নামৰ পাকচক্ৰ (পৰিস্মিতা বৰদলৈ)

মোৰ ভতিজাটোৰ জন্ম হোৱাৰ প্ৰথম দুদিন হস্পিতালৰ পৰা ঘৰ আৰু ঘৰৰ পৰা হস্পিতাল দৌৰি থাকোতেই গ’লnaamor paksokro_
ঘৰলৈ অনাৰ পিছত চিন্তা হ’ল “নাম” কি ৰখা যায়..!!
দাদা, বৌ আৰু মোক বাদ দিও মাহীয়েকেও ইন্টাৰনেত খুচৰিব ধৰিলে ভাল নাম এটাৰ সন্ধানত
নাম কই গলো আমি আৰু দাদা নহয় এবাৰ বৌয়ে নাকচ কৰি গ’ল
তাৰ জন্মও হৈছিল ২ অক্টোবৰত.. গতিকে মই বোলো ” বাপু” নহলে “মোহনকে” লগায় দি দে
মাহীয়েকে বোলে “জাতিৰ পিতা” জাতীয়ও দিব পাৰা
এনেকৈয়ে আৰু দুদিন মান গ’ল.. মানুহে লাহেকৈ কি নাম ৰাখিছা সুধিবও ধৰিলে
দেউতাই ৰাশি চক্ৰ চোৱাই আনি ক’লে নামৰ আখৰ “ফ” আৰু “ঢ়” দি গৈছে

আকৌ কিতাপ , ইন্টাৰনেত উলিয়াই ল.. এইবাৰ “ফ” নাম চাবলৈ.. কাৰন “ঢ়” দি যোৱা নামটো চাগৈ ইন্টাৰনেতেও ফাউল মাৰি দিব ।।
ফনিধৰ,ফনিভুষন, ফিৰোজৰ পৰা নাকচ কৰি অৱশেষত “ফিয়ন” (FION) নামটো পচন্দ হ’ল.. ইংৰাজী নাম, অথ্ও হ’ল.. “হেন্দচাম”
দাদাই মৰমতে তাক দুটামান চুমাও খালে বোলে ল’ৰা যেনে নামো তেনে

পিছে সমস্যা টো হল এতিয়া মানুহৰ কাণক লৈ.. আমি কওঁ “ফিয়ন” মানুহে শুনে “পিয়ন”.. নাই নাই ইমান ধুনীয়া ল’ৰাটোক “পিয়ন” হ’বলৈ দিব নোৱাৰি দেই.. “ঢ়” লগা নামো বিচাৰি পোৱা নাই..
মই বোলো “বাঢ়নী” টোকে “বঢ়ন” জাতীয় কৰি দিও নেকি?? দাদা, বৌ দুয়োতাই জকজকাই আহিল..
কিছুমানে ক’লে বোলে দেউতাকৰ নামৰ প্ৰথম আখৰ থাকিলে ভাল..আকৌ খুলি ল’ কিতাপ , ইন্টাৰনেত.. এইবাৰ “প”
বৌৰ দাবী বোলে মোৰ নামৰ “ল” ও থাকিব লাগিব..

দুদিনকৈ দিন ৰাতি বিচাৰি, জাৰি চালি এটা নাম ওলালেগৈ শেষত “পেহলাজ”.. অথ্ও পচন্দ হ’ল “প্ৰথম জন্ম”
এতিয়া “ফিয়ন” গুচাই “ফিয়ম” (FIOM)কৰিলে , তাকো ঘৰুৱা নাম ।
“পেহলাজ” নামটো দি জন্মপত্ৰিকা উলিওৱা হৈ গ’ল ।।

মাহী, পেহী হতে আকৌ ক’বলৈ ধৰিলে “পেহলাজ” নামটো কিবা আমাৰ নাম যেন নালাগে, উদু শব্দ হয় এইতো
মই বোলো উপায় নাই জন্মপত্ৰিকা হৈ গ’ল..
বৌয়ে বোলে নহয় বুজিছা কিতাপ এখনকে কিনো নামৰ একেবাৰে শেহতীয়া সংস্কৰন.. আজিকালি কট্ এফিদেভিত কৰিও নাম সলাব পাৰি, এদিনতে হৈ যায়..
কিন্তু হেইটো কৰিবলৈতো নাম এটা লাগিব.. বিচাৰ তেতিয়াহ’লে!

 

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
buu
3 years ago

ডে আখৰৰ নাম এটা লাগিছিল

Akhil sonowal
2 years ago

12 setambar 2020 , 11.20 am ত ছোৱালী এজনী জন্ম হৈছিল তাইৰ নাম আৰু কি কি দোষ আৰু সুখ আছে অলপ জনাব

Copying is Prohibited!