নৱম খণ্ড: বলিছলন
৷৷ নৱম খণ্ড৷৷
৷৷ বলিছলন ৷৷
৷৷ প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
বোলা ৰাম ৰাম ভাৱিয়ো ৰাম ৰাম৷
পৰম মধুৰ বাণী লৈতে অনুপাম৷৷৫২৷৷
পদ৷৷
শুক মুনি বদতি শুনিয়ো পৰীক্ষিত৷
বামনৰ বাক্যে বলি সুতল পুৰীত৷৷
নিয়মিলা দানৱক বিষ্ণুধৰ্ম্ম কই৷
আপুনি থাকিলা পাছে মুখ্য গৃহ লই৷৷৬০৯৷৷
দিব্য ভোগ যতেক আপুনি লৱৈ লাগ৷
বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ৷৷
এড়িয়া বিষয় ভোগ প্ৰহাদৰ নাতি৷
সদায় থাকন্ত দিব্যসভা এক পাতি৷৷৬১০৷৷
মাধৱৰ চক্রে আসি ভৈলা সভাসদ৷
যাহাৰ ভয়ত দৈত্যগণ নিশবদ৷৷
প্ৰহাদে কহন্তে শুনি থাকে কৃষ্ণ কথা৷
দ্বাৰত আপুনি হৰি থাকন্ত সৰ্ব্বথা৷৷৬১১৷৷
শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জল৷
কমললোচন চাৰু মকৰ কুণ্ডল৷৷
কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ূৰ৷
কটিত মেখলা পাদপঙ্কজে নূপুৰ৷৷৬১২৷৷
গাৱে পীতবস্ত্ৰ যেন অগনিৰ জ্বালা৷
আপাদলম্বিত গলে জ্বলে বনমালা৷৷
প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা৷
বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্ব্বদা৷৷৬১৩৷৷
হৰি দৰশনত নিৰ্ম্মল ভৈলা মতি৷
কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি৷৷
ভৈলন্ত বিমুখ বলি বিষয় সুখত৷
সদায়ে কৃষ্ণৰ নাম নুগুচৈ মুখত৷৷৬১৪৷৷
উঠি কতো কীৰ্ত্তন কৰন্ত তাল ধৰি৷
দৈত্যগণে বেঢ়ি বাৱৈ চৌপাশে চাপৰি৷৷
প্ৰহাদে শিখান্ত গাৱৈ গোৱিন্দৰ গীত৷
পৰম আনন্দে দৈত্যপতি কৰে নৃত্য৷৷৬১৫৷৷
গোৱিন্দক দেখিয়া আনন্দে দ্ৰৱৈ চিত্ত৷
হৰিষে লোতক স্ৰৱৈ তনু লোমাঞ্চিত৷৷
হোন্ত নিশবদ গদগদ কৰৈ মাত৷
প্ৰেম ভাৱ উপজি পড়ন্ত ঢাত ঢাত৷৷৬১৬৷৷
ভকতৰ বশ্য হৰি আকলিয়া বলি৷
কতো আতি হৰিষে হাসন্ত খলখলি৷৷
কতো হুকহুক কৰি কৰন্ত ক্রন্দন৷
কতো গীত গান্ত বিৰোচনৰ নন্দন৷৷৬১৭৷৷
কতো হৰি বুলি গেৰিয়ান্ত ইন্দ্ৰসেন৷
উঠি উঠি পড়ন্ত নাচন্ত বাউল যেন৷৷
কতো মৌন হুয়া পৃথিৱীত পড়ি থাকে৷
কৰয় কীৰ্ত্তন তাক বেঢ়ি দৈত্যজাকে৷৷৬১৮৷৷
হেন ভক্তিভাৱে দৈত্যেন্দ্ৰৰ দিন যায়৷
বলি সম ভাগ্যৱন্ত ত্ৰৈলোক্যত নাই৷৷
জগতকে পৱিত্ৰ কৰন্ত দৈত্যপতি৷
হৰিয়ো বিস্ময় দেখি বলিৰ ভকতি৷৷৬১৯৷৷
অন্তৰীক্ষে মহিমা বখানে সিদ্ধ মুনি৷
