নীলা খামৰ চিঠি (আইজনী দাস)
হিয়াৰ আমঠু,
তোৰ পৰা শুনিম শুনিম বুলি অশা পালি থাকোঁতে আজি ঊনৈশটা বসন্তই গৰকি গ’ল৷ কিমান যে আকুলতাৰে গামোচাখন বৈ থৈছিলোঁ, চেনেহৰ দীঘ আৰু হেঁপাহৰ বাণি দি, তোৰ পিছে আহৰি নহ’ল এটা ব’হাগতো ঘূৰিবলৈ৷ মোৰ ভাবত যে এতিয়াও আউল লাগে জান, তাহানিৰ সেই ল’ৰালিৰ ধেমালিবোৰ মনত পেলাই৷ খুব মন যায় জানিবলৈ তই বাৰু পাৰিছ নেকি বন্ধ কৰি থ’ব হৃদয়ৰ সেইটো কোঠালি? স্মৃতিয়ে বিশ্বাসঘাতকটা নকৰিলে সম্ভৱ জানো সেয়া?
সেই যে খিড়িকীখন, খুব মনত পৰে; য’ত তই আৰু মই কথা পাতিছিলোঁ, তোৰ যে হাঁহিটো এতিয়াও ইমান সজীব হৈ আছে মোৰ মনত৷ ভাল লাগিছিল তোক, তই পাৰি দিয়া তহঁতৰ বাৰীৰ জামুবোৰ যে কি সোৱাদ আছিল৷ সেই যে লুকা-চুৰি খেলোঁতে তোৰ কাষত উজুটি খোৱা আৰু তই উঠাই দিয়া, চকুৱে চকুৱে পৰা আৰু দুচকুত হেৰাই যোৱা! প্ৰথমবাৰ স্কুললৈ চাদৰ মেখেলা পিন্ধি যাওঁতে তোক দেখাৰ শিঁহৰণ আৰু বিনিময়ত তোৰ সেই কলিজা খোৱা হাঁহিটো৷ মই গান গাওঁতে তই যে তবলা বজাইছিলি, সেই গানটো মোৰ এতিয়াও খুব ভালকৈয়ে মনত আছে৷ এই গানটো আমি দুয়ো চিজিন টিকেটৰ আসনত বহি উপভোগ কৰা থিয়েটাৰ এখনত শুনিছিলোঁ, তোৰো খুব ভাল লাগিছিল হেনো, কৈছিলি৷
মৰম এনাজৰী চিগি যোৱা নাই
মই তোমাৰ মনৰ মাজত আছোঁ যে লুকাই
চেনেহৰ চিৰ যুগমীয়া বন্ধন নিচিগে চিগা নাই
তোমালৈ আছোঁ বাট চাই
সৌ দূৰৰ মন্দিৰতে তোমাৰ পুজাৰ বাবে
আছোঁ ৰৈ আছোঁ ৰৈ আছোঁ ৰৈ
দুয়ো দুয়োৰে মনৰ মাজত
আছোঁ যে লুকাই
পুনঃ কথা এষাৰ শুনিলোঁ, এৰি দিয়া পখিলাটো উৰি নহা মানে হেনো সেইটো কাহানিও মোৰ নাছিলেই, বাকচটো জপাই থোৱাই ভাল চাগে৷
মৰমেৰে,
তোৰ কলিজা
Comment text..ভাল লািগল পিঢ়