পাহৰিব নোৱাৰা সোৱাদবোৰ —ডঃ মনোজ কুমাৰ ডেকা

(এক)

গুৱাহাটী বিশ্ববিদ্যালয়ত এখন চায়েন্স কেণ্টিন আছিল – কৃষ্ণকান্ত সন্দিকৈ লাইব্ৰেৰী আৰু জুল’জী-বায়’টেক ডিপাৰ্টমেণ্টৰ মাজত৷ হয়তো এতিয়াও আছে কেণ্টিনখন৷

আমাৰ সময়ত কেণ্টিনখন বৰ বেচি এটা চাফ-চিকুণ নাছিল৷ চলিযোৱা বিধৰ আছিল, আৰু পাকঘৰটো লেতেৰাই আছিল – ভিতৰলৈ সোমাই গ’লে খাবলৈ ইচ্ছা নোযোৱা ধৰণৰ লেতেৰা৷

মই কিন্তু প্ৰায়ে গৈছিলো৷ বিশেষকৈ পি এইচ ডি কৰি থকা সময়খিনিত৷ খাইছিলো পৰঠা৷ মোৰ কিন্তু পৰঠাটো খোৱা উদ্দেশ্য নাছিল, উদ্দেশ্য আছিল পৰঠাটোৰ লগত দিয়া দাইল বটা৷ খুজি খুজি লৈছিলো বটাখিনি৷ সদায়ে অধিক খুজিব বেয়া লগা বাবে দুটা পৰঠা লৈ দ্বিতীয়খনৰ আধা নোখোৱাকৈ এৰিছিলো কেতিয়াবা – কিন্তু দাইল বটাকনৰ শেষকনকো আঙুলিৰে তুলি আনিছিলো মুখলৈ বুলি৷

সেই দাইল বটাকনৰ কথা এতিয়া প্ৰায় দহ বছৰ পিছতো মোৰ মনত পৰে৷

সেই সোৱাদ পাহৰিব নোৱাৰা – সেই সোৱাদৰ লগত পেটলৈ গৈছিল অনিশ্চিত ভৱিষ্যতৰ চিন্তা, গেষ্ট-ফেকাল্টিৰ অনিশ্চয়তাৰ দুৰ্ভাৱনা, ৰিচাৰ্চৰ বুজা-নুবুজা কনচেপ্ট, আৰু ব্যক্তিগত জীৱনৰ সপোন হেৰুৱাৰ যন্ত্ৰণা ……

দাইল বটা পাতত ল’লে এতিয়াও মোৰ কিবাকিবা লাগে- ভাললগা আৰু ভয়লগা অনুভৱ! চিৰদিনলৈ হেৰুৱাই পেলোৱাৰ অনুভৱ!

(দুই)

কৰ্মসূত্ৰে এতিয়া গুৱাহাটীৰ বাহিৰত থাকোঁ৷ আৰু গুৱাহাটীলৈ গ’লে আমবাৰীলৈ নোযোৱাকৈ থাকিব নোৱাৰো৷

কি আছে আমবাৰীত?

আমবাৰীত “ম’ম’ ঘৰ“ আছে৷ ’৯৮ চনৰ পৰা তাত ম’ম’ খাইছো৷ ওঠৰ টকা আছিল এক প্লেটত৷ পাঁচটা ডাঙৰ ডাঙৰ পিচ৷ আমি বিশ টকাৰ খাইছিলো, ওঠৰ টকাৰ এক প্লেট খাই দুই টকাত এটা এক্সট্ৰা পিচ৷ কেতিয়াবা মাহটোৰ প্ৰথম ভাগত ম’ম’ খাব গ’লে দুই প্লেট খাইছিলোঁ৷ কিন্তু সেয়া কাচিৎহে হৈছিল৷