হেনতো বৈষ্ণৱ কৈতো দেখি নতু শুনি৷৷
সদায় থাকন্ত দামোদৰ যাৰ কাছে৷
বলিসম ভাগ্যৱন্ত আন কোন আছে৷৷৬২০৷৷
মাধৱৰ পাৱত অৰ্পিলা আপুনাক৷
বলিসে জিনিলে ইটো দুৰ্জ্জয় মায়াক৷৷
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে৷
বোলা হৰি হৰি সৱে সভাসদগণে৷৷৬২১৷৷
৷৷ দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷ ত্ৰাহি হৰি পড়িলো পায়
উপায় পৰমানন্দ দিয়া৷
নসহে সংসাৰ তাপে আৰ মোৰ হিয়া৷৷৫৩৷৷
পদ৷৷ শুকমুনি নিগদতি শুনিয়োক কুৰুপতি
বৈষ্ণৱ বলিৰ দেখি কৰ্ম্ম৷
বড় বড় দৈত্যগণ কৰৈ হেন আলোচন
কিনো বিপৰীত ভৈল ধৰ্ম্ম৷৷
ইটো মূৰ্খ দৈত্যৰাজ এড়িলেক ৰাজকাজ
শত্ৰুৰ সদায় লৱৈ নাম৷
আন নাহি হৰি বিনে নাচৈ গাৱৈ ৰাত্ৰি দিনে
কৰৈ কিনো গৰিহিত কাম৷৷৬২২৷৷
ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি
জানা আক পাইলেক বিবুদ্ধি৷
হৰি বুলি মৰৈ মাত্ৰ নভৈল একোৰে পাত্ৰ
যেন ভৈল শোৱৰ আষুধি৷৷
আটাসতে গল ফাড়ৈ যেন কাণে সূচি তাড়ৈ
সৰ্ব্বদায়ে শুনে হৰি কথা৷
কিবা কদৰ্থনা চাঞো আসা উঠি ঘৰে যাঞো
হৰিনাম নুশুনোহো যথা৷৷৬২৩৷৷
কুলধৰ্ম্মে ভৈল হীন হেন বাতুলৰ চিহ্ন
আহান সেৱাত নাহি ফল৷
হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি
কতো কতো দানৱ নিষ্খল৷৷
শ্ৰৱণে আনন্দ কৰৈ কীৰ্ত্তনে পাতক হৰৈ
হৰিনাম মুকুতিদায়ক৷
পাতকে শুনিবে নেদৈ যেন কিলাই কোবাই খেদৈ
দুষ্ট শঠ অধৰ্ম্মী জনক৷৷৬২৪৷৷
পৰম মঙ্গল ৰাম নাম ইটো অনুপাম
বৈষ্ণৱৰ যাক শুনি তুষ্টি৷
দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে
উচপিচ কৰি গৈল উঠি৷৷
বলিৰ নুশুনৈ হাক দানৱৰ বিচেষ্টাক
মাধৱৰ চক্রে দেখি আছে৷
জ্বলৈ যেন সূৰ্য্য কোটি বিম্বাদ শবদে উঠি
ক্রোধে খেদি গৈলা পাছে পাছে৷৷৬২৫৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়োক সৰ্ব্বজনে
স্থিৰ বুদ্ধি কৰি গুণা মনে৷
আজি কালি কৰি দিন গৈল আয়ু ভৈল ক্ষীণ
যাইবে লাগে যমৰ কৰণে৷৷
যতেক সংসাৰ নয় সৱে স্বপ্ন মায়াময়
অন্তকে কেশত আছে ধৰি৷
ভাৰতত জন্ম পাই বিলম্বক নুযুৱাই
সদায় ঘুষিয়ো হৰি হৰি৷৷৬২৬৷৷
৷৷ তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷ ও হৰি দেহু দৰিশন শিৱ সনাতন
তোহ্মাৰ চৰণে ধৰো৷
