নিদ্রা আৰু আহাৰ(লক্ষেশ্বৰ হাজৰিকা)
নিদ্রা আৰু আহাৰৰ মাজত ওতঃপ্রোত সম্পৰ্ক আছে। মানুহৰ দৈনন্দিন জীৱনত নিদ্রা বা টোপনিৰ যথেষ্ট প্রভাৱ পৰিলক্ষিত হয়; কিয়নো অনিয়মিত টোপনি বা কম টোপনিয়ে মানুহ এজনৰ কাম-কাজত ব্যাঘাত জন্মায়,মনোযোগ কমায় আৰু আন আন ব্যক্তিৰ লগত মত বিনিময় কৰাত বাধা আৰোপ কৰে। সুন্দৰ ভাল টোপনিয়ে মানুহ এজনক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থতা প্রদান কৰি পুনৰ কাৰ্যক্ষম কৰি তোলে আৰু ৰাতিপুৱা সজীৱ আৰু সজাগ কৰি তোলে।
ব্যক্তি অনুযায়ী টোপনিৰ সময়ৰ তাৰতম্য হ’ব পাৰে; কিন্তু গড় হিচাপে এজন ব্যক্তিক ৭ ৰ পৰা ৯ ঘন্টা সময়ৰ প্রয়োজন হয়। আপুনি প্রয়োজনীয় টোপনিখিনি পূৰণ কৰিব পাৰিছেনে নাই পিচদিনা নিজেই অনুভৱ কৰিব পাৰিব; কিয়নো অত্যধিক টোপনি বা অতি কম টোপনি দুয়োটাই আপোনাক ভাগৰুৱা আৰু খিংখিঙিয়া কৰি তুলিব পাৰে। সাধাৰণতে নিদ্রাৰত অৱস্থাত হৰমণৰ বিকশিত হয়। সাধাৰণতে দেখা যায় কেঁচুৱা, সৰু ল’ৰা-ছোৱালী,কিশোৰ-কিশোৰীৰ প্রাপ্তবয়স্কতকৈ টোপনিৰ প্রয়োজন বেছি।
নিদ্রা বিশেষজ্ঞ সকলে ঠাৱৰ কৰিছে যে সাধাৰণতে ভবাৰ দৰে বয়সীয়াল লোক সকলৰ টোপনিৰ প্রয়োজনীয়তা কম এই কথা সত্য নহয়, বৰঞ্চ বয়স্ক সকলৰ বাবেও টোপনি সমানেই প্রয়োজন। অৱশ্যে বয়স বাঢ়ি যোৱাৰ লগে লগে টোপনিৰ প্রকৃতি কিছু সলনি হয় আৰু টোপনিৰ বিসংগতিয়ে দেখা দিয়ে। সেয়ে বৃদ্ধাৱস্থাত গভীৰ টোপনি কমি যায় আৰু ৰাতি ঘনাই সাৰ পাবলৈ ধৰে।
কিহে আমাক টোপনি নিয়ায় – এই কথাটোৰ ৰহস্য এতিয়াও সম্পূৰ্ণ উদ্ঘাটন হোৱা নাই; তথাপি বৈজ্ঞানিক সকলে ক’ব বিচাৰে যে মানুহৰ জন্মৰ ঠিক পিচতেই ২৪ ঘন্টাৰ ভিতৰত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এই ব্যৱস্থাৰ উৎপত্তি হয় আৰু ‘জীৱনঘড়ী’ (body clock) হিচাপে পৰিচালিত হয়। কিছুমান স্বাভাৱিক ৰাসায়নিক পদাৰ্থই টোপনিক সহায় কৰে আৰু আহাৰেও ভূমিকা গ্রহণ কৰে।
টোপনিৰ ব্যাঘাত জন্মাব পৰা কিছুমান কাৰক তলত উল্লেখ কৰা হ’লঃ
