নেপায় -(অনামিকা বৰুৱা )
নেপায়- (অনামিকা বৰুৱা)
আমাৰ অসমীয়াত এটা বৰ ধুনীয়া শব্দ আছে “নেপায়” | বহু সময়ত এই শব্দটোৱে শক্তিশেলৰ দৰে কাম কৰে | বহু সময়ত বিষধৰ সাপৰ ফণা নমোৱাৰ দৰে কাম কৰে | বহু সময়ত আকৌ শুকান খেৰত ফিৰিঙতি হৈ জুই লগোৱাৰ দৰে কামো কৰে | মুঠৰ ওপৰত আমাৰ জীৱনত এই শব্দটোৰ প্ৰভাৱ অসীম | সময় সুবিধা সাপেক্ষে ইয়াৰ প্ৰয়োগৰ বৈধতাক লৈ মই সদায় দোমোজাত পৰো | আচলতে “নেপায়” মানে কি ? যিটো কৰিব নালাগে সেইটোৱে “নেপায়” নহয় জানো ? কিন্তু কোনবোৰ কৰিব নালাগে ? মোৰ প্ৰয়োজনত কিবা এটা যদি কৰিব লাগে আৰু আন এজনৰ মতে সেইটো যদি কৰিব নালাগে তেন্তে এই “নেপায়”টোৰ গুৰুত্ব কাৰ বাবে বেছি হ’ব ? সাধাৰণভাবে চাবলৈ গ’লে “নেপায়”ৰ ব্যৱহাৰ সকলোৱে নিজৰ সুবিধাৰ বাবেই কৰে | নিজৰ স্বাৰ্থৰ খাতিৰতে পায়বোৰক নেপায় আৰু নেপায়বোৰক পায় কৰিবলৈ আমি দৈনন্দিন জীৱনত কিমান যে কচৰত্ কৰোঁ কোনোবাই ভাবি চাইছেনে কেতিয়াবা ? “নেপায়”বোৰ সকলোৰে বাবে যদিও নিয়মৰ নামত মানুহক বিশেষকৈ মাইকী মানুহক ই কমখন নগুৰ নাগুতি কৰা নাই | পুষ্পিতা হোৱাৰ পাছৰ পৰাই ছোৱালীবোৰৰ পাছত “নেপায়”ৰ সমদল আৰম্ভ হয় | গা নোধোৱাকৈ পাকঘৰত সোমাব নেপায়, ডাঙৰক চাহ কৰি দিব নেপায়, চুলি মেলি ঘূৰি ফুৰিব নেপায়, সন্ধ্যা সময়ত বাহিৰত থাকিব নেপায়, য’তে ত’তে হাত ভৰি মেলি বহিব নেপায়, যাৰে তাৰে লগত মুখ বজাব নেপায়, মাহেকীয়া হ’লে বিচনাত শুব নেপায়, তিনিদিনলৈ ভাত ৰান্ধিব নেপায়, ঘৰৰ আন আচবাব পত্ৰ চুব নেপায়, সাতদিনলৈ গোসাঁই চাকি জ্বলাব নেপায়, ডাঙৰ হ’ল বুলি ল’ৰাৰ সমানে সমানে লৰা ঢপৰা কৰিব নেপায় ইত্যাদি দেধাৰ নেপায় অলংকাৰৰ দৰেই মন মগজুত ওলমি পৰে | বোৱাৰী হ’লে আকৌ আৰু একোব চাৰ | শাহু-শহুৰ-বৰজনাৰ সৈতে সমানে সমানে বহিব নেপায়, মানুহজনক নিদিয়াকৈ আগতে ভাত খাবলৈ নেপায়, গেলা গৰমতো ডাঙৰক দেখিলে মূৰত ওৰণি নোলোৱাকৈ থাকিব নেপায়, বিয়াৰ পাছত নিজৰ ইচ্ছা অনিচ্ছাক প্ৰাধান্য দিব নেপায়, শহুৰেকৰ মুখলৈ চাই কথা ক’ব নেপায়, মানুহজনক নুসুধাকৈ একো কৰিব নেপায়, মাঘৰ মাহত জীয়েক মাকৰ ঘৰলৈ যাব নেপায়…..| “নেপায়”ৰ অবাধ ৰাজত্ব |
শব্দটো হাস্যকৰ যদিও ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ সঠিক প্ৰয়োগৰ যুক্তি যুক্ততা নুই কৰিব নোৱাৰি | মোৰ মনত আছে আমি যেতিয়া বছৰৰ মুৰত ককাৰ ঘৰলৈ যাওঁ তেতিয়া দেখো পাকঘৰত বৰমাৰ বাহিৰে আন কোনো নোসোমায় | সোমাব নোৱাৰে | নেপায় হেনো | তেতিয়া লাইটৰ ব্যৱস্থা নাছিল | দিনতেই ভালকৈ পোহৰ নোহোৱা পাকঘৰটোত ৰাতি কেৰাচিনৰ চাকিটোৰ পোহৰত বৰমাই কিমান বা পৰিষ্কাৰ পৰিছন্নকৈ ৰান্ধি খুৱাইছিল এতিয়া মনত পৰিলে মোৰ অস্বস্তি লাগে | তাতে শিৱসাগৰত টিউবেলৰ পানী বেয়া | সকলো কামতে পুখুৰীৰ পানীৰ ব্যৱহাৰেই বেছি কৰিছিল | ভাত ৰন্ধা চৰু কেৰাহী কেতিয়াও বাহিৰলৈ নুলিয়াইছিল | নেপায় হেনো | লখিমী যাব |
