নিলিখা খামৰ চিঠি – ব্ৰহ্মানন্দ পাতিৰি

দুখৰ পদূলিত তাঁত-বাটি কাঢ়িছিলা,

মৌ সিঁতা, কেমটাই পহুৰ কাঁইট,
ক’ত বিচাৰিছিলা?
ৰ’দ-বৰষুণত মাকোৰ মাত ,
চোতালত শালৰ তাঁত,
আশীৰ চাদৰ,
এদিন আদৰ৷
এদিন হলেও ব’হাগ আহিব,
বৰদৈচিলাই থেকেচি ভাঙিব,
আশাৰ যঁতৰ,
খৰা শিয়ালৰ বিয়া,
হেঁপাহৰ বতৰ,
গুণগুণাই যঁতৰ৷
শালত তোমাৰ বিহুৱান,
অজান মুলুকত,
শিলভঙা ব’হাগৰ গান৷
তুমি আছানে জীয়াই,
আশাৰ বৰষুণে গুণগুণাই,
তোমাৰ খবৰ লোৱা ফোনটোত,
বহুতেই খেপিয়াই ৷
টিপ চাকিৰ পোহৰত ভোকে কলমলাই,
আজিকালি ডাকঘৰ নাই,
মবাইলত আজিও ৰিছাৰ্জ হোৱা নাই৷
জীয়াই থকাৰ হেঁপাহ নদীত উটি যায়,
শিলিখা তলৰ ঘৰটো এতিয়া নাই৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!