১)অত্যধিক বা অতি কম খাদ্যই টোপনিত ব্যাঘাত জন্মায়ঃ ৰাতি শোৱাৰ আগত অত্যধিক ভোজন বা অতি পাতলীয়া আহাৰ কৰিব নালাগে। বেছি গধুৰ বা গুৰুপাকী আহাৰে হজমত অসুবিধাৰ সৃষ্টি কৰে যিটোৱে টোপনিতো ব্যাঘাত জন্মায়।
২) এলকহল সেৱনঃ সামান্য পৰিমানৰ এলকহলে আপোনাক টোপনি যোৱাত সহায় কৰিব পাৰে। কিন্তু শৰীৰে কৰা এলকহল বিপাকীয় প্রক্রিয়াত টোপনি ভংগ হ’ব পাৰে। বেছি পৰিমাণৰ এলকহলে মানুহ এজনৰ নিদ্রাহীনতাত ইন্ধনহে যোগায় আৰু শুষ্ক কৰি তোলে, সেয়ে পিচদিনা ভাগৰুৱাহে অনুভৱ কৰে।
৩) কেফেইনে টোপনিত আমনি কৰেঃ যিকোনো খাদ্য বা পানীয় য’ত কেফেইন থাকে, তেনে খাদ্যই টোপনিত ব্যঘাত জন্মায়; অৱশ্যে সকলোৰে ক্ষেত্রত এইটো প্রজোয্য নহ’বও পাৰে। যি সকলৰ তেনে সমস্যা আছে, তেওঁলোকে আবেলি আৰু গধূলি এৰি চলাই ভাল।
৪) চৰ্বিযুক্ত খাদ্যঃ ৰাতি চৰ্বিযুক্ত(fat) খাদ্য বৰ্জন কৰিব লাগে; যি বিলাক খাদ্য খালে আপোনাৰ অজীৰ্ণ হোৱাৰ প্রৱণতা থাকে বা বুকু জ্বলা- পোৰা কৰে, তেনে খাদ্যই টোপনিত অস্থিৰতা আনে; সেয়ে এনে খাদ্য এৰাই চলিব লাগে।
৫) ৰাতি দেৰিকৈ খোৱাঃ যিসকল লোকৰ বুকু জ্বলা বা টেঙা উগাৰ আহে তেওঁলোকে ৰাতি দেৰিকৈ খোৱা বা বেছিকৈ খোৱা অনুচিত; কাৰণ পেট ভৰ্ত্তি অৱস্থাত টেঙা ভাৱ বেছি হয় আৰু গেষ্ট্রিক ৰস বেছি নিঃসৃতহৈ বুকুৰ জ্বলন বেছি কৰে আৰু টোপনিত ব্যাঘাত জন্মায়।
৬) খোৱাৰ পিচতে বেচি তৰল জাতীয় খাদ্য খোৱা অনুচিতঃ ৰাতি খোৱাৰ পিচত তৰল পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে যাতে ৰাতি ঘনাই প্রসাব কৰিব লগা নহয়।
ভাল টোপনি আহিবলৈ কি কৰিবঃ
১) যিবিলাক কাৰকে বা কাৰ্যই টোপনিত ব্যাঘাত জন্মায়, সেই কাৰকবোৰ কেইসপ্তাহমান ধৰি এখন ডায়েৰীত লিখি ৰাখিব লাগে। সদায় পাৰিলে বিচনালৈ যোৱা আৰু সাৰপোৱা সময়বোৰ টুকি ৰাখিব লাগে।
২) নিয়মীয়াকৈ বিয়লিবেলা ব্যায়াম বা আসন কৰাৰ আভ্যাস কৰিব লাগে। শোৱাৰ ২/৩ ঘণ্টাৰ আগত কষ্টকৰ ব্যায়াম কৰিব নালাগে; কাৰণ এনে কৰিলে টোপনি যোৱাত বাধাৰ সৃষ্টি হ’ব পাৰে।
৩) দিনত দীৰ্ঘসময়ৰ বাবে টোপনি মৰা উচিত নহয়; এইটোৱে ৰাতি ভাল টোপনি যোৱাত বাধা দিয়ে।
