নেতা (-ঘনশ্যাম ডেকা)

 

আহক ৰাইজ
আগবাঢ়ি আহক
সকলোৱে আহক
আঘোণাকাইৰ চোতালত মেল
বিধাতাৰ আসনত নীলা শিয়াল
আমাৰ সৰ্ব্বনাশী সুখৰ যুগুতি কৰিছে
সৰিয়হৰ ডুলিত বীৰা পুহিছে
বেইমানৰ ডিঙিত গামোচা মেলিছে।।
চাইৰেণৰ শব্দত স্তিমিত আৰ্তনাদ
দালালৰ হাতত ধৰ্ষিত যৌৱনৰ কুঁহিপাত
সম্ভাৱনাৰ জাৰজ আৱৰ্জনা
দুৰ্নীতিৰে পিষ্ট ঠিকাদাৰৰ আলিবাট
পদূলিৰ মূৰতেই আজি উন্নয়ণৰ হাট।।
সাৱধান হওক……..

neta_ghanashyam deka
পিশাচৰ উপাসক আহিছে
নোটৰ মাজত ভোট সাধিবলৈ
সুযোগ বুজি সৰ্বস্ব নিবলৈ
গণতন্ত্ৰৰ পাশাৰে চাৰ্কাচ দেখুৱাবলৈ
দুখীয়াৰ সুখ হৰিবলৈ
বালিৰ মথাউৰিৰে বানত বুৰাবলৈ।।
নালাগে জানিব
খদ্দৰৰ আঁৰৰ কথাবোৰ
শুভ্ৰ পোছাকৰ তলতেই লুকুৱাই আনিছে
কালৰঙৰ অতিকায় প্ৰেতাত্মা……
নিধকৰ হাতত উলংগ সতী
সম্ভোগৰ চৰ্চাত মত্ত ৰাজনীতি
বেকাৰৰ জোলোঙাত কেৱল প্ৰতিশ্ৰুতি!
আশাৰ জখলাত সপোন বগায়
কৃষকৰ পঁজাৰ উৰুখিছে চাল
দালালে গছত তেল দি বগায়।।
সম্ভাৱনাও ধৰ্ষিতা চোৰৰ ৰাজসভাত
ভাষণ শ্ৰুতলিপিত নিমাখিতৰ আৰ্তৰাও
নিমখহাৰামৰ কৱলত সমাজ
শৃঙ্খলিত প্ৰজন্মই বিনায়।।
মা কচম,
ইহঁত সঁচাকৈয়ে তেজপিয়াৰ জাক
চল পালেই চলনা
বুইছনে তই আঘোণাকাই
মনৰ কথা মনতে ৰাখ
নকবি ককাই
জানোচা ৰজাই বেয়া পায়
কীটনাশকৰ গোন্ধত মুৰ্চা যোৱা
গান্ধীপোকৰ সাধুটো
ঘামত তিতা মাটিডৰাত
পতান হোৱা ধানবোৰ
জীয়াঢলৰ পানীত হেৰোৱা
পেটমোচা লৰাটোৰ চিঞৰটো
পদুলিৰ পৰা নোহোৱা হোৱা আইজনীৰ কথা
মানুহজনীৰ দেহত বাহ সজা অচিনাকি বেমাৰৰ বেথা
আজি আৰু নালাগে ক’ব !!
ক’লেই ফুচুলাবলৈ সহজ হ’ব
ঘঁৰিয়ালৰ চকুপানী টুকি সহায়ৰ হাত দিব
চলনাৰে আকৌ বছৰৰ পিছত বছৰ ঠগিব ।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!