পাকলগা সন্ধিয়াটোৱে কি কলে – (জ্যোতিময় দত্ত)

-জ্যোতিময় দত্ত
 
পাকলগা সন্ধিয়াটোৱে কি কলে

বালিত ঠুট গুজি মৰা শামুক বিচাৰি ফুৰা
বালিমাহীজনীক পাকলগা সন্ধিয়াটোৱে কি ক’লে
কি ক’লে কপি-কপি থৰ হ’ব নোখোজা বুকুখনক
ডবাৰ মাতটোৱে ভুকুৱাই ভুকুৱাই
 
কি সপোন দেখিলে বুঢ়া আহতৰ তলত
পৰি থকা শ-টোৰ মেলা চকুৱে
ৰৈ গ’ল নৈ-সোতে কটা পানীৰ কলৰৱ
 
কি খবৰটো লৈ আহিল নভবা দিনবোৰে
মোৰ কাঁচোনমতি গাওখনলৈ
ৰ’ লাগি চালেনে ন-জোনে কপি থকা পানীত মুখ
মুঠি মুঠি জোনাকীয়ে পোহৰ কৰিলেনে
আইতাৰ সাধু শুনা চোতাল
 
কি উৰি গ’ল বাহনিডৰাৰপৰা
বতাহ কোবাই কোবাই
 
এই যে
এন্ধাৰ জয়ালতাত স্বপ্নহাৰা কলিজাৰ এফাল ছিঙি নিলে
হুদুজনীৰ নিও-নিও মাতে
(বিষন্ন সন্ধিয়াত মোৰ চকুৰ আগেৰে অৰণ্যগামী তেজাল শ-বোৰ যেতিয়া পাৰ হৈ যায় চিতাত উঠি..)
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!