত উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ।

কিছুমান মানুহৰ যে ৫ টা, ৬ টা, আনকি ১২ টা লৈও জীৱন বীমা থাকে, কিন্তু এটাও PPF বা RD বা NSC নাই; তেনে মানুহ লগ পালে; ভীষণ আঁচৰিত হওঁ!!! আৰু ভাবি দুখো লাগে- তেওঁ যে জীৱনত কিমান টকা লোকচান কৰিলে বা এজেন্টৰ মস্ত পকেটত স্বেচ্ছাই ভৰাই দিলে, ক’ব নোৱাৰাকৈ!!!
আজি-কালি অৱশ্যে আঁচৰিত নহোৱা হ’লোঁ। তেনে বহু লোক যাদৃচ্ছিক গতিত চাৰিও দিশে পৰিভ্ৰমণ কৰিয়ে আছে!! আনকি ডাঠি ক’ব পাৰোঁ যে- এই লেখা পঢ়ি থকা ‘অকব’ৰো বহু সদস্য আছে নিশ্চয় তাৰ মাজত!

ৰঞ্জিত কুমাৰ বৰাঃ কথাখিনি কোনো বাতৰি কাকতলৈ প্ৰেৰণ কৰক। বহু লোকৰ উপকাৰ হ’ব।
আদিত্য জ্যোতি বৰঠাকুৰঃ পঢ়ি ভাল লাগিল….ধন্যবাদ । কেতিয়াবা পেঞ্চন প্লেনৰ বিষয়ে জনাৱচোন আমাক ।
মিন্টু বৰগোহাইঃ তথ্যবোৰৰ বাবে লাইক কৰিছো যদিও বীমা কোম্পানীসমুহৰ ওপৰত আপোনাৰ সাংঘাটিক অসন্তোষ আছে যেন অনুভৱ হ’ল।