তুৱা গুণনাম ছাড়ি আন কাম
কৰিয়া মিছাতে মৰো৷৷৫৪৷৷
পদ৷৷ দৈত্যৰ পুৰীত পশিল ত্বৰিত
বাঘে যেন ধৰে খেদি৷
যত দ্ৰোহিয়াৰ ৰক্ষা নাহি তাৰ
পেহ্লাৱৈ মাথাক ছেদি৷
কাৰো নাক কাণ কৰে খান খান
কাৰো কঙ্কালক কাটে৷
হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গী
পড়ি গড়াগড়ি বাটে৷৷৬২৭৷৷
কাৰো জিহ্বা আনি কাটে টানি টানি
ধৰি দুই চক্ষু কাঢ়ে৷
কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰে
দৈত্যৰ লাগ নছাড়ে৷
কাৰো বুকু ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱৈ গৃধ্ৰ শৃগাল৷
অধৰ্ম্মে গ্ৰাসিল ক্ষণেকে নাশিল
দৈত্য ভৈল বুন্দামাল৷৷৬২৮৷৷
বিষ্ণুৰ চক্রৰ নভৈল ভাগৰ
হস্তী যেন মাৰৈ মাখি৷
পুত্ৰ ভাৰ্য্যা এৰি মৰো জীঞো কৰি
কতো পলায় প্ৰাণ ৰাখি৷৷
ই তিনি লোকত ভ্ৰময় ভয়ত
চক্রো পাছে পাছে ফুৰৈ৷
হেৰ পাইলে বুলি মৰয় সমূলি
দানৱে দান্ত নুঘূৰৈ৷৷৬২৯৷৷
ব্ৰহ্মাক লাগিল শৰণ মাগিল
হাতে দান্তে খেৰ তুলি৷
চক্রক ডৰাই কেহো নেদে ঠাই
বলিৰ দ্ৰোহিয়া বুলি৷৷
বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
কহিতো নাপাইল খুজি৷
বলিৰ চৰণে পশিল শৰণে
দুনাই সৱে মান্য বুজি৷৷৬৩০৷৷
ভণিল শঙ্কৰে শুনা সৱ নৰে
যতেক বিষয় ভোগ৷
পুত্ৰ দাৰা ধন শৰীৰ স্বজন
সৱাৰ আছে বিয়োগ৷৷
তাৰ চিন্তা এড়ি চিন্তিয়োক হৰি
অন্তকে পাইলেক পৰা৷
এড়ি আন কাম বোলা ৰাম ৰাম
সুখে ভৱনদী তৰা৷৷৬৩১৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷ গৰুড়কেতু ত্ৰাণহেতু ৰাম তুমি নাৰায়ণ৷
জানি লৈলো তোমাত শৰণ৷৷৫৫৷৷
পদ৷৷ এহিমতে চক্রে ধৰি কাটি মাৰি বশ্য কৰি
কতো দানৱক দিলে আনি৷
দৈত্যগণো ত্ৰাস হুয়া কাণ-মুণ্ড নলাড়িয়া
থাকিল বলিৰ বাক্য মানি৷৷
কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি প্ৰতি
শুনিয়োক সমস্ত দানৱ৷
যিটো হৰিকথা কৱৈ হৰিনাম সদা লৱৈ
সিসে মোৰ পৰম বান্ধৱ৷৷৬৩২৷৷
কৰযোৰে বোলো হেৰা অসুৰ স্বভাৱ এৰা
হৰি ভকতিত দিয়া চিত্ত৷
মুখে হৰিনাম স্মৰৈ হৃদয়ত ৰূপ ধৰৈ
তাহাৰ ভৃত্যৰো মঞি ভৃত্য৷৷
শুনিয়োক জ্ঞাতিলোক সৱে কৃপা কৰা মোক
হৰি স্মৰি হুয়ো পৰিত্ৰাণ৷
নুহি তেৱে পাইবা ফল এহি বুলি মহাবল
ভকতৰ পাতিলা দেৱান৷৷৬৩৩৷৷
কোনে হৰিকথা কৱৈ কোনে কৈত নাম লৱৈ
নিতে কৰৈ ওৱাচিল বাঙ্কী৷
