পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব ( -সঞ্জয় ৰবিদাস)

পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব
……………………………
-সঞ্জয় ৰবিদাস৷money

পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব
সেইদিনা মানৱতাই মূৰ দাঙি উঠিব
নাথাকিব ধনী, নাথাকিব দুখীয়া
নহ’ব লুভী কোনো মন্ত্ৰী, নহ’ব লুভী কোনো বিষয়া
পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব
দামী আহাৰ বুলি একো নাথাকিব
নাথাকিব দামী কোনো গাড়ী, কোনো শাড়ী
নাথাকিব তেতিয়া কোনো দামী ঘৰ
সকলোৱেই গাড়ীত উঠিব পাৰিব, হোটেলবোৰত সোমাব পাৰিব
পিন্ধিব পাৰিব ইচ্ছাৰ পোছাকযোৰ
পানী-পোতা ঘৰত তেতিয়া কোনেও নাথাকিব
পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব
মানুহৰ প্ৰতি মানুহৰ সন্মান বাঢ়িব
তেতিয়া যে উচ্চ-নীচ একো নাথাকিব
মানুহ হ’ব আদৰ্শৰ পূজাৰী, ধাৰক আৰু বাহক
পইচাবোৰ যেতিয়া এদিন মূল্যহীন হ’ব
পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব
সকলোৱেই তেতিয়া কাম কৰিব
অন্ততঃ শ্ৰমৰ মূল্য নুবুজা কিছুমানে বুজি পোৱা হ’ব
আটাইবোৰ মানুহ হৈ পৰিব ’মানুহ’
মানৱতা প্ৰতিনিয়ত তেজত দৌৰিব
পইচাবোৰ এদিন যেতিয়া মূল্যহীন হ’ব …….
****

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!