মৃদুল কুমাৰ শৰ্মাঃ PPF ৰ চক্ৰবৃদ্ধি সূতে এজন বিনিয়োগকাৰীক মালামাল কৰি দিব পাৰে যদিহে দীৰ্ঘসময়ৰ বাবে তেখেতে নিয়মিতভাবে জমা কৰি থাকে৷ দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে PPF তকৈ ভাল, সুৰক্ষিত আন একোৱা নাই যেন লাগে আজিৰ তাৰিখত৷ অৱশ্যে এইখিনিতে এটা কথা৷ যদি আপুনি চাকৰিয়াল হয় আৰু আপোনাৰ নিয়োগকৰ্তাই প্ৰভিডেণ্ট ফাণ্ডৰ বন্দবস্তি কৰিছে আপোনাৰ লগত, তেনেহ’লে, আপুনি পাৰিলে EPF/ GPF ত অলপ বেছিকৈ টকা কটাওক৷ কিয়নো, EPF/GPF ত PPF তকৈ ০.৫% মান বেছি সূত পাব৷ (আজিৰ তাৰিখৰ কথা)
আবিদ আজাদঃ মালামাল!!!!!! হাঃ হাঃ মালামাল বাৰু নহয়; কিন্তু তুলনামূলক ভাবে BEST ফাণ্ড হয়, সেয়া সঁচা।
মৃদুল কুমাৰ শৰ্মাঃ মালামাল বুলি কোৱাৰ কাৰণ আছে৷ প্ৰথমতে ই সুৰক্ষিত৷ টকা মাৰ যোৱাৰ ভয় নাই৷ দ্বিতীয়তে, ই শেষৰপিনে খুউব বেছি ৰিটাৰ্ণ দিয়ে, জমা কৰা বন্ধ কৰিলেও৷( মোৰ লগত এটা গাণিতিক ফৰ্মুলা আছিল এখন এক্সেল শ্বিটত৷ তাতেই বহু অংক কৰি চাইছিলো৷)
ইন্দুকল্প শইকীয়াঃ বৰ সজ কথা আলোচনা হৈছে । এইখিনিতে আৰু অলপ কথা খোলোচা কৰি দিয়ক – পি.পি.এফ. ত টকা থ’বলৈ বেংকৰ একাউণ্টৰ লগত লিংক কৰিব পাৰি নেকি , মানে ধৰক মাহে মাহে চেলেৰী একাউণ্টৰ পৰা পইচা খিনি গুচি যায় এক নিৰ্দিষ্ট সময়ৰ বাবে ? নহ’লে এই থ’বলৈ যোৱা মেলা কৰো কৰো থাকেতেই্ টেক্স দি মেলি আজৰিয়ে হওগৈ ! দ্বিতীয়তে, যদি এক লাখ টকাৰ বা এতিয়াৰ ১.৫০ লাখ টকাৰ ফিক্স দিপ’জিত ৫ বছৰৰ বাবে কৰা হয়, তেতিয়া আৰু বেলেগ কিবা স্কীমত পইছা থৈ টেক্স ৰাহি কৰিব পাৰিনে ??
আবিদ আজাদঃ PPF ত টকা জমা কৰা বন্ধ কৰিব নোৱাৰে। ন্যূনতম এটা পৰিমাণৰ ধন (৫০০ টকা) পৰিধি শেষ হৈ নোহোৱালৈ প্ৰতি বছৰে PPF ত জমা কৰিয়ে গৈ থাকিব লাগিব। নহ’লে ফাইন ভৰিব লাগিব #Mridul_Kr_Sharmah ডাঙৰীয়া। দুঃখিত যে আপোনাৰ “”ই শেষৰপিনে খুউব বেছি ৰিটাৰ্ণ দিয়ে, জমা কৰা বন্ধ কৰিলেও৷”” কথাখিনি শুদ্ধ নহয়।
ৰূপাংকৰ চৌধুৰীঃ ইয়াকে কয় ‘হাতী মাৰি ভুৰুকাত ভৰোৱা। অতি সু্ন্দৰভাৱে আমি সকলোৰে বাবে অতিকে প্ৰয়োজনীয় বিষয় এটাৰ ওপৰত আপুনি আগবঢ়োৱা লিখনিটো মোৰ দৰে আন বহুতকে উপকৃত কৰিব Abid Azad..
মৰমী বৰুৱাঃ CNBC Awaz নামৰ বিজনেছ চেনেলটোত টেক্সগুৰু নামৰ অনুস্থান এটা সম্প্ৰচাৰ হয়। ইচ্ছুকসকলে টেক্স সম্বন্ধীয় যিকোনো কৌতুহলৰ উত্তৰ পাব এই অনুষ্ঠানটো চালে। আৰু বীমা পলিচীবোৰ কেতিয়াও ভাল বিনিয়োগৰ বিকল্প হ’ব নোৱাৰে।

উৎপল গোহাই বৰুৱাঃ আজিকালি চৰকাৰী চাকৰিয়ালক NPS মানে new pension scheme ৰ ব্যৱস্থা কৰি দিছে। আগৰ GPF নাই। ভৱিষ্যতে Pension নাই। এনে ক্ষেত্ৰত কি সঞ্চয় আঁচনি সঠিক হ’ব?Abid Azad
অম্লান কাশ্যপঃ মোৰ ধাৰণা বীমা সদায় বীমায়ে হয়। ই বিনিয়োগ হব নোৱাৰে। বীমাৰ পৰা লাভৰ আশা নকৰাই ভাল।
আবিদ আজাদঃ পি.পি.এফ. একাউন্ট আপোনাৰ নিজৰ বেংকৰ একাউন্টৰ লগত লিংক কৰিব পৰা যায়। ইয়াক Standing Instruction (SI) দিয়া বুলি কোৱা হয়। তাৰো আপোনাৰ যদি internet banking সুবিধা আছে, তেন্তেতো খুবেই ভাল কথা। নিজেই SI কৰি ল’ব পাৰিব। এই সুবিধাটোৰ বাবেই পোষ্ট অফিচত PPF খোলাতকৈ বেংকত PPF খোলাটো পোষকতা কৰোঁ।
80C ৰ অধীনত নোৱাৰে। ইয়াৰ maximum লিমিট 1 লাখ 50 হাজাৰ টকা।
কিন্তু 80D ৰ অধীনত মেদিকেল খৰচ (নিজৰ আৰু দিপেন্দেন্টৰ), 80E ৰ অধীনত শৈক্ষিক লোনৰ ওপৰত দিয়া সূত, Sec 24 ৰ অধীনত গৃহ লোনৰ ওপৰত দিয়া সুতৰ ওপৰত Tax rebate ৰ বাবে আবেদন কৰিব পাৰিব।
মিন্টু বৰগোহাইঃ বীমা আঁচনিসমুহক ভৱিষ্যতৰ আয়ৰ সুৰক্ষা কৱচ ৰূপেহে গণ্য কৰা ভাল। বিত্তীয় সুৰক্ষাৰ ক্ষেত্ৰত বীমাৰ কোনো বিকল্প নাই। কিন্তু বীমা আঁচনিৰ পৰা অন্য বিত্তীয় সঁজুলিৰ সমান ৰিটাৰ্ণ আশা কৰাটো ভুল।

