নেওচিব নোৱাৰা মৰম
নিংকু নিশা
মেকুৰী দেখিলে সাতজাপ মৰা ছোৱালীজনীৰ ঘৰত এদিন দুটা অকণমানি লোদোৰ পোদোৰ পোৱালি মাকজনীয়ে এৰি থৈ গ’ল৷ এটা বগা আৰু এটা মুগা বৰণীয়া৷ মিউ মিউ কৈ খুব মৰমলগাকৈ মাতি মাতি সিহঁতো আমাৰ পৰিয়ালৰ সদস্যৰ দৰে থাকি গ’ল৷ আমি বিস্কুটৰ গুৰি খাবলৈ দিওঁ৷ নেজ ডাঙি দুইটা দৌৰি আহে৷ তেতিয়ালৈ অৱশ্যে সিহঁত ভাত- মাছ খাব পৰা হোৱাই নাই৷
মৰমতে সিহঁতৰ নাম দুটাও ৰাখিলো পিলৌ আৰু পিলপিলি৷ পিলৌ আহ আহ কৈ মাতিলেই দুইটা য’তেই নাথাকক দৌৰি আহিবই৷ ভোক লাগিলেই দুইটাই বৰ দীঘলীয়াকৈ মাতটো উলিয়াই ভৰিত মূৰটো খুন্দিয়াই দিয়ে৷ মেকুৰীলৈ ভয় কৰা মইজনীয়ে এতিয়া সিহঁতক নিদিয়াকৈ খাবই নোৱাৰা হ’লো৷ গাখীৰ সানি দিয়া ভাততকৈ মাছ অকমান সানি দিলে সিহঁতে বেছি পচন্দ কৰে৷ আৰু যিদিনা নিৰামিষ থাকে এবাৰ ভাতলৈ এবাৰ আমাৰ মূখলৈ দুখলগাকৈ চাই ভাতত মুখ লগাই আতঁৰি যায়৷ তেতিয়ালৈ গম পাইছিলো সিহঁত ল’ৰা নহয় ছোৱালী মেকুৰী বুলিহে৷
এদিন বগীজনী দৌৰি আহি মোৰ ভৰিৰ গচকত পৰিল৷ তাইক বচাবলৈ গৈ মই থেকেচা খাই পৰিলো৷ খঙত তাইক গালি পাৰি মই আতঁৰি গ’লো৷ তাই মোৰ ভৰিখনলৈ এবাৰ কৰুণভাৱে চাই বাহিৰলৈ ওলাই গ’ল৷ ৰাতি ভাত খোৱাৰ সময়ত মায়ে দুইজনী মেকুৰীক চিঞৰিলে৷ বগীয়ে ভাতৰ ফালে পিঠিখন দি বহি আছে৷ ভাতলৈ চোৱাই নাই৷ এইৰ আকৌ বৰ অভিমান৷ মই আহি ভাতত মুখখন লগাই দিওঁতেহে খাবলৈ ল’লে৷ হয়তো মই দূখ পোৱা বাবেই মোক এৰি তাই ভাত খাব বিছৰা নাই৷ যি সময়ত মানুহেই মানৱতা বুজি নাপায় অথচ মাতিব নোৱাৰা জীৱ এটাৰ আত্মীয়তা দেখি তবধ মানিছিলো৷
