নিমন্ত্ৰণ-মে’ দিৱসলৈ (নৱ কোঁৱৰ)

কোনোবা মালিক পক্ষৰ
কোটৰ জাপত,
নতুবা বন্ধ কোঠাৰ মেজত,
ৰঙা গোলাপৰ সুগন্ধ!

গোলাপৰ সুগন্ধত
কামনাৰ দ্ৰষ্টব্য।
সুপ্ত ঝৰ্ণাৰ কোৰ্হাল॥

শ্ৰমিকৰ তেজৰ বন্যৰে
টোপ টোপকৈ নিগৰি সৰে,
নৈশ ভোজৰ
ৰঙীন মদিৰাৰ পিয়লা॥

মদিৰাৰ নিচাত
দেখা দিয়া ৰঙীন স্বপ্নবোৰে
বাৰে বাৰে খুন্দামাৰে
ইনকিলাব গোৱা
কঙ্কালসাৰ শ্ৰমিকৰ
কামিহাৰৰ ফাঁকে ফাঁকে॥

খুচুৰা হাৰৰ
অনুগ্ৰহৰ টোপোলা সামৰি
এটি সমবেত সংগীতৰ কলি।

তাতেই এবাৰ লগ পাবা,
কমৰেড
শ্ৰমিকৰ বেশত।
তেজৰ বোলৰ,
ৰঙা পতাকাৰ তলত॥
******************

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!