অৰুণজ্যোতি দাসঃ বীমা পলিচিবোৰে আচলতে সকলোতকৈ বেচি ‘ৰিটাৰ্ণ ‘ দিয়ে । কিন্তু তাৰ বাবে আপুনি আপোনাৰ জীৱনটো দিব লাগিব ।
মৰমী বৰুৱাঃ সেই ৰিটাৰ্ণো অধিকতম তেতিয়াহে হ’ব যদিহে আপুনি “টাৰ্ম ইঞ্চিউৰেচ” পলিচী কিনি থয়। অৰুণজ্যোতি দাস
মৃদুল কুমাৰ শৰ্মাঃ Indukalpa, পাৰিব৷ মই তেনেকৈয়ে কৰো৷ মোৰ ষ্টেট বেংকৰ একাউণ্টৰ পৰা www.onlinesbi.com প’ৰ্টেলৰ সহায়েৰে PPF account লৈ মাহে মাহে টকা পঠিয়াও৷ সেই কামটো আপুনি standing instruction দিও কৰিব পাৰিব, যদি প্ৰতি মাহে পঠিয়াবলৈ অসুবিধা পায়৷ এই সুবিধা আইচিআইচিআই বেংকতো আছে আৰু হয়তো বেলেগ বেংকতো থাকিব পাৰে৷