লাহে লাহে পিলৌ আৰু পিলপিলি গাভৰু হ’ল৷ গাভৰু ছোৱালী দেখিলে ডেকা ল’ৰা কাষ চাপি অহাৰ দৰে বোন্দায়ো সিহঁতলে’ খাপ পিটিবলৈ ধৰিলে৷ বাহিৰ ওলালেই দুয়োজনীলৈ সি চোচাঁ লয়৷ দুয়োজনী ভয়ত নেজ দাঙি দৌৰি বিছনাৰ তলত সোমায়৷ সেয়ে আমি লাঠি এডাল লৈ বোন্দা খেদো৷ এদিন দেখিলো পিলপিলি(মুগাজনী)নাই৷ বোন্দাই পলুৱাই লৈ গ’ল৷
দুদিনৰ মূৰত আহি ওলালহি তাই৷ পিছে এইবাৰ তাইৰ আচৰণ সলনি হ’বলৈ ধৰিলে৷ আগৰ চঞ্চলতাবোৰ কমি আহিল৷ মুখত গহীন গহীন ৰেখা৷ চাওঁতে চাওঁতে দিন বাগৰিল৷ পিলপিলি মাক হ’বলৈ আগবাঢ়িল৷ তাই অ’ত ত’ত সুবিধাজনক ঠাই বিচাৰিবলৈ ধৰিলে৷ মাৰ কাপোৰ থোৱা আলনাডালৰ পিছফালেই তাই চুপচাপ সোমাই থকা হ’ল৷ কোনোবা এদিন মাৰেই চাদৰ এখন আলনাৰপৰা চোচোঁৰাই আনি পাৰি লৈ পোৱালি এটা জন্ম দিলে৷ ভৰিত ক’লা ক’লা আঁচ অঁকা মুগা বৰণীয়া ধুনীয়া ল’ৰা পোৱালি৷ মৰমতে তাক মই নাম দিলো “টিলু“৷
দৌৰি জপিয়াই টিলু আমাৰ ঘৰৰ নতুন সদস্য হ’ল৷ বিস্কুটৰ গুৰি চেলেকি চেলেকি খাব পৰা হ’ল৷ ভাতত গাখীৰ সানি দিওঁ, গাখীৰখিনি চুহি খাই শেষ কৰি মিউ মিউ কৈ চিঞৰি থাকে৷ মাকেও আমাৰ হাততে যেন তাক চমজাই থৈ নিশ্চিত হ’ল৷ চকুৰ আগত পোৱা সৱ বস্তুৰ লগত এবাৰ খেলি চোৱাতো তাৰ যেন অভ্যাস হৈ পৰিল৷ আনকি কথাৰো সহাঁৰি দিব পৰা হ’ল৷ তাৰ লগত আমিও যেন মেকুৰী হৈ পৰিলো৷ ভাইটিক ল’ৰা বুলি মাতিলে সিহে আগতে মতা হ’ল৷ অৱস্থা এনে পৰ্যায় পালেগৈ যে “অ’ ল’ৰা“ এইফালে আহ বুলিলে ভাইটিতকৈ আগত টিলুহে উপস্থিত হোৱা হ’ল৷ টিলুৰ লগত আমাৰ কথোপকথন এনেকুৱা হ’ল……
: টিলু
: মিউ ( অও)
: আছনে টিলু?
: মিউ ( আছো )
: কি কৰিছ’ ল’ৰা?
: মিউ ( গম পাবিয়ে ৰ’ )
: গাখীৰ খাবিনে টিলু?
: মিউ ( নেখামনে আৰু? )
: তেল ফালিছ’ নেকি?
: মিউ ( নাফালি কি ঘোৰাঁ ঘাহঁ কাটিম? )
( কিবা এটা ইমান সময়ে সি পেলাবই )
: কি পেলালি টিলু?