সময় সলনি হ’ল | শিক্ষাৰ প্ৰসাৰে বিজ্ঞানৰ সা-সুবিধাবোৰে মানুহৰ ধ্যান ধাৰণাৰ বহুখিনি সাল সলনি ঘটালে | অবৈধ “নেপায়”বোৰৰ প্ৰভাৱ বহুখিনি নোহোৱা কৰিলে | আজিকালি খৰিৰ জুইৰ ঠাইত গেছৰ ব্যৱহাৰে ছোৱালী বোৱাৰীৰ গা নোধোৱাকৈ পাকঘৰত সোমাব নোৱাৰাটো পৰা কৰিলে | প্ৰেচাৰ কুকাৰৰ ব্যৱহাৰে ভাত ৰান্ধি চৰু ধুব নেপায় বোলা কথাষাৰক আঁতৰাই পঠালে | ছোৱালীবোৰেও হাজাৰ হাজাৰ টকা খৰছ কৰি পাৰ্লাৰৰ কৃপাত কেকোঁৰা চুলিও পোন কৰি মেলি থোৱাহে হ’ল (কেকোঁৰা চুলিও যে পোন কৰিব পাৰি মই কথাটো সেইদিনাহে জানিলো)| বোৱাৰীয়েও শাহু-শহুৰ বৰজনাৰ আগত ওৰণি নোলোৱাকৈ ঘূৰিব পৰা হ’ল | অতি আধুনিকা আইদেউসকলৰ কথা নকলোৱেই যেনিবা !
মই নিজে ব্যক্তিগতভাবে বৰকৈ নীতি নিয়ম নামানো | ইয়াৰ বাবে মোৰ মা দায়ী | ছোৱালী বুলি সময়-অসময় নাই, পুৱা-গধূলি নাই যেতিয়াই-তেতিয়াই ইটো নকৰিবি সিটো নকৰিবি বুলি সকীয়াই থাকোতে থাকোতে শেষত এনেকুৱা হ’ল যে মায়ে নকৰিবি বুলি কোৱাটো এবাৰ হ’লেও কৰাটো মোৰ অভ্যাস হৈ গ’ল | মাৰ যিকোনো কথাতে বিৰোধ কৰাটো মোৰ এক ধৰণৰ জেদত পৰিণত হ’ল | ইয়াৰ বিৰূপ প্ৰভাৱ মোৰ বৰ্তমান জীৱনতো পৰিছে | মই নিজে কৰিব নালাগে বুলি উপলব্ধি নকৰালৈকে আনে নেপায় বুলি কোৱা কোনো কথাই মোৰ কাণত নোসোমায় | কথাটো বেয়া বুলি জানিও এতিয়া আৰু নিজক শুধৰাব নোখোজো | মানে নোৱাৰো | তথাপিও মোৰ মতে আনৰ অপকাৰ কৰিব নেপায় | মোৰ লাভ হ’ব বুলিয়ে আনৰ অনিষ্ট হ’ব পৰা যিকোনো কাম কৰিব নেপায় | অনাহকতে আনক আঘাট দিব নেপায় | নিজক ফাঁকি দিব নেপায় | সন্মুখত অন্যায় দেখিলে মাত নমতাকৈ থাকিব নেপায় | দুৰ্নীতিক প্ৰশ্ৰয় দিব নেপায় | এই মূহুৰ্তত আৰু একো মনত নাইপৰা | কিন্তু কেতিয়াবা ময়ো এই “নেপায়”ৰ হাত সৰাৰ উপায় নেপাওঁ | যেতিয়া যুক্তি তৰ্কৰে ল’ৰা-ছোৱালী দুটাক কিবা কথা শুনাব নোৱাৰো তেতিয়া ময়ো “নেপায় দেই বাবা” , “নেপায় দেই মামনি” বুলি মোৰ কথাৰ মুখনি মাৰো | মোৰ ল’ৰাৰ মতে মই পৃথিৱীৰ বেষ্ট মা কিন্তু ভাল নহয় | কাৰণ যেতিয়াই তেতিয়াই এই “নেপায়”বোৰে তাৰ ইচ্ছাবোৰত বিধি পথালি দিয়ে | কিনো কম আৰু নেপায় নেপায় কৰি থাকোতে মানুহজনে আহি ক’লেহি “হ’ল বুলি আৰু এই কম্পিউটাৰটোতে এনেকৈ লাগি থাকিব নেপায়…..”|