নিষিদ্ধ কিতাপবোৰ… আৰু এক প্ৰাচীন আকর্ষণ (লাকি আহমেদ)
সৰুৰেপৰা কিতাপৰ প্ৰ্তি খুব আকর্ষণ মোৰ l শৈশৱতেই বহু সংখ্যক কিতাপ পঢ়ি শেষ কৰিছিলো l স্কুলৰ পানীখোৱা ছুটিত খাবৰ বাবে দিয়া পইছাও নাখায় সাচি সাচি কিতাপ কিনিছিলো l এই কথা এদিন মায়ে গম পোৱাত মা আৰু মোৰ মাজত এক চুক্তি হৈছিল l চুক্তি মতে মই প্ৰ্ত্যেক সপ্তাহত এখনকৈ কিতাপ কিনাৰ অনুমতি পাইছিলো l ‘ফাইণেন্স’ মায়ে কৰিছিল l অৱশ্যে চুক্তিমতে সেই কিতাপবোৰ মই স্কুলৰ কিতাপ পঢ়া টাইমত পঢ়িব নোৱাৰিছিলো,তাৰ সলনি খেলা-ধূলা কৰা টাইম খিনিত পঢ়িব লগা হৈছিল l সেইমতেই ঘৰলৈ প্ৰ্ত্যেক সপ্তাহতে এখন এখনকৈ কিতাপ আহিবলৈ লৈছিল…আৰু এদিন কিনি আনিছিলো ৰণ্জু হাজৰিকাৰ “গোপনে অতিকৈ গোপনে” নামৰ কিতাপখন l কিতাপখনৰ নামতো আৰু বেটুপাতটো দেখিয়েই মাৰ মনত কিবা এক সন্দেহ ঘণীভূত হৈছিল আৰু মই পঢ়া্ৰ আগতেই মায়ে সেইখন পঢ়ি চাইছিল আৰু নিষিদ্ধ ঘোষণা কৰিছিল সেই কিতাপখন l সেইদিনাই মাৰ লগত হোৱা চুক্তিত আৰু এটা ‘কণ্ডিছন’ যোগ হৈছিল- ‘আগে কিতাপবোৰ মায়ে পঢ়ি চাব,তাৰপাছত হে মই পঢ়িব পাম’..!
সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে নিষিদ্ধ ঘোষিত কিতাপৰ সংখ্যাও বাঢ়ি গৈছিল এখন দুখনকৈ l
নিষিদ্ধ ঘোষিত কিতাপবোৰলৈ মায়ে জাৰি কৰিছিল অজীৱন কাৰাদণ্ড l ঘৰৰ লাইব্ৰেৰীৰে এটা বন্ধ বাকচৰ আন্ধাৰ কোঠালিত আবদ্ধ হৈ পৰিছিল সিঁহত l মোৰ কিন্তু নিষিদ্ধ কিতাপবোৰৰ প্ৰ্তিহে আকর্ষণ বাঢ়ি বাঢ়ি গৈছিল দিনকদিনে,কিনো লিখা আছে তাত??এটি প্ৰ্শ্ন হৈ খুন্দিয়াইছিল মোক প্ৰ্তিদিন l দুই-তিনিবাৰ কিতাপবোৰ ‘হাছিল’ কৰিবলৈ অপচেষ্টাও চলাইছিলো,কিন্তু মাৰ চকুত ধূলি দি সেইবোৰ ‘হাছিল’ কৰা মুস্কিলেই নাছিল অসম্ভৱ আছিল….শৈশৱ পাৰ হৈ যৌৱনত ভৰি দিলে;কিন্তু থাকি গল সেই আকর্ষণটো…
আজিও কাৰাৰূদ্ধ সিঁহত l এতিয়াও ঘৰলৈ গলে লাইব্ৰেৰীত সোমালেই আকর্ষণ কৰে মোক বন্ধ বাকচটোত আৱদ্ধ নিষিদ্ধ কিতাপবোৰে l পুৰণি কথাবোৰে নষ্টাল’জিক কৰি তোলে l এতিয়া মন গলেই খুলি চাব পাৰো কিতাপবোৰ..কিন্তু..প্ৰাচীন সেই আকর্ষণটোৰ মৃ্ত্যু হবলৈ দিব নোখোজো l থাকি যাওক সেই আকর্ষণটো অজীৱন..লগতে মোৰ শৈশৱ আৰু স্মৃ্তিবোৰ..!