পাইন (- ড° বিক্ৰম বৰকটকী )

( য়েছে দৰজে ঠংচিৰ হাতত…)
পাহাৰৰ বুকুৰ পাইন বোৰৰপৰা টোপ টোপ কৈ নিয়ৰ সৰিছে
ঙাছি, ঙৰাং, লেংথাং,থাংগামহঁতে দূৰণিৰ পঢ়াশালিলৈ বাট বুলিছে
পাহাৰ শিখৰত এমুঠি নতুন পাইন পুলি গজিছে
সিহঁত আকাশৰ সমান ওখ হ’ব খোজে
শিপাবোৰ সিহঁতৰ শিপাব খোজে
গভীৰৰপৰা গভীৰতৰলৈ পৃথিৱীৰ বুকু ভেদি
আৰু যদি সিহঁত ওখ হ’ব নোৱাৰে
সিহঁত এডৰা ভাল ঘাঁহনি হ’ব
শিপাবোৰে সিহঁতৰ খামুচি ধৰিব পাহাৰৰ চপল মাটি
টং টং কৈ সৌৱা ঘন্টা বাজিল
লেংথাংহঁতৰ খোজৰ গতি খৰ হ’ল
আজি হেড চাৰে নেওতা পঢ়াব….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!