একেলগে তিনি প্লেট ম’ম’ খোৱাৰ এটা সপোন আছিল তেতিয়া৷ বিৰাট ডাঙৰ সপোন৷

তেতিয়া পুৰাব নোৱাৰিলো – পইচাৰ অভাৱত৷
এতিয়া পুৰাব নোৱাৰো – অসুখৰ ভয়ত৷

সেই একেই আকৃতিৰ৷ একেই সোৱাদ পাওঁ, এতিয়াওঁ৷ …… সেই সোৱাদত এতিয়াও পাওঁ মেট্ৰিক পাছ কৰি চহৰ পোৱা জকাইচুকীয়া গাঁৱৰ ল’ৰা এটাৰ ভয় ভয় মন, কটন কটন এটা গোন্ধ, “কাৰোবাৰ লগত পঢ়িম বুলি ভাবিও পঢ়িব নোৱাৰাৰ, লগ পাম বুলিও লগ নোপোৱাৰ“ পোন্ধৰ বছৰীয়া মন এটাৰ অসহায় চটফট চটফট যন্ত্ৰণা ………

 (তিনি)

ক্লাছ নাইন আৰু টেনত, গৰমৰ বন্ধত ৰাতিপুৱা পাঁচটাতে ওলাই গৈছিলো টিউচন শিকিবলৈ, প্ৰায় দহ কিলোমিটাৰ চাইকেল চলাই৷

উভতি ঘৰ পাওঁতে ৰাতিপুৱা ৯: ৩০ মান বাজি গৈছিল৷ চাইকেলখন থৈ প্ৰথমে নিজৰ পঢ়াৰ টেবুলৰ ওচৰত থিয় হৈ সিদিনা শিকি অহা কথাবোৰ এবাৰ আওঁৰাই লওঁ ঘৰ্মাক্ত দেহাৰেই৷ তাৰিপছত কাপোৰ সলাই হাত-মুখ ধুই ডাইনিং টেবুল পাওঁমানে মা’য়ে সজাই দিয়ে ডাঙৰ কাঁহৰ কাঁহীত একাঁহী উপচি পৰাকৈ পঁইতা ভাত, এটা কেঁচা পিয়াজ, দুটামান কেঁচা জলকীয়া আৰু হয় আমলেট এটা নতুবা আলু ভাজি৷

খোৱাৰ পৰা যেতিয়া মুৰ তোলো তেতিয়া প্ৰায়ে দেখো মা’ৰ সন্তুষ্টিভৰা মুখ আৰু এখন প্ৰকাণ্ড খালী কাঁহী যিখন অকণমান আগলৈকে ভাত আৰু অন্যান্যৰে গৰ্ভৱতী হৈ আছিল৷

গধুৰ পেটটো লৈ পঢ়াৰ টেবুললৈ ঘূৰি অহাৰ অলপ সময় পিছত অহা টোপনি টোপনি ভাবটোৰ মধুৰতাকণ আজিও পাহৰিব পৰা নাই৷

পাহৰিব পৰা নাই সেই পঁইতা ভাতকণ খাই থাকোঁতেও মেট্ৰিকত ভাল ৰিজাল্ট এটা কৰিবলৈ মনত কিহবাই খুন্দুৱাই থকাৰ কথা৷ মোক এনেকুৱা এটা ৰিজাল্ট লাগিছিল যিটো ৰিজাল্ট লৈ মই সেইখন কলেজলৈ যাব পাৰো যিখনলৈ গ’লে মোৰ শৈশৱৰ সপোনটোৱে পাখি মেলিব পাৰে৷

…… পাখি নেমেলা সেই সপোনটো মৰহিও নগ’ল৷ বুকুতে ৰৈ গ’ল মাথোঁন গোপনে!

(চাৰি)

এসাঁজ ভাত খাইছিলো৷ সপোনৰ ভাত৷ সকলো উপকৰণেৰে৷

…… সেই ভাতসাঁজ মা’ৰ হাতৰ ভাতসাঁজৰ দৰেই আছিল – মমতাৰে ভৰা!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!