৪) পাৰিলে দিনত সদায় নিৰ্দিষ্ট সময়ত আহাৰ গ্রহণ কৰিব লাগে। ৰাতি পাৰিলে ৮বজাৰ ভিতৰত আহাৰ গ্রহণ কৰিব লাগে আৰু গুৰুপাকী হ’ব নালাগে।
৫) দুপৰীয়া আহাৰৰ পিচত কেফেইন জাতীয় একো খাদ্য খাব নালাগে।
৬) ধূমপান বৰ্জন কৰি চলা উচিত; একেবাৰে এৰিব নোৱাৰিলে শোৱাৰ ১/২ঘণ্টাৰ ভিতৰত ধূমপান কৰিব নালাগে।
৭) শোৱাৰ আগত মানসিক উত্তেজনামূলক কাৰ্যৰ পৰা বিৰত থাকিব লাগে।
8) সদায় পাৰিলে একে সময়ত শোৱা আৰু একে সময়তে বিচনা ত্যাগ কৰা অভ্যাস গঢ়ি তুলিব লাগে।
৯) কুহুমীয়া পানীৰে গাধোৱা, শোৱাৰ সময়ত কেইমিনিটমান ভাল কিবা কিতাপ পঢ়া, সুমধুৰ সঙ্গীত শুনা, ধ্যান আদিয়ে টোপনি অহাত সহায় কৰে।
১০) শোৱা কোঠালী সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন, ক্ষীণ পোহৰযুক্ত আৰু শান্ত হ’ব লাগে।
১১) শোৱনী কোঠা কেৱল শোৱাৰ বাবেহে ব্যৱহাৰ কৰিব লাগে; বিচনাত বহি টি,ভি চোৱা বা অন্যান্য কাম কৰা অনুচিত।
১২) শোৱাৰ সময়ত পিন্ধা পোচাক ঢিলা আৰামদায়ক হোৱা উচিত।
১৩) যদি আপুনি শুব নোৱাৰে, বিচনাত ১৫ মিনিটতকৈ বেছি উদ্বিগ্ন ভাবে পৰি নাথাকিব। উঠি আহি আন এটা কোঠালৈ যাব, টি,ভি চাব বা কিতাপ পঢ়িব যেতিয়ালৈকে টোপনিভাৱ নাহে। পিচদিনা নিয়মীয়া সময়তে উঠিব।
১৪) গাখীৰ আৰু মৌৱে টোপনিত সহায় কৰ। গাখীৰত থকা ট্রিপ্ট’ফেন(Tryptophan)এ স্বাভাৱিক প্রক্রিয়াৰে টোপনি যোৱাত সহায় কৰে। এই ট্রিপ্ট’ফেনে মগজুত স্বাভাৱিকতে থকা প্রশমক চেৰ’টনিন(Serotonin) বঢ়াই টোপনিত সহায় কৰে। সেয়ে গৰম গাখীৰত এচামুচ মৌ মিহলাই খালে ভাল ফল পোৱা যায়।
টোপনিৰ বিসংগতিয়ে উদ্বেগ, বিষণ্ণতা আৰু মানসিক চাপ বৃ্দ্ধি কৰে। কেতিয়াবা চিকিৎসা সমস্যাইও অনিদ্রাৰ কাৰণ হ’ব পাৰে। এই বিসংগতিৰ কাৰক সমূহ অতিক্রম কৰি টোপনিৰ সমস্যা আঁতৰাবলৈ চেষ্টা কৰি টোপনিৰ মানদণ্ড বঢ়াবলৈ যত্নবান হ’ব লাগে লগতে খাদ্যাভাস আৰু অন্যান্য আৱশ্যকীয় দিশত গুৰুত্ব আৰোপ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে; কিয়নো সুস্বাস্থ্য আৰু সুস্থ মনৰ অধিকাৰী হ’বলৈ হ’লে ভাল আৰু প্রয়োজনীয় টোপনিৰ আৱশ্যক।
লক্ষেশ্বৰ হাজৰিকা
০৮-০৩-২০১৪