অৰুণজ্যোতি দাসঃ বেংকত যদি আপুনি পিপিএফ খোলে, তেন্তে তাৰ লগত আপুনি আপোনাৰ চেভিংচ একাউণ্ট লিংক কৰিব পাৰিব । অৰ্থাৎ বেংকলৈ গৈ আপুনি কোনটো একাউণ্টৰপৰা কিমান টকা পিপিএফ লৈ নিজে নিজে গুচি যাব লাগে সেয়া ঠিক কৰি আহিব পাৰে নতুবা এই কামটো নেট বেংকিং থাকিলে নিজেও কৰি ল’ব পাৰে । সৰ্বোচ্চ ডেৰ লাখ টকা আপুনি ৮০ চি ৰ অধীনত বিনিয়োগ কৰিব পাৰে ।ইয়াৰ বাহিৰেও আৰু দুটামান শিতানত জমা থৈও আপুনি কৰ বচাব পাৰে ,যেনে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য পূঁজি বা ছেৰিটী ট্ৰাষ্টলৈ দান কৰি । সৱিশেষ গুগলত পাব ।
উদ্দীপ তালুকদাৰঃ “এই নিৰ্ধাৰিত সীমাতকৈ বেছি টকা 80(C) ৰ অধীনৰ ফাণ্ডত থোৱাটো কিন্তু অপৰাধ। ” এইটো এইবাৰৰপৰাহে হৈছে নে আগৰেপৰাই? কাৰণ মই ইমানদিনে 80(c)-ৰ অধীনত সেই সীমাটোলৈহে কৰ ৰেহাই পাই বুলি ভাবি আছিলো। মানে তাৰ ওপৰত যিমান ৰাখিলেও কৰ ৰেহাই নেপায়। কাৰণ, এইটৌ সীমা পাৰ হ’লেহে 80D দাবী কৰিব পাৰি বুলি শুনিছিলো।
উদ্দীপ তালুকদাৰঃ বীমা এটা বেলেগে কৰোৱা উচিত, আৰু সেইটো অকল মৃত্যুৰ দৰে ঘটনাৰ বাবেহে ৰখাটো ভাল, যাতে অনাহুত ঘটনাটো ঘটি গ’লেও পৰিয়ালে এটা ডাঙৰ আৰ্থিক সকাহ পায়। ইয়াৰ বাহিৰে বীমাৰপৰা আয়ৰ কথা ভাবিবই নালাগে। ইনভেষ্টমেণ্টৰ কাৰণে ওপৰত আজাদ ডাঙৰীয়াই ভাল ভাল উপায় দিছেই। কিন্তু মস্কিলটো হ’ল, এইবিলাক কথা পঢ়াৰ দিনা ঠিকেই মনত থাকে, এই সপ্তাহতে কৰিম বুলি মনটো বান্ধি থওঁ, তাৰ পাছত আকৌ কোনোবাই এনেকুৱা লেখা দিলেহে মনত পৰে!!
আবিদ আজাদঃ Uddip_Talukdar ডাঙৰীয়া, কথাষাৰ উল্লেখ কৰা বাবে অশেষ ধন্যবাদ। আচলতে PPF একাউন্ট এটাতকৈ বেছি খোলাটোহে অপৰাধ। ততাতোয়াকৈ মনত কৰি কৰি লিখা বাবে ত্ৰুটি এটা হৈ গ’ল। নিৰ্দ্ধাৰিত সীমাত কৈ বেছি টকা জমা থোৱাটো অপৰাধ হ’ব নোৱাৰে। কথাখিনি এদিট কৰি দিওঁ। আপোনালৈ পুনৰ ধন্যবাদ।
মৃদুল কুমাৰ শৰ্মাঃ উদ্দীপদা, হয় কথাটো৷ আমি আচলতে এলাহতে বহু দৰকাৰী কাম নকৰো, সময় গৈ থাকে আৰু পিছত আক্ষেপ কৰো; ছেঃ কেইবছৰমান আগতে কৰা হেঁতেন! আৰু এটা কথা হয়, মানে মোৰ লগত হৈছিল- ভাবি থাকো, অলপ ’মোটা’কৈ বিনিয়োগ/ জমা কৰিম৷ এইদৰে ভাবি থাকোতেও বহু সময় গুচি যায়৷
চিৰঞ্জিত দত্তঃ আবিদ তোমাৰ মনত আছে চাগে’ বহুদিন আগতে ময়ো এটা প’ষ্ট দিছিলো বীমা কোম্পানীবোৰে সদায় কিদৰে এণ্ডওমেন্ট পলিচীৰে বীমাক সঞ্চয় বা বিনিয়োগৰ মাধ্যম হিচাপে গ্ৰাহকৰ ওচৰত প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰে । মোৰ প’ষ্টটিত সেইদিনা তোমাৰ বহুমূলীয়া মন্তব্য সমূহৰ পৰা কেবাটাও কথা নতুনকৈ শিকাৰ সূযোগ পাইছিলো । তোমাৰ আজিৰ পষ্টটি পঢ়ি পুণৰবাৰ উপলব্ধি কৰিছোঁ সঁচাকৈয়ে এই সংক্ৰান্তীয় তোমাৰ পৰা জানিবলগীয়া আৰু ঢেৰ আছে । যি কি নহওক প্ৰসংগটো ওলাল কাৰণে মোৰ পূৰ্বৰ প’ষ্টৰ মূল ব্ক্তব্যটি ( সেই পষ্টটিৰ কথাখিনি হবহু পিচত ‘প্ৰান্তিক’লৈও পঠাইছিলো , প্ৰকাশ হৈছিল ।) আকৌ এবাৰ ডাঠি ক’বৰ মন গ’ল ”বীমা কেতিয়াও ভাল বিনিয়োগৰ আহিলা হ’ব নোৱাৰে । বীমাৰ মূল উদ্দেশ্যটো কেবল ‘বীমা’ হোৱা উচিত , ‘বিনিয়োগ’ নহয় ।”