যাহাৰ নুপজে ভাৱ তাহাৰ জীৱন নাৱ
চেঙ্গি দিয়া মাৰৈ প্ৰাণ টাঙ্কি৷৷
ফুৰৈ পাইক ঘৰে ঘৰে সবংশকে বেঢ়ি ধৰে
যাহাৰা নলৱৈ হৰিনাম৷
সৰ্ব্বস্ব আগ্ৰহি লৱৈ জীয়ে মানে সাঞ্চ থৱৈ
গলাত লগাৱৈ বৰ চাম৷৷৬৩৪৷৷
কীৰ্ত্তনত চিত্ত নেদি গ্ৰাম্যকথা কৱৈ যদি
তাহাৰ কাণত সূচি তাড়ৈ৷
হৰি ভকতিক এড়ি হাসৈ উপহাস্য কৰি
চৱৰতে তাৰো গাল ফাড়ৈ৷৷
সুমৰিবে নাহি ইছা ডৰতে ভটকে মিছা
জানি তাৰ জিহ্বা বিন্ধৈ টানি৷
যিবা থাকৈ মৌন হুই তাৰ গলে দেই জুই
কেনে নোবোলস হৰি বাণী৷৷৬৩৫৷৷
অৱসৰ নাই ৰাতি প্ৰতি ঘৰে ঘৰে মাতি
ফুৰৈ কটোৱাল বাটে ঘাটে৷
কটকে বজাৱৈ ভেৰী জাগ জাগ নিদ্ৰা এড়ি
হৰি বোল হৰি বোল ঝাণ্টে৷৷
ৰাজাৰ দণ্ডিত থাকি সুতলপুৰীক ঢাকি
নিৰন্তৰে কৰৈ হৰি ঘোষ৷
আন গৃহকৃত্য এৰি হৰি বুলি পাৰৈ গেড়ি
শুনি মিলৈ বলিৰ সন্তোষ৷৷৬৩৬৷৷
৷৷পঞ্চম কীৰ্ত্তন৷৷
ঘোষা৷৷ হৰিৰাম হৰিৰাম ঘোষিও ভাই
সংসাৰ সাগৰে তৰ৷
ৰামপাৱনাৱ কাছতে আছয়
মিছাতে ডুবিয়া মৰ৷৷৫৬৷৷
পদ৷৷ এহিমতে তৈত আছে যত দৈত্য
এড়িল আন আলাপ৷
কৰৈ হৰিধ্বনি হৰিকথা শুনি
শৰীৰ ভৈল নিষ্পাপ৷৷
কৃষ্ণৰ চৰণ সেৱৈ অনুক্ষণ
অক্ষয় পুণ্যক সাঞ্চৈ৷৷
বলিৰ প্ৰসাদে অতি অপ্ৰমাদে
সুতলপুৰীত বঞ্চৈ৷৷৬৩৭৷৷
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম৷
শয়নে ভোজনে সচিতে সপোনে
নেড়িলা হৰিৰ নাম৷৷
সুদৃঢ় ভকতি ভাৱে দৈত্যপতি
কৰিলা কৰ্ম্ম নিৰ্মূল৷
সংসাৰক তৰি পুৰুষ উদ্ধাৰি
নিস্তাৰিলা দৈত্যকুল৷৷৬৩৮৷৷
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰতৰ৷
যাৰ যশোৰাশি থাকিল প্ৰকাশি
যাৱে চন্দ্ৰ দিৱাকৰ৷৷
শুক নিগদতি কহিলো সম্প্ৰতি
বলিৰ চৰিত্ৰ যত৷
যিবা শুনৈ পঢ়ৈ তাকো পাপে এড়ৈ
সুখে তৰৈ সংসাৰত৷৷৬৩৯৷৷
নমো নাৰায়ণ জগত কাৰণ
খণ্ডিয়ো সংসাৰ ভয়৷
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত পদচয়৷৷
শুনা বুধলোক ক্ষমিয়োক মোক
পদত দূষণ দেখি৷
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূৰ্খৰ দোষ নেলেখি৷৷৬৪০৷৷
মোৰ পদ বুলি নেৰিবা সমূলি
বিচাৰি দেখিবা পাছে৷
মোক্ষৰ নিদান অমৃত সমান
কৃষ্ণকথা আতে আছে৷৷
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়ো সন্তোষ৷
আন কাম এৰি সমজ্যায়ে বেঢ়ি
কৰিয়োক হৰি ঘোষ৷৷৬৪১৷৷
৷৷বলিছলন সমাপ্ত৷৷৯৷৷