: মিউউউ ( চালে গম পাবিয়ে দেখোন )
দেখিব কিতাপ, কলম বা ক্ৰীম ইতিমধ্যে মাটিত পৰিলেই৷
: গ’লিনে তই? ৰ’ তই বুলিলেই হ’ল
: মিউউউউউ ( পলা পলা ঔ)
বুলি দীঘলকৈ মাতি সি আগতেই সেই ঠাইৰপৰা পলাই ফাট মাৰিব৷
এদিন স্কুললৈ যাবলৈ লৰালৰি কৰিছো৷ চাদৰখনত ইষ্ট্ৰীটো বহাইছোহে টিলুৱে আহি তাৰঁডালত তাৰ খেলা আৰম্ভ কৰি দিলেহি৷ মই ধমকিয়াই তাক ৰূমটোৰপৰা বাহিৰ কৰি দিলো৷ সি মিউ মিউকৈ বাহিৰত কুকুৱাই থাকিল৷ দিনভৰ একো এটা মুখত নিদিলে৷ আনকি গাখীৰ সানি মায়ে তাৰ মুখত ঘহাঁই দিয়াতো খাবলৈ আগ্ৰহ নেদেখুৱালে৷ আবেলি মই আহি পাওঁতেই সি জপিয়াই মোৰ কোলাত উঠিল৷ মাছ সানি তাক খাবলৈ মাতিবহে পালো, এক চেকেণ্ডো পলম নকৰি সি গোগ্ৰাসে গিলিব ধৰিলে৷ তাৰ যেনিবা অভিমানটো ভাঙিল৷ ময়ো শান্তি পালো৷ তাক খোৱা চাইয়ে মোৰ সেইদিনা আপোনা আপুনি ভোক গুচিল৷ ভোকাতুৰক খাবলৈ দি যে কিমান সন্তুষ্টি পোৱা যায় সেইদিনা বাৰুকৈয়ে অনুভৱ কৰিছিলো৷ মানুহতকৈ জীৱজন্তুক মৰম কৰাই উচিত অন্তত: বিনিময়ত সচাঁ আন্তৰিকতা পোৱা যায়৷
ইতিমধ্যে চালী আধী ঘৰৱালী বুলি বোন্দাই পিলৌজনীকো পলুৱাই নিলে৷ সময়ত তায়ো দুটা পোৱালি জন্ম দিলে৷ “পিলৌ, পিলপিলি, টিলু, চিনু আৰু বিউটি“ পাচোঁটা মেকুৰীৰে আমাৰ ঘৰত মেকুৰীৰ এখন যৌথ সংসাৰ পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ টিলুৱে নতুন পোৱালি দুটাক দিনত খেলায় আৰু চুৰ কৰি সিহঁতৰ লগতে সোমাই মাহীয়েকৰ গাখীৰ খায়৷ আমি জোকালে ঠেঙৰ তলত মুখ লুকুৱাই লাজ কৰি দেখুৱাই৷
পিছে দিন সদায় সুখত পাৰ নহয়৷ অধিক আনন্দ যেন ভগৱানে সহিব নোৱাৰে৷ মোৰ ওচৰত বদমাচি কৰি থকাত মই তাক গ’লিনে ইয়াৰপৰা বুলি ধমকিয়ালো৷ কোনোদিন ঘৰৰ চাৰিসীমা পাৰ নোহোৱা টিলু কালি দৌৰ মাৰি ৰাস্তাত উঠিল৷ গাড়ীৰ আগেৰে মেকুৰী পাৰ হ’লে অমঙ্গল হয় বুলি কোনোবাই তাৰ ডিঙিৰ ওপৰেৰে বাইক চলাই দিলে৷ তাৰ মুখ, ডিঙি আৰু আগ ঠেং ভাঙি টুকুৰা হৈ গ’ল৷ তাৰ বাবে কৰিব পৰা একোৱেই বাকী নাছিল৷ তথাপিও ভঙা জেগাত কেচাঁ হালধি অলপ বান্ধি দিছিলো কিন্তুু সেয়া যথেষ্ট নাছিল৷ অৰ্ধচেতন হৈ সি তাৰ শোৱা ঠাইত পৰি আছিল৷ ১৩/১৪ ঘণ্টা মৃত্যুৰ লগত যুজিঁ যুজিঁ আজি পুৱাই আমাক এৰি টিলু গুচি গ’ল৷ মই গ’লিনে বুলি গালি পৰা বাবেই যেন সি অভিমান কৰি একেবাৰে গুছি গ’ল৷ টিলুৰ বাবে যে আমি একো কৰিব নোৱাৰিলো৷ আই ঔ দেহি তাৰ কৰুণ বিননিয়ে বুকু ভেদি নিব যেন৷
এতিয়া তাৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিছো৷ অজানিতে তাকেই মাতিছো৷ কালিৰপৰা ভাত পানী ডিঙিৰে পাৰ কৰিব নাইপৰা৷ উস্ প্ৰিয় বস্তুবোৰ এনেকৈ হেৰাই যোৱাই যেন জীৱন৷
কি মানুহ কি জন্তু? ?
সকলো প্ৰিয় আৰু মৰমৰ সম্পদৰ আয়ুস বৰ চুটি৷