অম্লান কাশ্যপঃ নাই সেইটো চিন্তা নকৰিব, যিদৰে বাইক বা ফ’ৰ হুইলাৰ খনৰ বীমা কৰোতে সেইটো চিন্তা নকৰে। বীমাক সদায় দুৰ্ঘটনাৰ ৰক্ষা কৱচ ৰূপেই গন্য কৰিব আৰু মনত ৰাখিব যে আমাক বীমাৰ দৰকাৰ আছে। কিন্তু ই বিনিয়োগ নহয়, খৰচৰ হিচাপত ৰাখিব লাগে।
দিপেন্দ্ৰ গগৈঃ মোৰ সহকৰ্মী আৰু বন্ধুবৰ্গৰ মতে সঞ্চয় আৰু বিনিয়োগৰ ভাল উপায় কেইটামান হ’ল:
১) PPF: যিমান পাৰি আগতীয়াকৈ আৰম্ভ কৰিব লাগে, অৱসৰগ্ৰহণলৈকে দুটামান PPF চক্ৰ শেষ কৰিবলৈ চেষ্টা কৰিব লাগে
২) টাৰ্ম ইন্সুৰেন্স (Term Insurance), বিয়াৰ তাৰিখতকৈ পলম কৰিব নালাগে, জীবন বীমা প্ৰকৃততে বিনিয়োগ নহয়, নিজৰ পৰিয়ালৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে লব লাগে
৩) SIP (Systematic Investment Plan) ৰ জৰিয়তে মিউচুয়েল ফান্ডত (Mutual Fund) বিনিয়োগ
ইয়াৰ উপৰিও:
হাততে পোৱাকৈ অলপ ধন (liquid cash) থাকিব লাগে জৰুৰী অৱস্থাৰ সন্মুখীন হবলৈ
স্বাস্থ্য বীমা (health insurance) এটাও পৰিয়ালৰ কাৰণে থাকিব লাগে
দুৰ্ঘটনা বীমা (Personal Accident Insurance) এটা কৰিব পাৰিলে বেয়া নহয়, স্থায়ী শাৰিৰীক অক্ষমতাৰ সুৰক্ষাৰ বাবে

ৰাতুল বেজবৰুৱাঃ এটা অতি সুন্দৰ লেখা। ভাল লাগিল। বহুত খিনি কথা জানিলো। National Pension System (NPS) ৰ বিষয়ে অলপ বিতংকৈ জনাব নেকি?? প্ৰতিমাহে NSDL ৰ পৰা এটা মেছেজ আৰু মেইল পাও; তাতকৈ বেছি একো নাজানো। প্ৰতি মাহে টকা জমা হৈ আছে বুলি গম পাই আছো কিন্তু ভবিষ্যতে ঘুৰাই পামনে নাপাম, যদি পাম কেনেদৰে পাম এইবিষয়ে কোনো আইদিয়া নাই। ইনটাৰনেটত এদিন পঢ়ি চাইছিলো, কিন্তু টাৰ্মবোৰেই ইমান টান একো নুবুজিলো। গতিকে Abidদা অকনমান বুজি পোৱাকৈ যদি জনাই সুখী হ’ম।

হিমাংশু কলিতাঃ ppf একাউন্টত নূন্যতম জমা বছৰি ₹৫০০ নে ₹ ১০০০ বাৰু, মই এছ বি আইত এটা একাউন্ট খুলিছো, পিছে মোক নূন্যতম পৰিমান বছৰি ₹ ১০০০ বুলি কৈছে ।
আবিদ আজাদঃ PPF ৰ বাকী কথা বিষদ ভাৱে নেটতেই পঢ়িব পাব। সেইখিনি, অকণমান কষ্ট কৰক!!!
—————————————————————————————————————
(ইয়াত প্ৰকাশ কৰা মতামতবোৰ অসমীয়াত কথা-বতৰা গোটৰ সন্মানীয় সদস্যসকলৰ ব্যক্তিগত মতামত আৰু সাহিত্য ডট্‌ অৰ্গ তথা ইয়াৰ সম্পাদকমণ্ডলী এই মন্তব্যবোৰৰ কাৰণে দায়বদ্ধ নহয়। সকলোখিনি কথা সম্পূৰ্ণ অসম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!