নীলা পখী ( গীতি চক্ৰৱৰ্তী )

neelapokhi_Geeti Chakrabarty

নীলা পখী ,…..

আজি তোমালৈ মোৰ বৰকৈ মনত পৰিছে ।

নীলা পখী

তুমিটো জানাই মনে দূৰত্বৰ সীমনা নামানে …

শৰতৰ স্নিগ্ধ জোনাক ……

তৰা ভৰা নীলাকাশ, …সুবাসিত ৰ’ৰৈয়া,…

হাচনাহানা জোপাত,নিয়ৰৰ মুকুতাবোৰ জিলিকি আছে ।

নীলা পখী, …

তথাপিও আজি মই ওঁঠত বিৰিঙাব পৰা নাই

সেই সেউজীয়া হাঁহিটো ।

নয়ন যুৰিত বোলাব পৰা নাই

সেই লাজসনা চাৱনিটো ।

গাব পৰা নাই,

তুমি ভাল লাগে বুলি কোৱা

সেই ৰোমাণ্টিক গীতটো ।

নীলা পখী ………

আজি তোমালৈ মোৰ বৰকৈ মনত পৰিছে ।

নীলা পখী

তুমিটো জানাই মই বৰষুণ ভাল পাওঁ

নিয়ৰসিক্ত দুৱৰিত শেৱালিৰ দলিচা ভালপাওঁ

আঁউসীৰ নিশা ফুলনিত পোহৰ বিলাই ফুৰা,

জোনাকী পৰুৱাবোৰ যে মই ইমান ভালপাওঁ

কিন্তু তাতকৈও বেছি মই তোমাক ভাল পাওঁ…

নীলা পখী ………

তথাপিও কিয় তুমি বুজিবলৈ চেষ্টা নকৰা

মোৰ হৃদয়ৰ আহ্বান।

এবাৰ …আহি পৰি ৰোৱাহিছোন

হাচনাহানা জোপাত…..

দি যোৱাহিচোন মোক,

জীৱনৰ জটিলতাৰ সমাধানৰ সৰল সূত্ৰটো ।

নীলা পখী………..

আজি তোমালৈ মোৰ বৰকৈয়ে মনত পৰিছে ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!